নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ অহা ১০–১৫ দিনৰ ভিতৰত ৰাজ্যত ৩০ হাজাৰ শিক্ষকৰ নিযুক্তি হ’ব৷ –বুধবাৰে ওদালগুৰিত সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রী ড০ শর্মাই কয় যে চাকৰি নিয়মীয়াকৰণ তথা প্রাদেশিকীকৰণৰ জৰিয়তে এই শিক্ষক নিযুক্তি হৈ যোৱাৰ পাছত শিক্ষা বিভাগত একপ্রকাৰ সমস্যা নাথাকিব৷ প্রায়বোৰ সমস্যাই সমাধান হৈ যাব৷ সেইদৰে আসন্ন বিধানসভা নির্বাচনত ইউ পি পি এল আৰু বিজেপিয়ে একেলগে নির্বাচন খেলাটো এশ শতাংশ নিশ্চিত বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে বিটিচিৰ অন্তর্গত বিধাসনভা সমষ্টিসমূহত ইউ পি পি এলৰ নেতৃত্বত বিজেপিয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ শেহতীয়া অসম ভ্রমণৰ সময়তেই ইউ পি পি এলৰে মিত্রতা চূড়ান্ত হোৱাৰ লগতে কোনকেইটা সমষ্টিত কোনে প্রতিদ্বন্দ্বিতা কৰিব, সেয়া নির্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অহা ফেব্রুৱাৰী মাহৰ শেষত অথবা নির্বাচনৰ দিন ঘোষণাৰ লগে লগে আসন বুজাবুজিৰ বিষয়ে প্রকাশ কৰা হ’ব৷ একেদৰে বি পি এফ দলক বিজেপিয়ে শেষ কৰা নাই বুলি জানিবলৈ দি কয় যে ৫ বছৰৰ বাবে বি পি এফৰ লগত হোৱা মিত্রতা আজিও বাহাল আছে৷ সেই প্রতিশ্রুতিৰ পৰা বিজেপি আঁতৰি অহা নাই৷ এতিয়াও চৰকাৰত বি পি এফৰ তিনিগৰাকী মন্ত্রী আছে৷
আনহাতে, কংগ্রেছ সাংসদ গৌৰৱ গগৈয়ে অগপত হিমন্ত বিশ্ব শর্মাৰ এজেণ্ট আছে বুলি কৰা মন্তব্যক মন্ত্রীগৰাকীয়ে অপৰিপক্ব মন্তব্য বুলি অভিহিত কৰে মন্ত্রীগৰাকীয়ে৷ গৌৰৱ গগৈ সৰু ল’ৰা বাবেই তেনেদৰে কৈছে বুলি কটাক্ষ কৰি তেওঁ কয় যে অগপ হৈছে বন্ধু দল৷ বন্ধু দলৰ লগত এজেণ্ট কিয় লাগে? অগপৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলটোৰ সকলো নেতা তেওঁৰ সৈতে নিশা ২–৩ বজালৈ একেলগে বহি থাকে৷ অগপও সন্তুষ্ট৷ অগপৰ নেতাসকল শান্তি আৰু ফূর্টিত আছে৷ সেইদৰে গৌৰৱ গগৈয়ে তিনি গগৈ একলগ হোৱাৰ প্রসংগকো কটাক্ষ কৰি তেওঁ কয় যে অসমত এক লাখ গগৈ আছে৷ তাৰে তিনিজনহে গুচি গৈছে৷ বাকী সকলো গগৈ আমাৰ লগতে আছে৷ আনহাতে, এন ডি এফ বিৰ কেডাৰসকলৰ বিৰুদ্ধে থকা গোচৰ প্রত্যাহাৰৰ বাবে চৰকাৰে ইতিমধ্যে বিশেষ আদালত গঠন কৰাৰ বিষয়ে জানিবলৈ দি তেওঁ কয় যে এটা এটাকৈ সেই গোচৰসমূহ প্রত্যাহাৰ হ’ব৷ অত্যন্ত গুৰুতৰ অপৰাধমূলক গোচৰৰ বাহিৰে সকলো গোচৰ প্রত্যাহাৰ হ’ব৷ অখিল গগৈৰ প্রসংগতো তেওঁ কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে অখিলৰ বিৰুদ্ধে থকা প্রায় ৩৪টা গোচৰৰ জামিন দিছে৷ এটাৰহে দিয়া নাই৷ ন্যায়ালয়ে উভয় পক্ষৰ অধিবক্তাৰ যুক্তি শুনিহে জামিন প্রদান কৰে৷ ইয়াত চৰকাৰৰ কৰিবলগীয়া একো নাথাকে৷
দেশৰ ভিতৰতেই আটাইতকৈ সুন্দৰ
অঞ্চল হিচাপে গঢ়ি উঠিব বি টি আৰ ড০ শর্মা
ওদালগুৰিৰ অম্বাগাঁও পথাৰত বুধবাৰে অনুষ্ঠিত তৃতীয় বড়ো শান্তি চুক্তিৰ জৰিয়তে গঠন হোৱা বি টি আৰৰ প্রথমটো বর্ষপূর্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্য চৰকাৰৰ গুডউইল প্রকল্পৰ অধীনত ৯৪টা পথ নির্মাণৰ বাবে প্রায় ১২ হাজাৰ কোটি টকা আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷ উক্ত অনুষ্ঠানত ভাষণ প্রদান কৰি মন্ত্রী ড০ শর্মাই কয় যে বি টি আৰ চুক্তিৰ জৰিয়তে বডোফা উপেন্দ্রনাথ ব্রহ্মই ৰাজ্যৰ বড়োসকলৰ আত্মনিয়ন্ত্রণৰ আশা আৰু আকাংক্ষাৰে আৰম্ভ কৰা সংগ্রামৰ ফল বাস্তৱায়িত হৈছে৷ বি টি আৰ চুক্তিৰ সকলো দফাৰ ৰূপায়ণ হ’লে সমগ্র ভাৰতবর্ষৰ ভিতৰতেই অঞ্চলটো সর্বাংগসুন্দৰ হিচাপে গঢ় লৈ উঠিব৷ বিটিচি নির্বাচনৰ পাছত প্রমোদ বড়োৰ নেতৃত্বত গঠন হোৱা বিটিচিৰ মিত্রজোঁটৰ চৰকাৰে অঞ্চলটোত সমন্বয়ৰ নতুন চিন্তা গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ পৰিষদ গঠন হোৱাৰ এমাহৰ ভিতৰতেই অঞ্চলটোৰ প্রতিটো জাতি–জনগোষ্ঠীৰ নামত মাটিৰ পট্টা প্রদান কৰি প্রমোদ বড়ো আৰু গোবিন্দ বসুমতাৰীয়ে এক ডাঙৰ বার্তা দিবলৈ সক্ষম হৈছে৷ আজি আনুষ্ঠানিকভাৱে প্রতীকী ৰূপত ১১গৰাকী লোকৰ হাতত মাটিৰ পট্টা দিয়া হয় আৰু অহা কেইদিনমানৰ ভিতৰত বি টি আৰ অঞ্চলৰ ১১ হাজাৰ ভূমিহীন লোকক মাটিৰ পট্টা প্রদান কৰা হ’ব৷ তেওঁ আৰু কয় যে ওদালগুৰি মহাবিদ্যালয়ত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাছ অহা বর্ষৰ পৰাই আৰম্ভ হ’ব৷ কেইদিনমান পাছতেই ওদালগুৰিত এখন আদর্শ মহাবিদ্যালয় স্থাপন কৰা হ’ব৷ অনাগত দিনত বিটিচিৰ প্রতিটো পৰিষদীয় সমষ্টিত একোখনকৈ মহাবিদ্যালয় স্থাপন কৰা হ’ব৷ বি টি আৰৰ তামুলপুৰক নতুনকৈ জিলা হিচাপে গঢ়ি তোলা হ’ব৷ ভাষণত তেওঁ হাগ্রামা মহিলাৰী নেতৃত্বাধীন পূর্বৰ বিটিচি চৰকাৰক সমালোচনা কৰি কয় যে পূর্বৰ চৰকাৰখনে প্রায় আঢ়ৈ হাজাৰ কোটি টকাৰ ধাৰ এৰি থৈ গৈছে৷ অনুষ্ঠানত অংশগ্রহণ কৰি বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে কয় যে বি টি আৰ চুক্তিৰ সকলো দফা ৰূপায়ণ কৰিবলৈ ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰে সহযোগ আগবঢ়াব৷ চুক্তিখনৰ প্রতিটো দফা কার্যকৰী হ’লে অঞ্চলটোত এক অভূতপূর্ব উন্নয়ন হ’ব৷ সেইদৰে বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই কয় যে বি টি আৰ চুক্তিয়ে অঞ্চলটোত সকলো জাতি–জনগোষ্ঠীৰ মাজত সমন্বয় সৃষ্টি কৰি উন্নয়নৰ নতুন দিগন্ত সূচনা কৰিবলৈ সক্ষম হৈছে৷ আজি অনুষ্ঠানত বিটিচিৰ উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰী, এবছুৰ সভাপতি দ্বীপেন বড়ো, ৰাজ্যসভাৰ প্রাক্তন সাংসদ উর্খাও গৌৰা ব্রহ্ময়ো ভাষণ দিয়ে৷