নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিৰ বাহিৰত আঞ্চলিক দলৰ প্রার্থীক সমর্থন দিব বিপিএফে

২০২১ত বিজেপিৰে সম্পর্ক নাৰাখে হাগ্রামাই

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ সদ্যসমাপ্ত বিটিচি নির্বাচনত বিজেপিৰে বি পি এফৰ সম্পর্ক তিক্ততাপূর্ণ হৈ পৰে৷ আনকি নির্বাচনী ফলাফল অনুসৰি হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দল একক বৃহত্তম দল হিচাপে পৰিগণিত হোৱাৰ পাছত দিছপুৰত থকা মিত্রতাৰ সূত্রে বিটিচিত চৰকাৰ গঠনৰ ক্ষেত্রত বিজেপিৰ পৰা সহায় বিচাৰে৷ কিন্তু বিজেপিয়ে বি পি এফক সমর্থন কৰাৰ পৰিৱর্তে ইউ পি পি এল আৰু জি এছ পিৰে নতুন মিত্রতাত আবদ্ধ হৈ বিটিচিত চৰকাৰ গঠন কৰে৷ বিটিচিক লৈ বিজেপি আৰু বি পি এফ দলৰ মাজত সম্পর্কত যতি পৰিছে যদিও এই মুহূর্তত চৰকাৰৰ পৰা ওলাই নহাৰ কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে বি পি এফে৷ ২০২১ চনৰ বিধানসভা নির্বাচন পর্যন্ত বি পি এফৰ তিনি মন্ত্রীয়ে পদত্যাগ নকৰে৷ মন্ত্রী হিচাপে তেওঁলোক থাকি যাব৷ বি পি এফৰ এক সূত্রই জানিবলৈ দিয়া মতে, ২০১৬ চনৰ বিধানসভা নির্বাচনত পাঁচ বছৰৰ বাবে বিজেপিৰ লগত তেওঁলোকৰ মিত্রতা হৈছিল৷ বি পি এফ, অগপ, গণ শক্তি, ৰাভা যৌথ মঞ্চ, তিৱা আদিৰ সহযোগত ২০১৬ চনত দিছপুৰত বিজেপি মিত্রজোঁটৰ চৰকাৰ হয়৷ সেইসূত্রে এক নির্দিষ্ট ফর্মূলা অনুসৰি বি পি এফৰ তিনি বিধায়কে মন্ত্রিত্ব লাভ কৰিছে৷ কাৰো অনুগ্রহত তেওঁলোকৰ তিনি বিধায়ক মন্ত্রী হোৱা নাই৷ এনে অৱস্থাত বিজেপিৰ লগত সংঘাত চলিলেও তেওঁলোকে মন্ত্রিত্ব এৰাৰ প্রসংগ নাহে৷ অৱশ্যে কার্যকাল অন্ত পৰাৰ পূর্বেই যদি বিজেপিয়ে মিত্রতাৰ নীতি ভংগ কৰি তেওঁলোকৰ তিনি মন্ত্রীক অপসাৰণ কৰে, বি পি এফে সেই সিদ্ধান্ত মানি ল’ব৷ কিন্তু স্বেচ্ছাই তিনি মন্ত্রীয়ে মন্ত্রিত্ব নেৰে৷ সূত্রটোৱে আৰু কয় যে ২০২১ চনৰ বিধানসভা নির্বাচনত কোনো পৰিস্থিতিতে বি পি এফে বিজেপিৰ সৈতে মিত্রতা নকৰে৷ বৰং বিটিচি নির্বাচনৰ ফলাফলৰ পাছতেই তেওঁলোকে সিদ্ধান্ত লৈছে– অহা বিধানসভা নির্বাচনত বি পি এফে ৰাজ্যত পৰৱর্তী চৰকাৰ গঠনত নির্ণায়ক ভূমিকা ল’ব পৰাকৈ নিজকে সম্পূর্ণৰূপে প্রস্তুত কৰিব৷ ইয়াৰ বাবে দলটোৱে যাৱতীয় ৰণনীতি প্রস্তুত কৰিছে৷ আনহাতে, বিটিচিৰ অধীনস্থ ১২টা বিধানসভা সমষ্টিক বাদ দি ৰাজ্যখনৰ ২৬টাৰ পৰা ২৮টা সমষ্টিত বড়ো ভোটাৰ আছে৷ অহা বিধানসভা নির্বাচনত সেইবোৰ সমষ্টিৰ ক্ষেত্রত তেওঁলোকে ৰাষ্ট্রীয় দলৰ পৰিৱর্তে জাতীয়তাবাদী–আঞ্চলিক্ দলৰ প্রার্থীক সমর্থন আগবঢ়াব৷ সূত্রটোৰ মতে, যোৱা বিধানসভা নির্বাচনৰ সময়ত সেইবোৰ সমষ্টিৰ বড়ো জনগোষ্ঠীৰ ভোট বিজেপি দলে লাভ কৰিছিল৷ তেওঁলোকৰে হোৱা মিত্রতাৰ সূত্রে সংশ্লিষ্ট সমষ্টিসমূহত বড়ো জনগোষ্ঠীৰ ভোট বিজেপিয়ে লাভ কৰিছিল৷ পূর্বতে কংগ্রেছৰ লগত থকা মিত্রতাৰ সময়তো সেই ভোট কংগ্রেছলৈ গৈছিল৷ এইবাৰ বিটিচি নির্বাচন আৰু বিটিচি চৰকাৰ গঠনৰ ক্ষেত্রত বিজেপিয়ে কৰা প্রতাৰণাৰ বাবেই বি পি এফে সেই ভোট বিজেপিৰ পৰিৱর্তে আন দল, মূলতঃ জাতীয়তাবাদী–আঞ্চলিক্ দলৰ প্রার্থীলৈ দিয়াৰ ব্যৱস্থা কৰিব৷ এক কথাত ক’ব লাগিলে ২০১৬ চনৰ বিধানসভা নির্বাচনত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে যিদৰে কংগ্রেছৰ ক্ষতি কৰিছিল, এইবাৰ একেই ৰণনীতিৰে ২০২১ৰ বিধানসভা নির্বাচনত বিজেপিক ক্ষতি কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে হাগ্রামা মহিলাৰীয়ে৷

You might also like