নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিপিএলৰ বিৰুদ্ধে সৰৱ অবড়ো, বিজেপিৰেও বাঢ়িছে ব্যৱধান

নিয়মীয়া বাৰ্তা, ৯ আগষ্ট:  সঘনাই সলনি হৈছে বিটিচিৰ ৰাজনৈতিক দৃশ্যপট৷ নির্বাচন আয়োগে বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ দিন–তাৰিখ এতিয়াও ঘোষণা কৰা নাই যদিও ৰাজনৈতিক দলসমূহৰ মাজত মিত্রতাৰ সমীকৰণ সালসলনিৰ চর্চা আৰম্ভ হোৱাৰ লগে লগে স্বাভাৱিকতে সঘনাই বিটিচিৰ ৰাজনৈতিক দৃশ্যপট সলনি হ’ব ধৰিলে৷ সৌ সিদিনালৈ কোকৰাঝাৰৰ নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পার্টীৰ বাবে বিটিচিৰ ক্ষেত্রত প্রধান শত্রু আছিল হাগ্রামা মহিলাৰীৰ বি পি এফ দল৷ যোৱা জুলাই মাহৰ শেষভাগত নতুন দিল্লীত বিজেপিৰ নেতৃত্বৰে ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ পাছৰে পৰাই গণ সুৰক্ষা পার্টীয়ে প্রধান প্রতিদ্বন্দ্বী হিচাপে চিহ্ণিত কৰিছে ইউ পি পি এল দলক৷ সাংসদ শৰণীয়াকে ধৰি বিভিন্ন পক্ষই নতুন দিল্লীত অনুষ্ঠিত সেই বৈঠক মূলতঃ বিজেপি আৰু ইউ পি পি এলৰ মাজত মিত্রতা সম্পর্কত হোৱা বৈঠক বুলি অভিহিত কৰিছে৷

দিল্লীৰ বিজেপি–ইউ পি পি এলৰ মাজত হোৱা বৈঠকখন প্রমোদ বড়োৱে বি টি আৰ চুক্তি ৰূপায়ণ সন্দর্ভত অনুষ্ঠিত বৈঠক বুলিহে কৈছে যদিও গণ সুৰক্ষা পার্টী–বি পি এফ কোনেও সেই ভাষ্যত পতিয়ন যোৱা নাই৷ বি পি এফৰ জ্যেষ্ঠ নেত্রী, মন্ত্রী প্রমীলাৰাণী ব্রহ্মই ইতিমধ্যে এই সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি কৈছে যে বিজেপিয়ে ইউ পি পি এলৰে মিত্রতা কৰিলে স্বাভাৱিকভাৱেই বিজেপিৰে বি পি এফৰ সম্পর্ক বেয়া হ’ব৷ আনহাতে, বিজেপি–ইউ পি পি এলৰ ঘনিষ্ঠতা বৃদ্ধিৰ লগে লগে বিটিচি অঞ্চলত ভূমি দখলক লৈ গণ সুৰক্ষা পার্টী আৰু ইউ পি পি এল দলৰ মাজত আৰম্ভ হৈছে সংঘাত৷ গণ সুৰক্ষা পার্টীৰ অন্যতম চালিকা শক্তি অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্রজেন মহন্ত, সাধাৰণ সম্পাদক মাধৱ ৰাজবংশীয়ে গুৰুতৰ অভিযোগ কৰি কয় যে বি টি আৰ চুক্তিৰ গইনা লৈ ইউ পি পি এল–এবছুৱে অবড়োৰ ভূমি দখলত নামি পৰিছে৷ অবড়ো লোকে ভোগ–দখল কৰি থকা ম্যাদী মাটি, চৰকাৰী মাটি, ঈদগাহৰ মাটি আদি ইউ পি পি এল–এবছুৱে দখল কৰিবলৈ আৰম্ভ কৰিছে৷ য’ত প্রশাসনেও অসহায় দর্শকৰ ভূমিকা পালন কৰিছে৷ ইতিমধ্যে বাগ্সাৰ শিমলাবাৰীত ৩৬ বিঘা, কচুগাঁৱৰ গিৰিপুৰত ২০০ বিঘা, টাকামপুৰৰ ৫০০ বিঘা, বৈৰাগী চেকাপানীত ৪০০ বিঘা অবড়ো লোকৰ মাটি দখল কৰিছে৷ আনকি বাগ্সাৰ শিমলাবাৰীৰ ৰাজহুৱা খেলপথাৰৰ মাটি দখলক কেন্দ্র কৰি ইউ পি পি এল–এবছুৰ আক্রমণত তিনিগৰাকী মহিলাকে ধৰি ৪জন লোক আহত হৈছে৷

অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বৰ স্পষ্ট অভিযোগ– বিজেপি চৰকাৰখনেও অবড়োসকলক ধ্বংসৰ ষড়যন্ত্র কৰিছে৷ ইপিনে, বিটিচিৰ ৰাজনীতিত ভূমিৰ অধিকাৰক কেন্দ্র কৰি গণ সুৰক্ষা পার্টী আৰু ইউ পি পি এলৰ মাজত সংঘাত আৰম্ভ হোৱাৰ পূর্ণ সুযোগ ল’বলৈ অগ্রসৰ হৈছে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দল৷ দলটোৰ সভাপতি হাগ্রামা মহিলাৰীয়ে ইতিমধ্যে ধর্মীয় সংখ্যালঘু ৰাইজৰ কাষ চপাই নহয়, সংখ্যালঘু ৰাইজৰ মন জয়ৰ বাবে যোৱা ১ আগষ্টত কোকৰাঝাৰত ঈদৰ নামাজত অংশগ্রহণ কৰে৷ সেইদৰে যোৱা ১৬ জুলাইত মহিলাৰীয়ে কোকৰাঝাৰত মৌলানাসকলৰ সৈতে আৰু ১৮ জুনত কোকৰাঝাৰ টাউন মাদ্রাছাৰ মছজিদ আৰু সমাজৰ সৈতেও আন দুখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ একেদৰে যোৱা ৩ জুলাইত মহিলাৰীয়ে গোৰেশ্বৰৰ বাঘডোৰা বি পি এফ কার্যালয়ত এন ডি এফ বিৰ গোবিন্দ বসুমতাৰী নেতৃত্বাধীন গোটটোক বাদ দি আন তিনিটা গোট ক্রমে এন ডি এফ বি (ৰঞ্জন), এন ডি এফ বি (এছ) আৰু এন ডি এফ বি (ডি) গোটৰ লগতে পিপলছ জইণ্ট একচন কমিটী ফৰ বড়োলেণ্ডৰ সৈতেও এখন যুটীয়া বৈঠকত মিলিত হয়৷ অনুৰূপ ধৰণে বি পি এফৰ কার্যকৰী সভাপতি বিশ্বজিৎ দৈমাৰীয়ে যোৱা ২৯ জুলাইত গাৰো জনগোষ্ঠীৰ নেতৃত্বৰ সৈতেও এখন বৈঠকত মিলিত হয়৷ মূলতঃ সংখ্যালঘু, ৰাভা, ৰাজবংশী, আদিবাসী, নেপালী, বাঙালী আদি অবড়ো জনগোষ্ঠী আৰু মূলসুঁতিলৈ উভতি অহা এন ডি এফ বিৰ সদস্যক নিজৰ ফলীয়া কৰি বিটিচি নির্বাচনৰ বৈতৰণী পাৰ হোৱাৰ অংক কৰিছে বি পি এফে৷ ইয়াৰ বিপৰীতে গণ সুৰক্ষা পার্টীৰ আশা– বি পি এফৰ ১৫ বছৰীয়া শাসনকালৰ দুর্নীতি আৰু ইউ পি পি এলৰ প্রতি বড়ো–বড়ো ৰাইজৰ মাজত এতিয়াই উদ্ভৱ হোৱা সন্দেহ আৰু অবিশ্বাসৰ বাবে এইবাৰ বিটিচিৰ শাসন গণ সুৰক্ষা পার্টীৰ হাতলৈ আহিব৷ এই সুযোগৰ সদ্ব্যৱহাৰ কৰাৰ বাবে সাংসদ নৱ শৰণীয়াৰ নেতৃত্বৰ দলটোৱে নতুন ৰণকৌশলেৰে যুদ্ধক্ষেত্রত নামি পৰিছে৷ নির্বাচনী প্রচাৰ অভিযানত দলটোৱে জনসাধাৰণৰ সন্মুখত বি পি এফৰ ১৫ বছৰীয়া অপশাসনৰ সমান্তৰালভাৱে ইউ পি পি এলৰ বি টি আৰ চুক্তি যে অঞ্চলটোত বসবাস কৰা অবড়ো ৰাইজৰ বাবে বিটিচিতকৈও অধিক ভয়াৱহ হ’ব, সেই বিষয়েও ব্যাপক প্রচাৰ আৰম্ভ কৰিছে৷ ফলত বিটিচিত ৰাজনৈতিক প্রেক্ষাপট সম্প্রতি অধিক জটিল হৈ পৰিছে

You might also like