নাৰায়ণপুৰ-বৰপথাৰ- গোসাঁইবাৰীত বৌদ্ধ পূৰ্ণিমা পালন
নিয়মীয়া বাৰ্তা, ৭ মেঃ অসমৰ অন্যতম জনগোষ্ঠী খামতিসকলৰ আজি পৱিত্ৰ বুদ্ধ পূৰ্ণিমা।তেওঁলোকৰ জগতৰ সৰ্বস্তৰৰ কল্যাণ আৰু মুক্তিৰ বাবে কৰুণাময় গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ, মহাপৰিনিৰ্বানৰ ত্ৰিবেণী তিথি। জগতৰ দুখ, জৰা, মৃত্যুৰ সাঁথৰ ভাঙিবলৈ ছয় বছৰ কঠিন তপস্যাৰ মূৰত বুদ্ধত্ব প্ৰাপ্তি হয় এই পৱিত্ৰ ব’হাগী পূৰ্ণিমাতে। চাৰি আৰ্যসত্যৰ উপলব্ধি তেওঁৰ কৃচ্ছ সাধনাৰ ফচল। অনিত্য সংসাৰ অনন্ত দুখৰপৰা হাত সৰাৰ উপায় মাথো অমৃত নিৰ্বান। এই নিৰ্বানৰ পথ আৰ্য অষ্টাংগিক মাৰ্গ। এই মাৰ্গক শীল, সমাধি আৰু প্ৰজ্ঞা তত্ত্বটো সংক্ষিপ্ত কৰি ক’ব পাৰি যে বুদ্ধ মাৰ্গদাতাহে আছিল, মোক্ষদাতা নাছিল। বুদ্ধৰ মতে, ‘আত্ম দীপো ভৱ’। নিজেই নিজৰ পোহৰ হোৱা। মৈত্ৰী, শীল আদি মহৎ গুণৰাশিৰে বুদ্ধৰ (তথা মহৎ পুৰুষসকলৰ) পথেৰে আগুৱাই আদৰ্শ কল্যাণময় জীৱন কটাব পাৰি। এই মাৰ্গ দৰ্শনেৰে আজি লকডাউনৰ মাজতে চৰকাৰী নীতি-নিয়ম মানিয়েই লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ বৰখামতি, বৰপথাৰ আৰু গোসাঁইবাৰী গাঁওৰ বৌদ্ধ বিহাৰত পতাকা উত্তোলনেৰে পালন কৰে। উক্ত বৌদ্ধ পূৰ্ণিমাৰ উপলক্ষে বৰখামতি বৌদ্ধ বিহাৰৰ তৰফৰপৰা ৰাজ্যৰ সকলোৰে প্ৰতি বৌদ্ধ মন্দিৰৰ ভান্তি আদিকল্যাণ ভিক্ষু, পাঠেক চাও ঠেৱম নামচম, গাঁওবুঢ়া সূৰ্য কুমাৰ মানপাং আৰু নাৰায়ণপুৰ পৌৰ সভাৰ প্ৰাক্তন উপ-সভাপতি খ’চেং মিইনে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।