নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালনোটৰ বেহাৰে জড়িত বুবুল এছটিএফৰ জালত

বিশেষ বাৰ্তা, ৯ জুলাই :  আজি পুৱতি নিশা অসমৰ বিশেষ আৰক্ষী গোট এছটিএফৰ এটি অভিযানকাৰী দলে গুৱাহাটীৰ হাতীগাঁও এলেকাত অভিযান চলাই জালনোটৰ লগত জড়িত বুবুল আলম নামৰ এটা অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। স্মৰ্তব্য যে ইয়াৰ আগতে যোৱা ৫ জুলাইৰ সন্ধিয়া ৭ মান বজাত গুৱাহাটী এছটিএফৰ এটা অভিযানকাৰী দলে গুৱাহাটীৰ আইএছবিটিৰ কাষৰ পৰা ছাহানুৰ ইছলাম নামৰ মঙলদৈৰ জালনোট সৰবৰাহৰ সৈতে জড়িত এজন ব্যক্তিক তেওঁ ব্যৱহাৰ কৰা এ এছ-০১ ই কে-৫৬৪৪ নম্বৰৰ মাৰুতি ব্ৰিজা গাড়ীসহ আটক কৰাৰ পিছত লগে লগে গুৱাহাটীৰ আহোমগাঁওস্থিত ব্যক্তিজনে সপৰিয়ালে বাস কৰা ঘৰটোত তালাচী চলাই পাঁচশটকীয়া জালনোটৰ এটা বাণ্ডিল, ফটোষ্টেট কৰা পাঁচশটকীয়া নোট, পাঁচশটকীয়া নোটৰ চাইজৰ বগা কাগজৰ‌ দ’ম, পিষ্টলৰ আকৃতি আৰু অৱয়বৰ এটা লাইটাৰ, ৮ খন পাঁচশটকীয়া আচল নোট আৰু চাৰিটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছিল। তদন্তৰ তথ্যৰ ভিত্তিত গুৱাহাটীৰ এছটিএফৰ তদন্তকাৰী দলটোৱে আজি পুৱতি নিশা গুৱাহাটীৰ হাতিগাঁও থানাৰ অন্তৰ্গত দক্ষিণগাঁৱত অভিযান চলাই এটি ভাৰাঘৰত আত্মগোপন কৰি থকা ছাহানুৰ ইছলামৰ সহযোগী বুবুল আলমক পুৱা ৪.৩০ বজাত আটক কৰিবলৈ সক্ষম হয়। আজি আটক কৰা বুবুল আলম (৩১)ৰ ঘৰ বৰপেটা জিলাৰ আলুগুটি চৰ থানাৰ অন্তৰ্গত আলুগুটি চৰ গাঁৱত। উল্লেখনীয় যে ৫ জুলাইত আটকাধীন ছাহানুৰ ইছলামে আচল নোট জমা দিয়াৰ পৰিমাণৰ দুগুণ পৰিমাণৰ আচল নোট যেন দেখা নকল‌ নোট দিবলৈ গ্ৰাহকক প্ৰলোভিত কৰি মাতি আনি লুটপাত চলাই আচল নোটবোৰ ৰাখি থোৱাৰ কৌশল অৱলম্বন কৰি আহিছে। এই সংক্ৰান্তত ভাৰতীয় দণ্ডবিধিৰ 120(B)/489(A)/489(C)/489(D) ধাৰাৰ অধীনত এছটিএফ থানাত 05/2023 নম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত চলাই থকা হৈছে। আজি একেটা গোচৰতে বুবুল আলমকো আটক কৰা হয়।

You might also like