নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিজলৈ শ্রেষ্ঠ নৱাগত পৰিচালক শ্রেষ্ঠ অভিনেত্রীৰ সন্মান

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ আন্তঃৰাষ্ট্রীয় পর্যায়ত পুনৰ সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে অসমীয়া ছবি ‘ব্রিজ’–এ৷ ৰাছিয়াৰ অলিম্পিক চহৰ ছ’চিত অনুষ্ঠিত ৰাছিয়ান–ব্রিটিছ ছ’চি আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত ছবিখনৰ পৰিচালক কৃপাল কলিতাই শ্রেষ্ঠ নৱাগত পৰিচালক আৰু মূল চৰিত্রত অভিনয় কৰা শিৱাৰাণী কলিতাই শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰিছে৷ উল্লেখ্য যে এই ছবিখনে ইয়াৰ পূর্বেও ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ কেইবাখনো ছবি মহোৎসৱত বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল৷ আনকি ভাৰতৰ পৰা অস্কাৰৰ প্রথম দৌৰতো অৱতীর্ণ হৈছিল ‘ব্রিজ’৷ ৰমা কুমাৰ দাস আৰু সবিতা দেৱীয়ে প্রযোজনা কৰা ব্রিজ ৩৭খনতকৈও অধিক আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত প্রদর্শিত হৈছে৷ সেইদৰে ৫১সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎৱত বঁটা লাভ কৰি কৃতিত্ব অর্জন কৰিছে এই ছবিখনে৷ গ’ল্ডেন জুৰী আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত সামাজিক বিষয়ত শ্রেষ্ঠ ছবি আৰু ১৬সংখ্যক ত্রিশূৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎৱত শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে৷ কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাই পৰিচালনা কৰা এই ছবিখন সম্পাদনা কৰিছে কিশোৰ ডেকাই৷ এই ছবিত অনিন্দিতা দাস, গোপমণি গগৈ, পার্থপ্রতিম বৰা, স্বপ্ণীল নাথ, ভূপেন শর্মা, সুৰেন মহন্তকে ধৰি কেইবাগৰাকীও শিল্পীয়ে অভিনয় কৰিছে৷ অহা ৪ ফেব্রুৱাৰীত এই ছবিখনে ছবিগৃহত মুক্তি লাভ কৰিব৷

You might also like