নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীবিলৰ পৰা গুৱাহাটীলৈ নৌকা যাত্ৰাঃ ব্ৰহ্মপুত্ৰৰ বুকুৰ প্ৰচুৰ সম্ভাৱনাক বিশ্বদৰবাৰত পৰিচয় কৰোৱাৰ প্ৰয়াস ধীৰাজ বিকাশ গগৈৰ

নিয়মীয়া বাৰ্তা, ১৬ফেব্ৰুৱাৰীঃ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি পুনৰ জাহাজৰ সুচাৰুভাৱে চলাচলে নদী পৰ্যটনৰ ক্ষেত্ৰত এক ইতিবাচক দিশ বিবেচিত হোৱাৰ সময়তে ৰাজ্যৰ নদী পৰ্যটনৰ মানচিত্ৰত এক নতুন মাত্ৰা প্ৰদানৰে উজনিৰ ডিব্ৰুগড়ৰ পৰা আজি পুৱাই ভটিয়নীলৈ লুইতৰ বুকুৱে যাত্ৰা কৰে ‘ব্ৰহ্মপুত্ৰৰ মুকুতা’ আৰু ‘স্ন’ মুকুতা’ নামৰ জাহাজ দুখন।২নং ৰাষ্ট্ৰীয় ঘাই জলপথ ব্ৰহ্মপুত্ৰক অধিক গতিশীল আৰু প্ৰানৱন্ত কৰি তোলাৰ অভিপ্ৰায়ে এই বিশাল যাত্ৰা।সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পেৰিছৰ কে’ৰল উইচেচ (Carol weiss),চিকাগোৰ প্ৰসাদ কানুমুৰী(Prasad Kanumuri) আৰু ৰেখা কানুুমুৰী(Rekha Kanumury) নামৰ এগৰাকী কণমানি সহ তিনি গৰাকী বিদেশী পৰ্যটকক লৈ সুদূৰ গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি সুদীৰ্ঘ ১১ দিনীয়া অবিৰত যাত্ৰা আজি পুৱাই শুভাৰম্ভ হয় ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত।

অসমৰ পৰ্যটন ক্ষেত্ৰত আন এক অনবদ্য সংযোজন ঘটাই ডিব্ৰুগড়ৰ বগীবিলৰ পৰা ৰাওনা হোৱা “ব্ৰহ্মপুত্ৰৰ মুকুতা” আৰু “স্ন’ মুকুতা”  নামৰ সুবিশাল জাহাজ দুখন ফিটা কাটি শুভ উদ্বোধন কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাই।পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই এই যাত্ৰাৰ শুভাৰম্ভ কৰি আজিৰ দিনটো এক উল্লেখযোগ্য দিন হিচাপে বিবেচিত হব বুলি উল্লেখ কৰি,ব্ৰহ্মপুত্ৰৰ বুকুত থকা প্ৰচুৰ সম্ভাৱনাক বিশ্বৰ বুকুত অধিক পৰিচয় কৰাই দিয়াৰ প্ৰয়াস কৰাত পৰ্যটনৰ ক্ষেত্ৰৰ সৈতে জড়িত উদ্যমী যুৱক ধীৰাজ বিকাশ গগৈৰ প্ৰচেষ্টাক আদৰণি জনাই এয়া সকলোৰে বাবে উৎসাহজনক বতৰা বুলি কয়।

ব্ৰহ্মপুত্ৰৰ বিশালতা, গভীৰতা আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস, এই মহান ব্ৰহ্মপুত্ৰ নদীয়েই অসমৰ সভ্যতা-সংস্কৃতিৰ ৰাজহাড়স্বৰূপ।এই পৰিভ্ৰমণৰ যোগেদি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ নদী সভ্যতা-সংস্কৃতিক তথা ব্ৰহ্মপুত্ৰ নদীৰ অপৰূপ প্ৰাকৃতিক পৰিৱেশক তথা নদীৰ সুন্দৰ বাতাৱৰণ, সুন্দৰ ভূগোল বিশ্বৰ বুকুত উপস্থাপন কৰিবলৈ সক্ষম হব বুলি অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই আশা কৰি অসমৰ সভ্যতা-সংস্কৃতি বিশ্বৰ বুকুত জিলিকিবলৈ সক্ষম হব বুলিও দোহাৰে।

উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ ঐতিহাসিক বগীবিল ঘাটৰ পৰা শিৱসাগৰ,নদীদ্বীপ মাজুলী, কাজিৰঙা আদি দৰ্শনকে ধৰি গুৱাহাটী পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি পৰিভ্ৰমণ কৰিব পৰাকৈ পৰ্যটকৰ বাবে ডিব্ৰুগড় বৰপথাৰৰ উদ্যমী যুৱক ধীৰাজ বিকাশ গগৈয়ে বৃহৎ জাহাজ(ক্ৰুজ) সাজি উলিয়াইছিল যদিও ক’ভিডৰ বাবে বিগত দুটা বছৰে কোনো যাত্ৰা কৰিব পৰা নাছিল। সুদূৰ কেৰালাৰ নদীৰ পৰ্যটনৰ পৰা অনুপ্ৰাণিত হৈ অসমৰ পৰ্যটন অনুৰাগী যুৱক ধীৰাজ বিকাশ গগৈয়ে নিৰ্মাণ কৰা এই বৃহৎ নৌকা যান দুখনৰ এখনত তিনিটাকৈ আৰু আনখনত এটাকৈ অত্যাধুনিক শীত তাপ নিয়ন্ত্ৰিত কোঠা, ৰান্ধনীশাল, সভাগৃহ, ডাইনিং হ’ল,অত্যাধুনিক শৌচাগাৰ,গৰম পানীৰ বাবে গিজাৰ আদিৰে সমৃদ্ধ পঞ্চম তাৰকাযুক্ত হোটেল সদৃশ  সুবিধা আছে।

তদুপৰি দুখলপীয়া যানখনৰ কোঠাসমূহত সংলগ্ন শৌচাগাৰসমূহৰ মলমূত্ৰসমূহ আধুনিক ভেকুৱাম পদ্ধতিৰে নিষ্কাশনৰ ব্যৱস্থা থকা, অত্যাধুনিক পদ্ধতিৰে উত্তৰ বংগৰ কাৰিকৰে নিৰ্মাণ কৰা এই বৃহৎ নৌকা যান দুখনত দুটাকৈ মেৰাইন ইঞ্জিন আছে।এই ৰিভাৰ Cruise দুখনৰ পৰ্যটকসকলৰ সুৰক্ষাৰ বাবে সমান্তৰালকৈ আন এখন যন্ত্ৰ চালিত নাওসহ  মুঠ তিনিখন নাও যাত্ৰা পথত গতি কৰিব বুলি জানিবলৈ দি ধীৰাজ বিকাশ গগৈয়ে ‘নিয়মীয়া বাৰ্তা’ক কয় যে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি কেইবাদিনো যাত্ৰা কৰি নদী কাষৰীয়া তথা চৰ-চাপৰি বাসিন্দাসকলৰ সভ্যতা-সংস্কৃতি বুজ লোৱাৰ লগতে ব্ৰহ্মপুত্ৰৰ বিৰল তথা নান্দনিক প্ৰাকৃতিক পৰিবেশ উপভোগ কৰিবলৈ উৎসাহিত হৈ পৰিছে বিদেশী পৰ্যটকৰ দলটো।ডিব্ৰুগড়ৰ বগীবিলৰ পৰা আৰম্ভ কৰা এই যাত্ৰাই অসমৰ পৰ্যটনৰ মানচিত্ৰত স্বাভাৱিকতেই এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে কিছু সংখ্যক লোকৰ সংস্থাপন আৰু জীৱিকাৰ উৎকৰ্ষ সাধনত সহায়ক হব বুলি আশা কৰিব পাৰি।

প্ৰেৰক বিভাস দুৱৰা

You might also like