নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধিৱেশনৰ সামৰণি : বিৰোধীৰ বাক-বিতণ্ডাৰে বিটিআৰত গৃহীত ৮০০ কোটিৰ বাজেট 

ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ৫ এপ্ৰিল : বিটিআৰ বিধান পৰিষদীয় ভৱনত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বাজেট অধিৱেশনৰ আজি সামৰণি পৰে৷ অধিৱেশনৰ আজি অন্তিম দিনা বিটিআৰৰ ২০২৩-২৪ বৰ্ষৰ বাবে ৮০০ কোটি টকাৰ সাধাৰণ বাজেট সদনত গৃহীত হয় ৷ উল্লেখ্য যে বিটিআৰৰ বিত্ত বিভাগৰো দায়িত্বত থকা মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই কালি সদনত বিটিআৰৰ ৩৯টা বিভাগৰ বাবে ৮০০ কোটি টকাৰ বাজেট দাখিল কৰিছিল ৷ বাজেটৰ ওপৰত আজি চৰ্চা হোৱাৰ অন্তত শাসক বিৰোধীৰ বাকবিতণ্ডাৰ মাজতে সদনৰ সৰ্বসন্মতিমৰ্মে বাজেটখন গৃহীত কৰা হয়৷ ইপিনে বাজেট অধিবেশনৰ অন্তিম দিনা সদনত বিৰোধী দল বিপিএফৰ কেইবাগৰাকী পাৰিষদে প্ৰমোদ বড়ো নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে উপস্থাপন কৰা বাজেটখনত কেতবোৰ আসোঁৱাহ থকা বুলি কৈ ইয়াৰ শুধৰণি কৰিবলৈ দাবী জনায়৷ বিশেষকৈ বিৰোধীৰ হৈ বিপিএফৰ পাৰিষদ দনেশ্বৰ গয়াৰী আৰু জয় মুছাহাৰীয়ে সদনত বাজেটখনক লৈ সৰৱ হৈ পৰা পৰিলক্ষিত হয়৷ ইপিনে বাজেটখন বিটিআৰবাসীক নতুন চিন্তাধাৰাৰে আগবঢ়াই নিয়াৰ সুন্দৰ বাজেট বুলি কয় বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । তেওঁ আগৰ চৰকাৰে কৰি যোৱা ভুলৰ বাবে ২৯০০ কোটি টকাৰ অনাদায় বিলৰ বাবে বিগত দুটা বৰ্ষত আমাৰ চৰকাৰখনে পাপ মোচন কৰাৰ লেখীয়া হৈছে বুলি তিৰ্যক মন্তব্য কৰে ৷ হাগ্ৰামাৰ আমোলত  চিডি ফান্দক বন্ধ কৰিবলৈ কেগে পৰামৰ্শ দিছিল যদিও কৰা নাছিল ৷ কিন্তু আমাৰ চৰকাৰখনে চৰকাৰী উন্নয়নৰ পূজিৰ ধন সদব্যৱহাৰ কৰিবলৈ চিডি ফান্দক বন্ধ কৰা বুলি কয় ৷ প্ৰমোদ বড়োই বিৰোধী দলে উপস্থাপন কৰা সকলো মন্তব্যক নসাৎ কৰি কয় আমাৰ চৰকাৰে মূল্যবোধৰ ৰাজনীতি কৰি আছে৷ পাঁচটা মিছা কথাকৈ ৰাজনীতি কৰাটো সমীচীন নহয় ৷ গতিকে সুতা কম্বলৰ ৰাজনীতি কৰি আমি জনতাক ঠগ দিয়া নাই৷ আমাৰ চৰকাৰৰ দিনত দৰিদ্ৰ লোকৰ বাবে জ্ঞানসৌৰা, অনচাই বিথাংখি, বৈসুমুথি, বডোফা জীৱিকা মিছন, পিএ মিছন, হস্ততাঁত মিছন, বডোফা চুপাৰ ফিফটিকে ধৰি বহু এনে আঁচনি হাতত লোৱা বুলি কয় প্ৰমোদ বড়োৱে ৷
প্ৰেৰক শুকুৰ আকন্দ
You might also like