নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ BTCৰ নতুন পৰিষদক অস্থিৰ কৰাৰ চেষ্টা BPFৰ। BPFৰ প্ৰচেষ্টাই নতুন পৰিষদক কোনো ক্ষতি নকৰে বুলি আজি সাংবাদিকৰ আগত মন্তব্য কৰে BTC প্ৰদান প্ৰমোদ বড়োৱে।
তেওঁলোকে এটা চিন্তা দিবৰ বাবে আদালতত গোচৰ দিছে। ইয়াৰ দ্বাৰা কাৰো একো লাভ নহয়। তেওঁলোকে বহুদিন শাসন কৰিলে ইয়াত যে নিয়ম বনাব লাগে তেওঁলোকে নাজানে আমিহে ইয়াত নীতি-নিয়ম বনোৱাৰ চেষ্টা কৰিছে। ১৭ বছৰে তেওঁলোকে কোনো চিষ্টেম বনোৱা নাই। আমিহে সকলো ভাল চিন্তা কৰি চিষ্টেম বনোৱাৰ কথা চিন্তা কৰিছো বুলি মন্তব্য প্ৰমোদ বড়োৰ।