নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম কাৰ্বি আংলঙৰ মেঘালয় সীমান্তত পুনৰ দুষ্কৃতিকাৰীৰ অগ্নি সংযোগঃ নিশা কাৰ্ফিউ বলৱৎ কৰাৰ দাবী সীমান্তবাসীৰ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ পশ্চিম কাৰ্বি আংলং জিলা আৰু মেঘালয় সীমান্তত অসমীয়া জনবসতি এলেকাত একাংশ দুষ্কৃতিকাৰীৰ তাণ্ডৱ অব্যাহত থকা কাৰ্যই চিন্তিত কৰি তুলিছে সীমান্তৰ ৰাইজক । যোৱা এক এপ্ৰিলত একাংশ খাচী দুৰ্বৃত্তই অসমৰ ভূমিত থকা এখন গেলামাল দোকানৰ স্বত্বাধিকাৰীক আক্ৰমণ কৰি আহত কৰাৰ পিছত পুনৰ মঙ্গলবাৰে নিশা দুষ্কৃতিকাৰীয়ে শ্বিলঙৰ পৰা উমলাফেৰলৈ আহি থকা এখন এল্টʼ বাহনত আক্ৰমণ চলাই দুজন অসমীয়া যুৱকক আহত কৰাৰ এদিন পাৰ নৌহওঁতেই পুনৰ মঙলবাৰে নিশা সীমান্তৰ হাবাং অঞ্চলৰ লক্ষ্মণ থাপা নামৰ ব্যক্তিজনৰ বাসগৃহৰ লগতে পশুধন থকা গোহালিত কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নি সংযোগ কৰে । উক্ত অগ্নিকাণ্ডৰ ফলত পশুধন থকা গোহালিটো ক্ষতিগ্ৰস্ত হয় যদিও স্থানীয় ৰাইজৰ তৎপৰতাত বাসগৃৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । ইপিনে উক্ত ঘটনাৰ বিষয়ে স্থানীয় ৰাইজে আৰক্ষীক জনোৱাৰ পিছত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলং জিলাৰ মেঘালয় সীমান্তৰ উমলাফেৰ, জাটালুং,হাবাং আদি অঞ্চলত বিগত কিছুদিনৰ পৰা সীমা সমস্যাক লৈ বিক্ষিপ্ত ঘটনা সংঘটিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে সীমান্ত অঞ্চলত নিশাৰ ভাগত কাৰ্ফিউ বলৱৎ কৰাৰ বাবে প্ৰশাসনক আহ্বান জনাইছে ।
প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like