নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলাক নির্যাতন চলোৱা যুৱকৰ গণপ্রহাৰত মৃত্যু

নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ গণ আক্রমণৰ ঘটনা শেহতীয়াকৈ অসমৰ সমাজ জীৱনত এক অন্যতম গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হোৱাৰ সময়তে যোৱানিশা কার্বি আংলং জিলাৰ বকলীয়াঘাটত একাংশ লোকে এজন সৃষ্টি কৰিছে৷ প্রাপ্ত তথ্য অনুসৰি, বকলীয়াঘাট থানাৰ অন্তর্গত তাৰালাংছ’ৰ ক’ৰাজী বে’ গাঁৱত তিনিদিনীয়া কার্যসূচীৰে এক ধর্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ অনুষ্ঠানৰ অন্তিম দিনৰ কার্যসূচী হিচাপে যোৱানিশা এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছিল৷ গাঁওখনৰ সমীপৰে বাৰেলং নামৰ গাঁওখনৰ মনছিং ৰংপি (৪০) নামৰ বিবাহিত লোক উক্ত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ বাবে গাঁওখনত উপস্থিত হয়৷ উত্থাপিত অভিযোগ অনুসৰি, নিশাৰ ভাগত মনছিং ৰংপিয়ে অসৎ বাসনা চৰিতার্থ কৰাৰ উদ্দেশ্যে গাঁওখনৰে এগৰাকী মহিলাৰ ঘৰত গোপনে প্রৱেশ কৰে৷

ইফালে, মনছিঙৰ এনে উদ্দেশ্যৰ বিষয়ে জানিব পাৰি মহিলাগৰাকীৰ দুই পুত্রৰ লগতে আন একাংশ যুৱকে মনছিঙক আটক কৰি মাৰপিট কৰিবলৈ আৰম্ভ কৰে৷ গাঁওখনৰ ৰাজহুৱা খেলপথাৰত থকা ফুটবলৰ গ’লপোষ্টত বান্ধি উত্তেজিত লোকসকলে লোকজনক নির্মমভাৱে প্রহাৰ কৰিবলৈ ধৰে৷ দলবদ্ধ প্রহাৰত মনছিঙৰ ভৰি ভাঙি যোৱাৰ লগতে মূৰতো গুৰুতৰভাৱে আঘাত পায়৷ অৱশেষত প্রচণ্ড গণপ্রহাৰৰ ফলতে শেষনিশালৈ উক্ত স্থানতে মনছিঙৰ মৃত্যু হয়৷ আজি পুৱা গাঁওখনৰ একাংশ লোকে ঘটনা সম্পর্কে জানিব পাৰি বকলীয়াঘাট আৰক্ষীক এই বিষয়ে অৱগত কৰে৷ বকলীয়াঘাট থানাৰ ভাৰপ্রাপ্ত বিষয়া মনজিৎ তেৰাঙৰ নেতৃত্বত আৰক্ষীৰ এটা দল তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ লগতে ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে৷ মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্রেৰণ কৰাৰ ব্যৱস্থা কৰে৷ এই সন্দর্ভত আৰক্ষীয়ে গাঁওখনৰ পাঁচজন যুৱকক গ্রেপ্তাৰ কৰা বুলি জানিবলৈ দিছে৷ উক্ত হত্যাকাণ্ডত জডিত থকাৰ অভিযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰা যুৱককেইজন হ’ল– তাৰালাংছ’ৰ ক’ৰাজী বে’ গাঁৱৰ চাম্প্রি টেৰণ (২৪), খনবামন টকবি (১৮), শিৱ ৰংহাং, ৱাইছং ক্রামছা (১৯) আৰু জিৎ ইংহি৷ এই সন্দর্ভত বকলীয়াঘাট আৰক্ষী থানাত ০৯/২০২১ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে৷যুৱকক কোবাই কোবাই নৃশংসভাৱে হত্যা কৰা ঘটনাই সমগ্র জিলাখনতে চাঞ্চল্য

You might also like