নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ CAA সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি। মুখ্য ন্যায়াধীশসহ তিনিজনীয়া বিচাৰপীঠৰ ৰায়দান। উত্তৰ দিবলৈ কেন্দ্ৰই ৬ সপ্তাহৰ সময় বিচাৰিছিল কিন্তু কেন্দ্ৰক ৪ সপ্তাহৰ সময় দিলে উচ্চতম ন্য়ায়ালয়ে। কেন্দ্ৰলৈ জানানী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বৰেই কয় যে অসমৰ পৰিস্থিতি সুকীয়া। অসম আৰু ত্ৰিপুৰাৰ আৱেদনসমূহৰ পৃথককৈ হ’ব শুনানি। CAAৰ সন্দৰ্ভত স্থগিতাদেশ দিব বিচৰা নাই উচ্চতম ন্যায়ালয়ে। কোনো উচ্চ ন্যায়ালয়ক CAA সন্দৰ্ভত গোচৰ নল’বলৈও আহ্ৱান উচ্চতম ন্যায়ালয়ৰ। আটাইখিনি আৱেদন পুনৰ নিৰীক্ষণৰ পিছতহে সিদ্ধান্ত গ্ৰহণ কৰিব ন্যায়ালয়ে।