নিয়মীয়া বাৰ্তা, ৬ জুনঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বৃহত্তৰ বৰহোলা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই কেইগৰাকী হৈছে পপী শইকীয়া, ইন্দ্ৰানী হাজৰিকা আৰু বিশ্বপ্ৰতীম গগৈ। আটাইকেইগৰাকী বৰহোলাৰ অগ্ৰণী ব্যক্তিগত শিক্ষানুষ্ঠান হবিবুল হুছেইন শিশু নিকেতনৰ পৰা ডিষ্টিংশ্যন সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ শিক্ষানুষ্ঠানখনৰ সৌষ্ঠৱ অটুট ৰাখে। পপী শইকীয়াই লাভ কৰে সৰ্বমুঠ ৯৪.৮৩ শতাংশ নম্বৰ। বৰহোলাৰ মনোজ শইকীয়া আৰু জুৰি শইকীয়াৰ কন্যা পপী শইকীয়াই অসমীয়া বিষয়ত ৯২, ইংৰাজীত ৯৭, সাধাৰণ গণিতত ৯৮, সাধাৰণ বিজ্ঞানত ৯২, সমাজ বিজ্ঞানত ৯৫ আৰু ভূগোলত ৯৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আন গৰাকী ছাত্ৰী ইন্দ্ৰানী হাজৰিকা হৈছে বৰহোলাৰ উত্তম হাজৰিকা আৰু সংগীতা হাজৰিকাৰ কন্যা। সৰ্বমুঠ ৯৪.৫ শতাংশ নম্বৰ লাভ কৰা ইন্দ্ৰানীয়ে অসমীয়া বিষয়ত ৯২, ইংৰাজীত ৯০, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯২, সমাজ বিজ্ঞানত ৯৫ আৰু উচ্চ গণিতত ৯৮ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে বিশ্বপ্ৰতীম গগৈ হৈছে ৰুদ্ৰকান্ত গগৈ আৰু জিনু শইকীয়াৰ পুত্ৰ। বিশ্বপ্ৰতীমে লাভ কৰে সৰ্বমুঠ ৯২.৫ শতাংশ নম্বৰ। তেওঁ অসমীয়া বিষয়ত ৮৪, ইংৰাজীত ৮৫, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯২, সমাজ বিজ্ঞানত ৯৮ আৰু উচ্চ গণিতত ৯৬ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।তিনিওগৰাকী ছাত্ৰ-ছাত্ৰীৰ এই কৃতকাৰ্যতাত বৃহত্তৰ বৰহোলাবাসী ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে অভিনন্দন জ্ঞাপন কৰিছে।