নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ ৰাজ্যৰ বিত্ত, স্বাস্থ্য, লোকনির্মাণ আৰু শিক্ষামন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই আজি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, বিজেপি নেতা জয়ন্ত মল্ল বৰুৱা, ন–বিজেপি তথা প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত আজি কোকৰাঝাৰ চহৰৰ ত্রিবেণী ভৱনৰ প্রেক্ষাগৃহত বিজেপিৰ নির্বাচনী ইস্তাহাৰ মুকলি কৰে৷ বিটিচিত গেৰুৱা দলৰ চৰকাৰ গঠনৰ লক্ষ্যৰে নির্বাচনী প্রচাৰ কার্যসূচী আৰু অধিক ত্বৰান্বিত কৰি প্রতিশ্রুতিৰ বন্যা বোৱাই আজি কোকৰাঝাৰত বিজেপিয়ে নির্বাচনী ইস্তাহাৰ মুকলি কৰি মন্ত্রী ড০ শর্মাই প্রতিটো সমষ্টিত বি পি এফ প্রার্থীক পৰাজিত কৰিবলৈ আহ্বান জনায়৷ বি টি আৰ চুক্তিৰ সফল ৰূপাযণ, বি টি আৰ সাধাৰণ পৰিষদৰ সদস্য সংখ্যা ৬০জনলৈ বৃদ্ধি, বিটিচিৰ কেন্দ্রীয় বাছনি পৰিষদ ভংগ, আর্থিকভাৱে দুর্বল লোকৰ বাবে ১০ শতাংশ চাকৰি সংৰক্ষণ, প্রতিটো পৰিষদীয় সমষ্টিত ৫০টাকৈ উল্লেখযোগ্য নামঘৰ, মন্দিৰ, গির্জা, শ্মশান, কবৰস্থান আদিলৈ আর্থিক সাহায্য, চৰকাৰী ভূমিত বসবাস কৰি থকা লোককো মাটিৰ পট্টা, মাটি কিনা–বেচাৰ ক্ষেত্রত বি টি আৰৰ সকলো শ্রেণীৰ লোকৰ বাবে ১৫ৰ পৰা ৩০ দিনৰ ভিতৰত চৰকাৰী অনুমতি, গোর্খা সম্প্রদায়ৰ লোকসকলৰ ওপৰত অব্যাহত থকা হাৰাশাস্তি বন্ধ কৰা, ডি ভোটাৰৰ নামত উৎপীডন বন্ধ কৰা, যুদ্ধবিৰতিত থকা আদিবাসী সংগঠনৰ সৈতে শান্তি চুক্তি, প্রতিটো ৰাজনৈতিক হত্যাকাণ্ডৰ তদন্ত, চাহ শ্রমিকৰ একাউণ্টলৈ বছৰি তিনি হাজাৰকৈ টকা, প্রয়োজন অনুসৰি কলেজ নির্মাণ, ওদালগুৰিত বডোলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাছ নির্মাণ, প্রতিটো পৰিষদীয় সমষ্টিত ৩০খন বিছনাযুক্ত চিকিৎসালয় নির্মাণ, বিটিচিৰ প্রতিখন চাহ বাগিচাত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন, জনজাতিসকলৰ উপাসনাস্থলীৰ উন্নয়নৰ বাবে ৫ লাখকৈ আর্থিক অনুদান, এমজিএনৰেগা আঁচনিত চলি থকা অনিয়ম বন্ধ, দুর্নীতি আৰু কমিছনৰাজ বন্ধ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্রত কার্যকৰী ব্যৱস্থা গ্রহণ, প্রতিটো জনগোষ্ঠীৰ লোকে বিটিচিত প্রতিনিধিত্ব কৰাৰ সুবিধা পোৱা, ভি চি ডি চিসমূহ ভংগ কৰি নতুন তিনি তৰপীয়া ব্যৱস্থাৰে ৰাইজৰ প্রতিনিধিৰ দ্বাৰা বিকেন্দ্রীকৃত পঞ্চায়ত ব্যৱস্থাৰ প্রৱর্তন আদিকে ধৰি বহু প্রতিশ্রুতি নির্বাচনী ইস্তাহাৰত প্রকাশ কৰিছে৷ তদুপৰি মন্ত্রী ড০ শর্মাই লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ তদন্ত অহা দুমাহৰ ভিতৰতে কৰাৰ চেষ্টা কৰা হ’ব বুলি মন্তব্য কৰে৷ ইয়াৰ উপৰি বিটিচিত পর্বতসম দুর্নীতি হৈছে বুলি মন্তব্য কৰি ড০ হিমন্ত বিশ্ব শর্মাই ২০১৬–১৭ বর্ষৰ পৰা ২০২০–২১ বর্ষলৈ বিটিচিয়ে কমেও ১৫ হাজাৰ কোটি টকাৰ অনুদান পোৱাৰ তথ্য সদৰী কৰি তেওঁ ১৫,০০০ কোটি টকাৰ পুঁজি ব্যৱহাৰত ব্যাপক কেলেংকাৰি হোৱা বুলি মন্তব্য কৰে৷ সামগ্রী যোগানত সর্বাধিক কেলেংকাৰি হোৱাৰ লগতে কেন্দ্রীয় অনুদানেৰে নির্মিত একেটা কামকে কেইবাবাৰো দেখুৱাই ধনৰ হৰলুকী হৈছে বুলি মন্তব্য কৰি বিজেপি শাসনত অহাৰ পাছতে দুর্নীতি, কমিছনৰাজ বন্ধ কৰিব বুলি প্রতিশ্রুতি দিয়ে৷ প্রতিটো ৰাজনৈতিক হত্যাকাণ্ডৰ তদন্ত ক্ষিপ্রতাৰে কৰা হ’ব বুলি ঘোষণা কৰি মন্ত্রী ড০ শর্মাই বিজেপিয়ে চৰকাৰ গঠন কৰিবই বুলি দাবী কৰিছে৷ ইপিনে ইস্তাহাৰ মুকলি অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে বহু নির্দলীয় প্রার্থীয়ে সমর্থন বিচাৰি বিজেপিলৈ পত্র প্রেৰণ কৰা বিষয়টো সন্দর্ভত দুই–এদিনতে সিদ্ধান্ত গ্রহণ কৰা হ’ব আৰু অনাগত বিটিচি নির্বাচনত কেইবাগৰাকী নির্দলীয় প্রার্থীক বিজেপিয়ে সমর্থন আগবঢ়াব আৰু অচিৰেই ঘোষণা কৰা হ’ব৷ কোকৰাঝাৰত নির্বাচনী ইস্তাহাৰ মুকলি কৰাৰ পাছতেই দোতমা পৰিষদীয় সমষ্টিৰ ছেৰফাংগুৰিত বিজেপি প্রার্থীৰ হৈ ড০ হিমন্ত বিশ্ব শর্মাই বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি বি পি এফ দল আৰু হাগ্রামা মহিলাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ তদুপৰি বি পি এফৰ প্রাক্তন বিধায়ক প্রদীপ ব্রহ্মৰ নাম লৈ নির্বাচনত হিংসা হ’লে গোচৰ কেনেদৰে ল’ব লাগে, সেয়া চৰকাৰে জানে বুলি উল্লেখ কৰে ড০ শর্মাই৷ উক্ত নির্বাচনী সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, দোতমা সমষ্টিৰ প্রার্থী বিভূতি বৰগয়াৰী উপস্থিত থাকে৷
১৫ ডিচেম্বৰৰ পৰা বিটিচিত পোহৰ হ’ব_- ড০ হিমন্ত বিশ্ব শর্মা
বিশেষ বার্তা, মুছলপুৰ ঃ অহা ১৫ ডিচেম্বৰৰ পৰা বিটিচিত পোহৰ হ’ব৷ এতিয়াৰে পৰা পোন্ধৰ বছৰৰ অন্ধকাৰৰ পৰা মুক্ত হ’ব লাগিব বিটিচিবাসী৷ –আজি বাক্সা জিলাৰ থমনাৰ ৰাস ক্ষেত্রত বিটিচিৰ ২৩নং দিহিৰা সমষ্টিৰ বিজেপিৰ প্রার্থী কষ্টেনটাইন তির্কীৰ নির্বাচনী সভাত অংশগ্রহণ কৰি বিত্ত, শিক্ষা আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইদৰে কয়৷ ভাষণত হাগ্রামা মহিলাৰীক সমালোচনা তেওঁ কয় যে বিটিচিবাসীয়ে সুদীর্ঘ বছৰ ধৰি বিটিচিত দ্বিতীয় শ্রেণীৰ নাগৰিক হিচাপে বাস কৰি আহিছে৷ অহা ১৫ ডিচেম্বৰৰ পাছত বিটিচিত আৰু কোনেও প্রথম শ্রেণীৰ নাগৰিক হ’ব নালাগে৷ আনহাতে, পৰিষদ গঠনৰ পোন্ধৰ দিনৰ ভিতৰত চক্র বিষয়াই মাটিৰ অনুমতি দিব লাগিবই বুলি দৃঢ়তাৰে কয়৷ হাগ্রামা মহিলাৰীয়ে মন্ত্রী ড০ শর্মাক বিটিচিত সোমাব নিদিয়ে বুলি কোৱা প্রসংগত মন্ত্রীগৰাকীয়ে বিটিচিখন হাগ্রামা মহিলাৰীৰ ঘৰৰ সম্পত্তি নেকি বুলি প্রশ্ণ কৰে৷ ইফালে বিটিচিত সংঘটিত হৈ থকা চৰকাৰী চাউল, পি এম ৱাই আদিত সংঘটিত দুর্নীতিৰ বিষয়েও সৰৱ হয়৷ নির্বাচনত বিজেপি জিকিলে পঞ্চায়ত ব্যৱস্থাৰ প্রৱর্তন কৰিব বুলি ভাষণত কয়৷ আনহাতে, বি পি এফৰ নেতাসকলৰ দুর্নীতিৰ প্রসংগত তেওঁ কয় যে বিজেপিয়ে জিকিলে প্রতিজন দুর্নীতিকাৰী বি পি এফৰ বিৰূদ্ধে দুটাকৈ গোচৰ দিব৷ সমষ্টিটোত ৰাজেশ বৰালক বি পি এফৰ দলীয় প্রার্থীৰ লগতে নির্দলীয় হিচাপে মুন সিং ব্রহ্মকো প্রার্থিত্ব দিয়া কার্যত আশ্চর্য প্রকাশ কৰি হাগ্রামা মহিলাৰীক নির্লিপ্তমানুহ বুলি কটাক্ষ কৰে৷ চৰকাৰী মাটিত থকা লোকক ম্যাদী পট্টা, জিলাভিত্তিক চাকৰি হোৱাৰ লগতে ভেঞ্চাৰ বিদ্যালয়সমূহৰ নিয়ম শিথিলকৰণ, ১০ কোটি টকীয়া ষ্টেডিয়াম নির্মাণৰ উপৰি ১৫ জানুৱাৰীৰ পৰা টিহু–ডুমনী পথ পকীকৰণ হ’ব বুলি ঘোষণা কৰে৷ আনহাতে, থমনা প্রাথমিক চিকিৎসালয় ৩০খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰা হ’ব বুলি কৈ নির্বাচনত কোকৰাঝাৰত মাত্র বিজেপিৰহে পৰিষদ গঠন হ’ব বুলি কয়৷ কোনো দলৰ লগত মিত্রতা নহয় বুলিও তেওঁ কয়৷
‘হাগ্রামাই বিটিচিখন পৈতৃক সম্পত্তি বুলি ভাবিলে নহ’ব’-মথনগুৰিত ড০ শর্মা
‘হাগ্রামাই বিটিচিখন পৈতৃক সম্পত্তি বুলি ভাবিলে নহ’ব৷ হাগ্রামাই মোক বিটিচিত সোমাব নিদিয়াৰ কথা কয়৷ বিটিচি নির্বাচনৰ ফলাফল ঘোষণাৰ দিনা হাগ্রামাৰ ঘৰৰ সন্মুখত গৈ পিকনিক খাম৷’ –এই মন্তব্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ বাক্সাৰ ২০নং মথনগুৰি সমষ্টিৰ লাবদাংগুৰিত বিজেপিৰ নির্বাচনী সভাত এই হুংকাৰ দি মন্ত্রী ড০ শর্মাই লগতে কয় যে বি পি এফক বেলনা মাৰিৰে ৰাইজে কোবাব৷ বি পি এফে বিটিচিত পর্বতসম দুর্নীতি কৰাৰ অভিযোগ তুলি মন্ত্রী ড০ শর্মাই হাগ্রামা মহিলাৰীক তীব্র বাক্যবাণ নিক্ষেপ কৰে৷ ড০ শর্মাই কয়– ‘আমাক অধিকাৰ লাগিব৷ আমি ম্যাদী পট্টাৰ মাটি পোৱাৰ যোগ্য হয় নে নহয়? আমাকটো ম্যাদী পট্টাৰ মাটি লাগিবই৷ বিটিচিত ভি চি ডি চি নির্বাচন হ’ব৷ পাঁচ বছৰৰ মূৰে মূৰে ৰাইজে ভি চি ডি চিক নির্বাচন কৰিব৷ পঞ্চায়তৰ দৰে তিনি খলপীয়া ব্যৱস্থা হ’ব লাগিব ভি চি ডি চি নির্বাচনত৷ মোদীয়ে টকা পঠিয়ায়, বি পি এফে চুৰি কৰি লৈ যায়৷ বি পি এফ চৰকাৰ হোৱাৰ পাছৰে পৰা প্রতিটো জাতি–ধর্মৰ মানুহ বঞ্চিত হৈছে৷ সকলো মানুহৰে দ্বিতীয় শ্রেণীৰ নাগৰিকৰ দৰে অৱস্থা হৈছে৷’ ভাৰতীয় জনতা পার্টীয়ে মথনগুৰি সমষ্টিৰ প্রতিটো প্রান্তত উন্নয়ন কৰিব বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই বিটিচি অঞ্চলত ভেঞ্চাৰ স্কুলৰ প্রাদেশিকীকৰণৰ নিয়ম শিথিল কৰাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে৷ মন্ত্রী ড০ শর্মাই ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত সৰভোগ সমষ্টিত আমূল পৰিৱর্তন হোৱাৰ কথা ব্যক্ত কৰি অনাগত দিনত বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰে ড০ শর্মাই৷ ২০নং মঠনগুৰি সমষ্টিৰ বিজেপিৰ প্রার্থী গৌতম দাসৰ সমর্থনত অনুষ্ঠিত বিশাল নির্বাচনী সভাখনত মন্ত্রী ড০ শর্মাৰ উপৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মঙলদৈ সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ন–বিজেপি নেতা বিশ্বজিৎ দৈমাৰীৰ লগতে বহু নেতা আৰু কেইবাসহস্র সমর্থক উপস্থিত থাকে৷