নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিফুঙৰ খুন্দাত নলবাৰীৰ বৰকুৰাত যুৱকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ নলবাৰী জিলাৰ কৈঠালকুছি আৰু নলবাৰী ৰে’ল ষ্টেচনৰ মাজৰ বৰকুৰা ৰেলগেটৰ ওচৰতে পশ্চিম দিশে ৰে’ল লাইনত (ৰেলৱে কিঃমিঃ নং ৩৪১/৭-৮ ৰ মাজত) আজি ৰেলৰ খুন্দাত এজন যুৱকৰ মৃত্যু হয়৷ প্ৰাপ্ত তথ্য মতে আজি পুৱা উজনিমুৱা চিফুং যাত্ৰীবাহী ৰেল গাড়ীখনৰ খুন্দাত এজন যুৱক চিটিকি পৰাৰ পাছত ৰেলগাড়ীখনৰ চালক জনে নলবাৰী ৰেল ষ্টেচনৰ ষ্টেচন অধীক্ষকক ঘটনাৰ বিষয়ে অৱগত কৰোৱাত পুৱাই নলবাৰী জি আৰ পিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ বৰুৱাৰ নেতৃত্বত অহা এটি ৰে’লৱে আৰক্ষীৰ দ’লে ঘটনাস্থলীত উপস্থিত হৈ যুকজনৰ মৃতদেহটো উদ্ধাৰ কৰে৷ পিছত ৰঙা ৰঙৰ স্পোৰ্টিং আৰু ব্লু কালাৰৰ টেক্সুত পৰিহিত প্ৰায় ৩০ বছৰীয়া যুৱকজনৰ মৃতদেহটো ৰেল আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়৷আনফালে আৰক্ষী বিষয়া বিৰাজ বৰুৱাই সাংবাদিকক জনোৱামতে যুকজনৰ লগত কোনো ধৰণৰ নথি-পত্ৰ নপোৱাত যুৱকজনক প্ৰথমে চিনাক্ত কৰিব পৰা নাছিল যদিও পিছলৈ সামাজিক মাধ্যমত যুৱকজনৰ ফটো দেখা পাই কৰ্মসূত্ৰে পাঠশালাত থকা বিহাৰৰ মুচাৰী কুমাৰ নামৰ যুৱক এজনে নলবাৰীৰ অসামৰিক চিকিৎসালয়লৈ আহি মৃত্যু হোৱা যুৱকজন বিহাৰৰ খাগাৰিয়া জিলাৰ চৌৰাক্ষী গাঁওৰ ভিনিচ ৰয়ৰ পুত্ৰ গৌৰৱ কুমাৰ বুলি চিনাক্ত কৰে৷ বৰ্তমান যুৱকজনৰ মৃতদেহটো নলবাৰীৰ শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মৰ্গতে আছে বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে৷

প্ৰেৰক শৈলেন বৰ্মন

You might also like