নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিৰ কংগ্রেছৰ একমাত্র নির্বাচিত প্রতিনিধিৰ বিজেপিত যোগদান

নির্বাচনত মুখথেকেচাৰ পাছত আন এক মোক্ষম আঘাত

নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ  সদ্যসমাপ্ত বিটিচি নির্বাচনত কংগ্রেছে মুখথেকেচা খোৱাৰ পাছত দলটোৰ বাবে মোক্ষম আঘাত৷ কংগ্রেছৰ একমাত্র নির্বাচিত শ্রীৰামপুৰৰ এম চি এল এ সজল সিন্হাই আজি বিজেপিত যোগদান কৰে৷ আজি সন্ধিয়া গুৱাহাটীৰ হোটেল লিলিত নেডাৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে এখন সংবাদ মেলত অংশগ্রহণ কৰি তেওঁ কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদানৰ বিষয়ে প্রকাশ কৰে৷ সিন্হাই কয় যে সমষ্টিৰ জনসাধাৰণৰ সৈতে আলোচনা কৰি তেওঁ এই সিদ্ধান্ত গ্রহণ কৰিছে৷ সমষ্টি উন্নয়নৰ স্বার্থতে তেওঁ বিজেপিলৈ আহিছে৷ সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে বর্তমান বিজেপি মহাসাগৰ৷ নদী সাগৰত পৰেই৷ তদুপৰি এইবাৰ বিটিচিত বড়ো–বড়োৰ মাজত কোনো পার্থক্য নাথাকিব৷ বিটিচিত সমন্বয় হৈছে৷ ভয়–সন্ত্রাসৰ পৰিৱর্তন হৈছে৷ তাৰ বাবে মানুহ বিজেপিৰ প্রতি আকৃষ্ট হৈছে৷ কাইলৈ–পৰহিলৈ আৰু বহু মানুহ বিজেপিলৈ আহিব৷ বিটিচি নির্বাচনৰ ফলাফল ঘোষণাৰ প্রথম দিনৰ পৰাই কমেও নৱনির্বাচিত ৪–৫গৰাকী এম চি এল এই বিজেপিত যোগদানৰ বাবে আগ্রহ প্রকাশ কৰি তেওঁৰ সৈতে যোগাযোগ কৰিছে৷

শ্রীৰামপুৰৰ এম চি এল এ সজল সিন্হাও এইবাৰ বিটিচি নির্বাচনত কংগ্রেছক ৰাইজে প্রত্যাখ্যান কৰাৰ বাবেই তেওঁ বিজেপিলৈ আহিছে৷ সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই অহা বছৰ হ’বলগীয়া বিধানসভা নির্বাচনৰ ফলাফলৰ পাছতো কংগ্রেছৰ বহু বিধায়ক বিজেপিলৈ আহিব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি কয় যে ২০২১ত জয়লাভ কৰা কংগ্রেছৰ সকলো বিধায়ক কংগ্রেছত থাকিব নেকি? ২৫জন বিধায়ক জিকিলেও সকলো কংগ্রেছত থাকিব বুলি ক’ব নোৱাৰি৷ বিজেপি বর্তমান মহাসাগৰ৷ সেয়ে বাকী ৰাজনৈতিক দলবোৰো লাহে লাহে বিজেপিলৈ আহিবই৷ নদী সাগৰত পৰেই৷

উল্লেখ্য যে এইবাৰ বিটিচি নির্বাচনত কংগ্রেছে এ আই ইউ ডি এফৰ সৈতে মিত্রতা কৰি নির্বাচনী যুঁজত অৱতীর্ণ হৈছিল৷ কংগ্রেছে ১৩টা আৰু এ আই ইউ ডি এফে ৭টা মুঠ ২০টা পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে হেলিকপ্ঢাৰযোগে যৌথভাৱে নির্বাচনী প্রচাৰ পর্যন্ত চলায়৷ কিন্তু নির্বাচনী ফলাফলত কংগ্রেছে অকল শ্রীৰামপুৰ পৰিষদীয় সমষ্টিটোহে লাভ কৰে৷ এ আই ইউ ডি এফে এটাও পৰিষদীয় সমষ্টিত সাফল্যৰ মুখ দেখিবলৈ সক্ষম নহ’ল৷ এনে নির্বাচনী বিপর্যয়ৰ সময়তে কংগ্রেছৰ একমাত্র এম চি এল এগৰাকীয়ে দলত্যাগ কৰি বিজেপিত যোগদান কৰাটো কংগ্রেছৰ বাবে মোক্ষম আঘাত বুলিব লাগিব৷ ইপিনে আজিৰ দিনটোতে কংগ্রেছ ত্যাগ কৰিছে প্রদেশ কংগ্রেছৰ মুখপাত্র তথা আৰ টি বিভাগৰ অধ্যক্ষ কমল কুমাৰ মেধিয়ে৷ ২০১৮ চনৰ ১৯ জুনত কংগ্রেছত যোগদান কৰা মেধিয়ে আজি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰালৈ প্রেৰণ কৰা এখন পত্রত দলৰ সকলো বিষয়বাবৰ লগতে প্রাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰাৰ বিষয়ে জনায়৷ ৰাজনৈতিক কাৰণতে তেওঁ কংগ্রেছ ত্যাগ কৰিছে৷ জানিব পৰা মতে, অতি কম দিনৰ ভিতৰতে মেধিয়ে ৰাইজৰ দলত যোগদান কৰিব৷ তাৰ বাবেই তেওঁ আজি কংগ্রেছ ত্যাগ কৰে৷
কংগ্রেছৰ পৰা বহিষ্কাৰ সজল সিন্হাক
বিটিচি নির্বাচনত কংগ্রেছৰ পৰা নির্বাচিত হোৱা শ্রীৰামপুৰৰ এম চি এল এ সজল কুমাৰ সিন্হাই বিজেপিত যোগদানৰ পৰিপ্রেক্ষিতত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আজি এক নির্দেশযোগে দলবিৰোধী কার্যত লিপ্ত হোৱাৰ পৰিপ্রেক্ষিতত কংগ্রেছ দলৰ প্রাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰে৷

You might also like