নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত জয়ন্ত বৰা হত্যাকাণ্ডৰ তদন্তৰ অগ্ৰগতি ৰাজহুৱা কৰাৰ দাবীত সংবাদমেল

  • হত্যাকাণ্ডৰ ২৪ দিনৰ পিছতো দাখিল নহ’ল প্ৰতিবেদন
  • ন্যায়ৰ অপেক্ষাত থকা মাতৃ লীলা বৰাই উচুপি কৈ উঠিল – “দোষীক ৰক্ষণাবেক্ষন দিলে নহ’ব, মোক মোৰ পুত্ৰৰ ন্যায় লাগিব”

নিয়মীয়া বাৰ্তা, ৮ জুলাইঃ যোৱা ১৫ জুনত ভাৰতীয় সেনা বাহিনীৰ চৰাইদেউ ফিল্ড ৰেজিমেণ্টৰ এটা দল আৰু অসম আৰক্ষীৰ এটা দলৰ দ্বাৰা তিতাবৰৰ সীমান্তৱৰ্তী বালিজান ১৫ নং ব্লকৰ ২৫ বছৰীয়া যুৱক জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ তদন্ত লেহেমীয়া হোৱাৰ লগতে ২৪ দিন পাৰ হৈ যোৱাৰ পিছতো তদন্ত প্ৰতিবেদন দাখিল নকৰি দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলি আজি বৰহোলাত জয়ন্ত বৰা হত্যাকাণ্ডৰ ন্যায় দাবী সমিতিয়ে এক সংবাদমেল সম্বোধন কৰে।

বৰহোলাৰ কলাকুঞ্জ ভৱনত অনুষ্ঠিত কৰা সংবাদমেলখনৰ আঁত ধৰি যোৰহাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা প্ৰমোদ গগৈয়ে কয় যে বিজেপি চৰকাৰে অসমত গুপ্তহত্যাৰ আৰম্ভনি কৰিছে। হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্তৰ চৰকাৰৰ দৰে সৰ্বানন্দ সোনোৱালে অসমত অসমীয়া ডেকাৰ কন্ঠৰোধ কৰাৰ ষড়যন্ত্ৰ কৰিছে। তদুপৰি সৰ্বানন্দ সোণোৱাল গৃহ বিভাগৰ নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ৰাজ্যত বৰ্তমান জে’ল দি, গুলি কৰি মুখ বন্ধ কৰাৰ এক প্ৰক্ৰিয়া চলিছে আৰু চৰকাৰৰ ইয়াত প্ৰত্যক্ষ নিৰ্দেশ আছে। জয়ন্ত বৰা হত্যাকাণ্ডৰ তদন্তৰ নামতো বৰ্তমান ভেকোভাওনা হোৱাৰহে সন্দেহ হৈছে।

জয়ন্ত বৰা হত্যাৰ ন্যায় বিচাৰি স্থানীয় ৰাইজ আৰু দল সংগঠনৰ উদ্যোগত গঠন হোৱা ন্যায় দাবী সমিতিৰ আহ্বায়ক মণ্ডলীয়ে অতি ক্ষোভেৰে কয় যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা, ৰাজ্যিক মন্ত্ৰী যোগেন মহন, সাংসদ তপন গগৈয়ে ৰাইজক দিয়া লিখিত প্ৰতিশ্ৰুতি ৭ দিন বাদেই ২৪ দিন অতিক্ৰম কৰাৰ পিছতো আজিও জয়ন্ত বৰা হত্যাকাণ্ডৰ তদন্তৰ সন্দৰ্ভত ৰাইজে কোনো কথা জানিবলৈ সক্ষম হোৱা নাই। পৰিতাপৰ বিষয় যে শেহতীয়াকৈ জয়ন্তৰ পৰিয়ালৰ ব্যক্তিক প’ষ্টমৰ্টেম ৰিপৰ্ট সংগ্ৰহৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিছত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ যাওঁতে অপদস্থ কৰি প’ষ্টমৰ্টেম ৰিপৰ্ট ৩ মাহ পিছত নিবলৈ আহিবলৈ কোৱাৰ লগতে ডাক্তৰে এতিয়া দিব নোৱাৰে বুলি জনোৱাৰ অভিযোগ উঠিছে।

ন্যায় দাবী সমিতিয়ে চৰকাৰ তথা প্ৰশাসনক প্ৰশ্ন কৰে যে জয়ন্তৰ পোষ্টমৰ্টেম ৰিপৰ্ট পৰিয়ালক দিব নোখোজাৰ কাৰণ কি ! প’ষ্টমৰ্টেম ৰিপৰ্ট সালসলনি কৰা তথা অভিযুক্ত সেনা আৰক্ষীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে পৰিয়ালক প্ৰদান নকৰাৰ সন্দেহ অধিক ঘনীভূত হৈছে । উচ্চপদস্থ আৰক্ষী বিষয়াৰ নেতৃত্বত প’ষ্টমৰ্টেম ৰিপৰ্টক গাপ দিয়া তথা ভুৱা ৰিপৰ্ট প্ৰস্তুতৰ কাৰচাজিৰ সন্দেহ ব্যক্ত কৰে আহ্বায়কমণ্ডলীয়ে । আজিৰ সংবাদমেলত জয়ন্ত বৰা হত্যাকাণ্ড ন্যায় দাবী সমন্বয় সমিতিৰ আহ্বায়ক তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, কৃষক মুক্তিৰ প্ৰমোদ গগৈ, ৰাজীৱ চুতীয়া আৰু নিতুল শইকীয়া, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিজু শইকীয়া, আহ্বায়ক নৰেন বৰা, চুতীয়া ছাত্ৰ সন্থাৰ অংশুমান শইকীয়া, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰাঞ্জল কিশোৰ বৰা, ছাত্ৰ মুক্তিৰ সুপ্ৰতিম ৰাজখোৱা, অংকুৰ সোণোৱাল আৰু সুৰজ প্ৰতিম গগৈ উপস্থিত থাকে। উক্ত সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে, বৰ্তমান অসমত এনেকুৱা এটা পৰিবেশ সৃষ্টি কৰা হৈছে যে যিয়ে চৰকাৰৰ অন্যায়ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাব তেওঁকে জে’লত ভৰাই থব। জয়ন্ত বৰাৰ ক্ষেত্ৰতটো ৰাইজক ভয় খোৱাই প্ৰতিবাদৰ পৰাই আতঁৰাই ৰাখিব খুজিছে। যাৰ কাৰণে চৰকাৰে দায়িত্ব অৰ্পণ কৰা ললিত গগৈ তদন্ত সমিতিৰ অগ্ৰগতি সমন্ধে ৰাইজ অৱগত নহয়। চৰকাৰী কেবিনেট মন্ত্ৰীয়ে সাত দিনৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ পিছতে বৰ্তমান ৰাইজৰ বিশ্বাস আৰু আস্থা নাইকিয়া হৈছে। আজি পৰ্যন্ত হত্যাৰ গোচৰত অভিযুক্তক কিয় গ্ৰেপ্তাৰ কৰা নহল, কিয় তথ্য প্ৰমাণ, সাক্ষী নষ্ট কৰাৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব থকা দোষী এছ ডিপিঅ অমৃত কুমাৰ হোজাই, অ’চি মিন্টু কুমাৰ সন্দিকৈ, সেনা বিষয়া শচীন সিনহাক গ্ৰেপ্তাৰ কৰা নাই ! তদুপৰি বিদ্যুৎ শইকীয়াই অনতিপলমে জিলা ন্যায়াধীশৰ নেতৃত্বত এক ন্যায়িক তদন্ত সমিতি গঠনৰ দাবী জনায়। ন্যায়িক তদন্তৰ সমান্তৰালভাৱে সমগ্ৰ ঘটনাটোক চিবিআইৰ তদন্তৰ দাবী জনায়। এই সংবাদ মেলতে বিদ্যুৎ শইকীয়াই প্ৰশ্ন কৰে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি আৰক্ষী, সেনাৰ হাতত মানুহ নিহত হলে নিজাকৈ দিব লগা বিভাগীয় এজাহাৰ দিয়া হৈছিল নে নাই। যদি হৈছিল সেই ৰাইজক সম্পৰ্কে অৱগত কৰিব লাগে। চৰকাৰে কেৱল জয়ন্ত বৰাৰ হত্যাৰ ক্ষতিপূৰণ দিয়েই দায়িত্ব সামৰিব নোৱাৰিব। ন্যায় নোপোৱা পৰ্যন্ত বৰহোলাৰ সকলো দল সংগঠন জয়ন্তৰ মাতৃৰ সৈতে আছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জয়ন্ত বৰাৰ এই হত্যাক সৰ্বানন্দ সোণোৱাল চৰকাৰৰ গুপ্তহত্যা বুলি অভিযোগ উত্থাপিত কৰে। কাৰণ ৰাজ্যৰ আৰক্ষী বিভাগ খোদ সৰ্বানন্দ সোণোৱালৰ হাতত আছে। এই সংবাদমেলত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰহোলা আঞ্চলিকৰ সম্পাদক বিজু শইকীয়াই কয় যে সেনা আৰক্ষীৰ হাতত থকা জয়ন্তৰ মোবাইল ফোন ঘূৰাই আনি তদন্ত কৰিব লাগে আৰু জড়িত থকাৰ সন্দেহ কৰা ব্যক্তিক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে।

ৰাইজ তথা দল সংগঠন নিজাকৈ তদন্তকাৰী বিষয়া আৰু মানৱ অধিকাৰ আয়োগৰ ওচৰলৈ গৈছে যদিও বৰ্তমানেও সঠিক তদন্তৰ বাবে চৰকাৰ প্ৰশাসনৰ সদিচ্ছাৰ অভাৱ পৰিলক্ষিত হৈছে। চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিনিধি অংশুমান শইকীয়াই কয় যে জয়ন্ত বৰা হত্যাকাণ্ড ন্যায় দাবী সমন্বয় সমিতিয়ে অতি শীঘ্ৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সূচনা কৰিব। জয়ন্ত হত্যাৰ ন্যায় দাবী সমিতিয়ে কোনো কাৰণতে আপোচ নকৰে। লগতে অংশুমান শইকীয়াই তদন্তক গাপ দিবলৈ চেষ্টা কৰা সকলো পক্ষকে সকীয়নী প্ৰদান কৰি কয় যে প’ষ্টমৰ্টেম ৰিপৰ্ট অথবা তদন্তৰ প্ৰতিবেদন যদি সেনা আৰক্ষীৰ স্বাৰ্থত হয় আৰু ভেকোভাওনাত প্ৰমাণিত হয় তেন্তে বৰহোলাৰ ৰাইজ ক্ষান্ত হৈ নাথাকে। অচিৰেই ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিব। ন্যায় দাবী সমন্বয় সমিতিৰ অন্যতম আহ্বায়ক নৰেন বৰা কয় যে ৰাইজে প্ৰথমৰ পৰা দাবী উত্থাপন কৰাৰ পিছতো মুখ্যমন্ত্ৰীয়ে কিয় চিবিআইৰ তদন্ত দিয়া নাই। আচলতে অসমৰ গৃহ বিভাগে অসম অসমীয়া তেজাল ডেকাৰ নৃশংস হত্যাৰ প্ৰকৃত বিচাৰ নকৰি কাক ৰক্ষণাবেক্ষণ দিব খুজিছে ? বৰহোলাৰ ৰাইজে কোনো কাৰণতে জয়ন্ত হত্যাকাৰীৰ শাস্তি নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত ৰাখিব। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰাঞ্জল কিশোৰ বৰাই অসমলৈ ক’লা দিন নমাই অনা এই চৰকাৰৰ খনৰ ভূমিকাক সমালোচনা কৰে আৰু কেৱল আৰ্থিক ক্ষতিপূৰণ দি জয়ন্তৰ ন্যায়ৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাত ক্ষোভ প্ৰকাশ কৰে। ছাত্ৰ মুক্তি যোৰহাট জিলাৰ অংকুৰ সোণোৱালে কয় জয়ন্ত হত্যাৰ উচিত বিচৰাৰ দাবীত প্ৰয়োজন হলে উচ্চতম ন্যায়ালয়লৈ যোৱা হব তথাপিও সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অপপ্ৰয়োগৰ জৰিয়তে সম্ভবনাপূৰ্ণ অসমীয়া যুৱকৰ হত্যাকাণ্ডক পাহৰি যোৱা নহ’ব। সংবাদমেলত প্ৰয়াত জয়ন্ত বৰাৰ মাতৃ লীলা বৰাই পুত্ৰৰ শোকত উচুপি উঠি কয় –যোৱা ২৪ দিন মই খাব আৰু শুব পৰা নাই । মোৰ পুত্ৰৰ কি দোষ আছিল মোক জনাব লাগিব। বিগত মোৰ পুত্ৰ হত্যাৰ একো খবৰ মোক প্ৰশাসনে জনোৱা নাই। দোষী ৰক্ষণাবেক্ষন দিলে নহব। মোক মোৰ পুত্ৰৰ ন্যায় লাগিব। চৰকাৰে ফাঁকি দিলে নহব। ইফালে আজিৰ সংবাদমেলতে ন্যায় দাবী সমন্বয় সমিতিয়ে অনাগত দিনত গ্ৰহণ কৰিব লগা প্ৰতিবাদী কাৰ্যসূচী সমন্ধে ব্যক্ত কৰে। বৃহৎ গণ প্ৰতিবাদী কাৰ্যসূচী, উচ্চ ন্যায়ালয়লৈ এটা সজাতি দল গৈ এখন ৰীট আবেদন দাখিল, জয়ন্তৰ বাসগৃহত নাগৰিক সভা, আধ্যাত্মিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ আৰু অতি শীঘ্ৰে জয়ন্তৰ মাতৃৰ দ্বাৰা পুনৰ এক গোচৰ তৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি ৰাইজৰ ওচৰত থকা তথ্যপ্ৰমান লৈ আৰক্ষী দায়বদ্ধতা আয়োগ আৰু সেনাবাহিনীৰ আদালতলৈ ন্যায় দাবী সমন্বয় সমিতি আগুৱাই যাব। আজিৰ সংবাদমেলৰ পৰা জয়ন্ত বৰাৰ হত্যাকাণ্ড ন্যায় দাবী সমন্বয় সমিতিয়ে চৰকাৰক কঠোৰ সকীয়নী প্ৰদান কৰি কয় যে যদি জয়ন্তৰ হত্যাৰ দোষীক কম দিনৰ ভিতৰতে শাস্তি প্ৰদান নকৰে তেনেহলে পৰিস্থিতি ভয়াবহ হৈ উঠিব। চৰকাৰক ন্যায় দাবী সমিতিয়ে অতিশীঘ্ৰে জয়ন্ত হত্যাৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰা, পৃথকে জিলা ন্যায়াধীশৰ জৰিয়তে এক তদন্ত সমিতি গঠন কৰা, উচ্চতম ন্যায়ালয়ৰ হত্যাকাণ্ড সম্পৰ্কীয় প্ৰাথমিক নিৰ্দেশনা অনুসৰি জড়িত আটাইকেইজন সেনা আৰক্ষীক গ্ৰেপ্তাৰ কৰাৰ লগতে প’ষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিবলৈ চৰকাৰক দাবী জনায় ।

You might also like