নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনাঞ্চল ধ্বংসকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ নির্দেশ জগদীশ মুখীৰ

ভিচিডিচি–টিচিএলচিচি নিযুক্তি ব’ড–পৌৰসভা ভংগ ঘোষণা ৰাজ্যপালৰ

নিয়মীয়া বাৰ্তা ২৩ জুনঃ বিটিএডিত সংঘটিত ব্যাপক দুর্নীতি, স্বজন–তোষণৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি ভিচিডিচি, টিচিএলচিচি, কেন্দ্রীয় নিযুক্তি ব’ৰ্ড ভংগ হোৱা বুলি সোমবাৰে কোকৰাঝাৰত ৰাজ্যপাল জগদীশ মুখীয়ে ঘোষণা কৰে৷ ৰাজ্যপালগৰাকীয়ে এসপ্তাহৰ ভিতৰতে ভিচিডিচিসমূহৰ পৰা জবকার্ডসমূহ হিতাধিকাৰীৰ হাতলৈ হস্তান্তৰ কৰিবলৈ কঠোৰ নির্দেশ দিয়ে৷ বিটিএডিৰ শাসন চলাই থকা ৰাজ্যপাল জগদীশ মুখীয়ে দুর্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি ভিচিডিচি, টিচিএলচিচি, চিএছবিসমূহ ভংগৰ ঘোষণা কৰি বিটিএডিৰ চাৰিখনকৈ পৌৰসভাও ভংগ কৰি দিয়া ঘটনাই এতিয়া আলোড়নৰ সৃষ্টি কৰিছে৷ এদিনীয়া ভ্রমণসূচীৰে সোমবাৰে কোকৰাঝাৰত উপস্থিত হোৱা ৰাজ্যপাল মুখীয়ে বিভিন্ন কার্যসূচীৰ অন্তত বিটিচি সচিবালয়ৰ প্রেক্ষাগৃহত আয়োজিত এখন সংবাদ মেলত কয় যে বিটিচি পৰিষদীয় অঞ্চলটোত যথেষ্ট দুর্নীতি সংঘটিত হোৱা বুলি বিভিন্ন পক্ষৰ পৰা অভিযোগ পোৱা গৈছে৷ বিটিএডিত জবকার্ডক লৈ ব্যাপক হাৰত দুর্নীতি সংঘটিত হৈছে বুলি মন্তব্য কৰি ৰাজ্যপালগৰাকীয়ে কয় যে জবকার্ডসমূহ হিতাধিকাৰীৰ সলনি ভিচিডিচিৰ অধ্যক্ষ বা সদস্যৰ ঘৰতহে উপলব্ধ হৈ অহাৰ পৰিণতিতে হিতাধিকাৰীসকলে বহু সময়ত তেওঁলোক কামৰ বিনিময়ত লাভ কৰা প্রাপ্য মজুৰিৰ ক্ষেত্রতো অৱগত নহয়৷ প্রকৃত হিতাধিকাৰীয়ে চৰকাৰী আঁচনিৰ ধন নিজৰ জবকার্ডৰ একাউণ্টত সোমায় নে নোসোমায় সেই বিষয়েও জ্ঞাত নহয় বুলি মন্তব্য কৰি ৰাজ্যপাল মুখীয়ে জবকার্ডক লৈ সংঘটিত হোৱা দুর্নীতি আৰু কেলেংকাৰিৰ বিষয়টো এসপ্তাহৰ ভিতৰত তদন্ত কৰিবলৈ নির্দেশ দিয়ে৷ এতিয়াৰে পৰা জবকার্ডৰ মাধ্যমত ৰূপায়ণ হোৱা চৰকাৰী আঁচনিৰ কাম–কাজসমূহ খণ্ড উন্নয়ন বিষয়াৰ তদাৰকত সম্পন্ন হ’ব বুলি মন্তব্য কৰি ৰাজ্যপালে কেন্দ্রীয় নিযুক্তি ব’ৰ্ড আৰু বিটিএডিৰ ৯খন পৌৰসভাৰ ভিতৰত ৪খন ভংগ কৰাৰ লগতে আন মনোনীত সদস্যসকলৰ কার্যক্ষমতাও ভংগ কৰি দিয়া হৈছে বুলি সংবাদ মেলত উল্লেখ কৰে৷

ইপিনে, বিটিচিৰ বনাঞ্চল ধবংসকাৰী, অবৈধ বালিৰ খনন, শিলৰ কোৱেৰী, চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে ৰাজ্যপাল মুখীয়ে৷ ৰাজ্যপাল মুখীয়ে বিটিএডি অঞ্চলক চিৰসেউজ কৰি ৰখাৰ স্বার্থত বনধবংস ৰোধ কৰিবই লাগিব বুলি মন্তব্য কৰি বনাঞ্চল ধবংসকাৰী, চোৰাং চিকাৰী, অবৈধভাৱে বালি খনন আৰু অবৈধ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে৷ এডালো গছ কটা নহ’ব আৰু এডাল কাঠো সৰবৰাহ কৰিব নোৱাৰিব বুলি মন্তব্য কৰি ৰাজ্যপাল জগদীশ মুখীয়ে বড়োলেণ্ড অঞ্চলৰ প্রাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰিবলৈ তথা অঞ্চলটোক চিৰসেউজ কৰি ৰখাৰ স্বার্থত বিশ্ব পৰিৱেশ দিৱসৰ দিনাৰ পৰাই ৪০ লাখ গছপুলি ৰোপণৰ অভিযান আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে ১৩ লাখ গছপুলি ৰোপণ কৰা হৈছে বুলি সদৰী কৰে৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদত সোমবাৰে ৪০০ গছপুলি ৰোপণৰ শুভাৰম্ভ কৰি ৰাজ্যপালগৰাকীয়ে জুন আৰু জুলাই মাহত প্রতিগৰাকী লোকক ৫টাকৈ প্রতিমাহে গছপুলি ৰোপণৰ লগতে চৰকাৰী চাকৰিয়ালসকলক ১০টাকৈ গছপুলি ৰুবলৈ আহ্বান জনাইছে৷

উল্লেখ্য যে ৰাজ্যপাল মুখীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ত গছপুলি ৰোপণ কৰাৰ পাছত বিটিচিত জনতাৰ দৰবাৰ অনুষ্ঠিত কৰে, য’ত বিভিন্ন দল–সংগঠনৰ প্রতিনিধিয়ে ৰাজ্যপালক সাক্ষাৎ কৰি বিভিন্ন বিষয়ৰ পৰা স্মাৰক–পত্র প্রদান কৰে৷ ৰাজ্যপাল মুখীয়ে কোকৰাঝাৰ পৌৰসভাৰ অধীনৰ বজাৰগৃহও পৰিদর্শন কৰি বজাৰ গৃহৰ লগতে স্থানীয় ব্যৱসায়ীসকলৰ সমস্যা আৰু অভাৱ–অভিযোগৰ বিষয়ে বুজ লয়৷ বজাৰ গৃহ পৰিদর্শন কৰি ৰাজ্যপালগৰাকীয়ে তিনি মহলাযুক্ত বজাৰ গৃহটো ক্রেতা–বিক্রেতাৰ সুবিধার্থে অতি শীঘ্রে লিফ্ট স্থাপন কৰা হ’ব বুলিও প্রকাশ কৰে৷ তদুপৰি ৰাজ্যপাল মুখীয়ে বিটিচি সচিবালয়ৰ প্রেক্ষাগৃহত বিটিচিৰ মুখ্য সচিব, প্রশাসক, চাৰিওখন জিলাৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক , সেনা–র্ধসামৰিক বাহিনীৰ উচ্চপদস্থ বিষয়াৰ সৈতেও বৈঠকত মিলিত হৈ পৰিস্থিতিৰ বুজ লয়৷

You might also like