নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত চাৰি কোটি টকাৰ ড্ৰাগছসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰঃ বাহনত লুকুৱাই আনিছিল ব্ৰাউন ছুগাৰ

বিশেষ বাৰ্তা, ২৫ মেঃ এক গোপন সূত্ৰৰ পম খেদি কালি ৰাতি আৰক্ষীৰ এটা দলে মৰিয়নিৰ শিলিখা চাহ বাগিচাৰ পৰা এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে সৰবৰাহকাৰীটোৰ পৰা এখন বাহন আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, এক গোপন সূত্ৰৰ জৰিয়তে জানিব পাৰি কালি ৰাতি যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীৰ নেতৃত্বত তিতাবৰ মহকুমাৰ নৱ-নিযুক্ত মহকুমা আৰক্ষী বিষয়া মৈত্ৰেয়ী ডেকা, মৰিয়নি আৰক্ষী থানাৰ নৱ-নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, উপ- পৰিদৰ্শক বিজয় কৃষ্ণ ফুকনৰ লগতে মৰিয়নি আৰক্ষীৰ এটা দলে এক অভিযান চলায় । অভিযানত শিলিখা চাহ বাগিচাৰ ১১ নম্বৰ লাইনৰ পৰা অজিত উৰাং নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । সেই সময়ত অজিত উৰাঙৰ পৰা আৰক্ষীয়ে দুটাকৈ পেকেট ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে । ধৃত অজিতৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰ উৰিয়ামঘাটত বুলি আৰক্ষীয়ে জানিবলৈ দিছে । আনহাতে, আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ পৰা এ এছ – ০৪ – কে -০৬১০ নম্বৰৰ এখন বগা ৰঙৰ মাৰুতি আৰ্টিগা গাড়ীও জব্দ কৰে । ইফালে, বাহনখনত দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী আছিল যদিও আন্ধাৰৰ সুযোগ লৈ এটা পলাই সাৰিবলৈ সক্ষম হয় । পলাতক সৰবৰাহকাৰীটোৰ নাম ৰামে উৰাং বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে আৰু ইতিমধ্যে আৰক্ষীয়ে পলাতক ৰামেৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । আনহাতে, আজি দিনত জব্দ কৰা আৰ্টিগা বাহনখনত সন্দেহবশতঃ তালাচী চলোৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বাহনখনৰ ডিকিৰ ভিতৰত অতি কৌশলভাৱে লুকুৱাই আনিছিল । আৰক্ষীয়ে গেৰেজৰ মেকানিকৰ দ্বাৰা সকলো খুলি তালাচী চলোৱাত লুকুৱাই অনা ড্ৰাগছখিনি ওলাই পৰে । ড্ৰাগছখিনি পেকেট কৰি চাবোনৰ বাকচৰ ভিতৰত কঢ়িয়াই আনিছিল । আজি তালাচীত আন ৩৬ পেকেট ড্ৰাগছ উদ্ধাৰ হয় । অৱশ্যে আৰক্ষীৰ সূত্ৰৰ মতে, ধৃত অজিত উৰাং নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৱে বিপুল পৰিমাণৰ ড্ৰাগছৰ কঢ়িয়াই আনিছিল বুলি গোপন সূত্ৰৰ যোগে জানিব পাৰিহে বাহনখনত তালাচী চলোৱা হৈছিল । মহকুমা আৰক্ষী বিষয়া মৈত্ৰেয়ী ডেকাই জানিবলৈ দিয়া মতে, জব্দ কৰা ড্ৰাগছখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য আনুমানিক প্ৰায় চাৰি কোটি টকা হ’ব।জব্দ কৰা ব্ৰাউন চুগাৰৰ ওজন প্ৰায় ৪২০ গ্ৰাম হ’ব বুলি জানিব পৰা গৈছে । ইমান বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি নগালেণ্ডৰ পৰা গোলাঘাট – মৰিয়নিহৈ তিনিচুকীয়ালৈ সৰবৰাহ কৰা হৈছিল। শিলিখা চাহ বাগিচাত কোনো আত্মীয়ৰ ঘৰত সোমাইছিল বুলি জানিব পৰা গৈছে আৰু তাতেই আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰীটো । ইতিমধ্যে ধৃত অজিত উৰাঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । মৰিয়নিত প্ৰথমবাৰলৈ বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাই স্বাভাৱিকতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like