নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধ বাছৰ চলাচল–যাত্রীৰ হাহাকাৰ

চকাবন্ধত স্তব্ধ ৰাজ্যৰ স্বাভাৱিক জীৱন

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ  বিভিন্ন দাবীৰ সমর্থনত সদৌ অসম মটৰ পৰিবহণ সন্থাই আজিৰে পৰা আহ্বান জনোৱা অনির্দিষ্টকালীন চকাবন্ধৰ ফলত স্তব্ধ হৈ পৰে ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্রা৷ যাত্রীবাহী বাহনসমূহৰ চলাচল প্রায় বন্ধ হৈ পৰাত দুর্ভোগ ভুগিবলগীয়া হয় সাধাৰণ যাত্রীসকলে৷ দূৰণিবটীয়া বাছসমূহৰ লগতে চিটীবাছ, ট্রেকাৰ আদিৰ চলাচল বন্ধ হৈ পৰাৰ ফলত বাছ আস্থানসমূহত দীর্ঘসময়ৰ বাবে অপেক্ষা কৰিবলগীয়া হয় যাত্রীসকলে৷ চকাবন্ধ কার্যসূচীৰ প্রতি লক্ষ্য ৰাখি অসম ৰাজ্যিক পৰিবহণ নিগমে সমগ্র ৰাজ্যত প্রায় ৬৫০খন বাছ চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল যদিও এই বাছসমূহে কার্যতঃ যাত্রীৰ অভাৱ পূৰণ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত নহ’ল৷ খোদ মহানগৰীতে যাত্রী অনুপাতে বাছৰ ব্যৱস্থা কৰিবলৈ সক্ষম নহ’ল নিগম৷ ইয়াৰ পৰিৱর্তে একাংশ চিটীবাছত ক’ভিড প্রট’কল ভংগ কৰি ঠেলা–হেঁচাকৈ যাত্রী উঠা দেখা গ’ল৷ বহু স্থানত যাত্রীয়ে দেখাই নাপালে নিগমৰ বাছ৷ ফলত মহানগৰবাসীকে ধৰি ৰাজ্যৰ ভিন্ন প্রান্তত হাহাকাৰ কৰিবলগীয়া হয় যাত্রীসকলে৷ গুৱাহাটীত সাধাৰণ ৰাইজে কেব সেৱাৰ সহায় ল’বলগীয়া পৰিস্থিতি সৃষ্টি হয়৷

ইপিনে, বন্ধৰ সমর্থনত সোমবাৰে ৰাজপথলৈ ওলাই আহিল অসম মটৰ পৰিবহণ সন্থা৷ মহানগৰীৰ প্রান্তে প্রান্তে প্রতিবাদ সাব্যস্ত কৰি শীঘ্রে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায় সন্থাই৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি বিগত কেইবামাহো ধৰি ৰাজহুৱা পৰিবহণ ব্যৱস্থা সম্পূর্ণৰূপে বন্ধ ৰখা হৈছিল৷ পৰৱর্তী সময়ত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ অধীনত চলাচল কৰা বাছ আৰু অন্যান্য সেৱাসমূহ চলাবলৈ চৰকাৰে অনুমতি প্রদান কৰে যদিও কেতবোৰ নীতি–নির্দেশনা নির্ধাৰণ কৰি দিয়ে৷ বিশেষকৈ বাছ আৰু ট্রেকাৰসমূহত যাতে সামাজিক দূৰত্ব মানি চলিব পাৰে, তাৰ বাবে ৫০ শতাংশ যাত্রী উঠোৱাৰহে অনুমতি প্রদান কৰা হয়৷ যাক লৈ পৰিবহণ সন্থাই অসন্তুষ্টি প্রকাশ কৰি আহিছে৷ তেওঁলোকে ক’ভিডৰ সংক্রমণ অব্যাহত থকাৰ সময়ছোৱাত অর্থাৎ যেতিয়ালৈ ৫০ শতাংশ যাত্রী কঢ়িওৱাৰ অনুমতি কার্যকৰী হৈ থাকিব, সেই সময়লৈ ৫০ শতাংশ ভাৰা বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰি আহিছে৷ তদুপৰি পথ কৰ ৰেহাই, যাত্রীবাহী বাহনসমূহৰ তিনিমহীয়া কৰ ৰেহাই আদি দাবীও পূৰণ কৰিবলৈ চৰকাৰক তেওঁলোকে আহ্বান জনাই আহিছে৷ এইক্ষেত্রত চৰকাৰৰ পৰা সহযোগিতা লাভ নকৰাত আজিৰ পৰা সদৌ অসম মটৰ পৰিবহণ সন্থাই অনির্দিষ্টকালীন চকাবন্ধ কার্যসূচীৰ আহ্বান জনায়৷ এই আহ্বানৰ প্রতি সঁহাৰি জনাই সোমবাৰে ৰাজ্যত বন্ধ থাকে যাত্রীবাহী বাহনসমূহৰ চলাচল৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বিভাগীয়ভাৱে ভাৰা বৃদ্ধি নকৰিলেও বহুসংখ্যক বাহনে যাত্রীৰ পৰা বর্তমানেও দুগুণ হাৰত ভাৰা আদায় কৰি আহিছে৷ সমান্তৰালভাৱে ক’ভিড প্রট’কল ভংগ কৰিও বহু বাহনে ৫০ শতাংশতকৈ অধিক যাত্রী কঢ়িওৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ এনে সময়তে মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা চকাবন্ধত পণবন্দী হৈ ৰ’ল সাধাৰণ ৰাইজ৷ কাইলৈ সন্থা চৰকাৰৰ সৈতে আলোচনাত মিলিত হ’ব যদিও লিখিত আশ্বাস প্রদান নকৰিলে এই কার্যসূচী প্রত্যাহাৰ কৰা নহ’ব বুলি সন্থাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে৷

You might also like