পাগলাদিয়া নৈৰ ওপৰত নিৰ্মান কৰা এখন দলং খুটা পুতিয়ে দায়িত্ব সামৰিলে ঠিকাদাৰে
নিয়মীয়া বাৰ্তা, ধনশ্ৰীঘাট, ১৮ ফেব্ৰুৱাৰী: বিটিএডি ওদালগুৰি জিলাৰ ৭০ নং মাজবাট বিধান সভা সমষ্টিৰ পাগলাদিয়া নৈৰ ওপৰত নিৰ্মান কৰা এখন পকী দলং আজিও সম্পূৰ্ণ হৈ নুঠিল। অৰুনাচল সীমান্তৱৰ্তী এলেকাৰ পৰা ওলাই দক্ষিণ দিশলৈ বৈ অহা ওৰাং ৰূপা পথৰ লগত সংলগ্ন পাগলাদিয়া নৈ ওপৰত এখন দলং নিৰ্মাণ কৰিবলৈ নৈপৰীয়া ৰাইজে বছৰ বছৰ ধৰি অসম চৰকাৰক অনুনয় বিননয় কৰাৰ পাছত দফলাপোট ফুহুৰাবাৰী ওচৰত নৈ খনৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ অনুমোদন জনাইছিল। কিন্তু, ঠিকাদাৰ গৰাকীয়ে খুটা পুঁতিয়ে দলং নিৰ্মাণৰ কাম সমাপ্ত কৰাত পুনৰ বৃহৎ অঞ্চলটোৰ নৈপৰীয়া ৰাইজে ক্ষোভত ফাটি পৰিছে। কিয়নো দফলাপোট,ফুহুৰাবাৰী, ডিমাপুৰ, কাঠপুৰী, মাজগাঁও, আওনাজুলি আদি এলেকাৰ ৰাইজৰ দীৰ্ঘদিনীয়া ন্যায্য দাবীৰ প্ৰতি সন্মান জনাই ৭০ নং মাজবাট সমষ্টিৰ বিধায়ক চৰন বড়োই নৈখনৰ ওপৰত প্ৰায় তিনিশ মিটাৰ দৈৰ্ঘ্যৰ এখন পকী দলঙৰ অনুমোন জনাই বিভাৰ্গীয কৰ্তৃপক্ষৰ জৰিয়তে ঠিকাদাৰক নিৰ্মাণৰ দায়িত্ব জমাজাই দিছিল ।
যদিও ঠিকাদাৰ গৰাকীয়ে দুটা খুটা পুঁতিয়েই দলং নিৰ্মাণৰ কাম সমাপ্ত কৰি আজি এটা বছৰে দলং খন সম্পূৰ্ণ হৈ নুঠিল। যাৰ ফলত অঞ্চলবাসী ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত ভীষন সমস্যাৰ সৃষ্টি হৈছে। উল্লেখ্য যে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ওৰাং ৰূপা পথৰ লগত যোগাযোগ বিচিন্ন কৰি ৰখা পাগলাদিয়া নৈ খনৰ ওপৰত দলং খন নিৰ্মাণ কৰা হ’লে এলেকাটোৰ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হলহেঁতেন। কাৰন নৈ খনৰ পৰা মাত্ৰ দুই /তিনিশ মিটাৰ দুৰত্বত এখন হাইস্কুল, এটা স্বাস্থ্য কেন্দ্ৰ, এখন সাপ্তাহিক বজাৰ আৰু এটা ডাকঘৰ আছে যদিও এই দলংখন নোহোৱাৰ বাবে এই দুই, তিনি শ মিটাৰ দূৰত্বৰ ঠাইত অঞ্চলটোৰ ৰাইজে দুই কিলোমিটাৰ টেকেকিবিল হৈ আৰু প্ৰায় পাঁচ কিলোমিটাৰ পথ অতিক্ৰম কৰি ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ধনশ্ৰীঘাট হৈ আহিব লগীয়া হয়।