নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ছুপ্ৰিম কৰ্টত নাগৰিকত্ব সংশোধনী আইনৰ শুনানি

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ: বহু বিতর্কিত নাগৰিকত্ব সংশোধনী আইন (কা) সন্দর্ভত আজি শুনানি গ্রহণ কৰিব উচ্চতম ন্যায়ালয়ে৷ ‘কা’ক প্রত্যাহ্বান জনাই অসম সন্মিলিত মহাসংঘই দাখিল কৰা ১৫১৪/২০১৯ নম্বৰৰ লেখ আবেদনখনৰ বিপৰীতে মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠত শুনানি হ’ব৷ নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক লোকসভা–ৰাজ্যসভা উভয় সংসদতে গৃহীত হৈ আইনৰ ৰূপ লাভ কৰাৰ পাছতে অসম সন্মিলিত মহাসংঘৰ কার্যকৰী সভাপতি মতিউৰ ৰহমানে কেইবাটাও জনগোষ্ঠীয় সংগঠনক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ সহযোগী আন গুচৰীয়াসকল হ’ল– বিশিষ্ট শিক্ষাবিদ প্রণৱ কুমাৰ মজুমদাৰ, অসম আন্দোলনৰ শ্বহীদৰ ককায়েক দীপক কুমাৰ নাথ, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ প্রাক্তন সভাপতি শান্তনু দাস বৰহাজোৱাল, চিংফৌ জাতীয় পৰিষদৰ সভাপতি ৰজা বিচা নং চিংফৌ, টাংছা নগা জাতীয় পৰিষদৰ সভাপতি নং সংকুক, অ’ তুৰুং জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক চানো শ্যাম, সদৌ অসম তাই থাময়াং জাতীয় পৰিষদৰ সভাপতি নৰেন্দ্র নাথ শ্যাম, সদৌ অসম দেমা নগা কাউন্সিলৰ সভাপতি কাহড’ ছেমা, সদৌ অসম তাইফাকে জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আই মৌন ছাখাপ, ফুৰা–লুং সংঘ (অসম)ৰ সভাপতি জ্ঞানানন্দ ফুকন, সদৌ অসম বৌদ্ধ মহাসভাৰ সভাপতি জ্ঞানপাল মহাথেৰ, মান তাইভাষী সমন্বয়ৰক্ষী সমিতৰ সভাপতি দুর্গাধৰ শ্যাম, নক্তে নগা কাউন্সিলৰ সভাপতি শশীন্দ্র নক্তে, মোহন–দেওধাই–বাইলুং সন্মিলনৰ সভাপতি মনোৰঞ্জন ফুকন, তাই খামতি জাতীয় পৰিষদৰ সভাপতি ৰজত নামচুম গোহাঁই, সদৌ চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক হৰেন চুতীয়া, দেউৰী সংগ্রাম সমিতিৰ সভাপতি প্রদীপ দেউৰী, গৰিয়া–মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদৰ সাধাৰণ সম্পাদক ফজলুল কৰিম হাজৰিকা, মৰাণ সাহিত্য সভাৰ সম্পাদক অজিত মৰাণ, হিলছ ড্রাইবেল লীগৰ সভাপতি ছয়ছিং ৰংপি, কার্বি ছাত্র সন্থাৰ সভাপতি বিজয় বে’, কার্বি ছাত্র আৰু যুৱ পৰিষদৰ সভাপতি বিপুল টিচ’, কুকী ছাত্র সন্থাৰ সভাপতি লেনগিন চিংচন, কুকী নেচনেল এচেম্বলীৰ সভাপতি টংথাং টৌথাং, অসম মেইতেই আপুনবা লুপৰ সম্পাদক জয়বাবু সিংহ, সদৌ তিৱা ছাত্র সন্থাৰ সভাপতি ধর্মছিং বৰদলৈ, তিৱা যুৱ–ছাত্র পৰিষদৰ সভাপতি ৰত্নেশ্বৰ দেউৰী, সদৌ তিৱা সুৰক্ষা সমিতিৰ সভাপতি চিজয় দেউৰী, তিৱা জাতীয় ঐক্য মঞ্চৰ সভাপতি ভূপেন খলাৰ আৰু সদৌ অসম জাগ্রত মহিলা পৰিষদৰ সভানেত্রী আভা বৰা৷ ইফালে কেন্দ্রীয় চৰকাৰে বিদেশী আইন (১৯৪৬)ৰ অধীনত বিদেশী হুকুম (১৯৪৮)ৰ সংশোধন কৰি ৩(ক) যুক্ত কৰা আৰু লগতে পাছপ’ট আইন (১৯২০)ৰ অধীনস্থ নিয়ম (১৯৫০)ৰ সংশোধন কৰি নিয়ম ৪, উপবিধি (১) যুক্ত কৰি জাৰি কৰা ২০১৫ চনৰ ৭ ছেপ্ঢেম্বৰৰ অধিসূচনাখনক প্রত্যাহ্বান জনাইছিল অসম সন্মিলিত মহাসংঘই৷ উক্ত ৬৮/২০১৬নং গোচৰটো ৫জনীয়া সাংবিধানিক বিচাৰপীঠত শুনানি হ’ব৷ এই সংশোধনীৰ ভিত্তিত কেৱল হিন্দু বিদেশীক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিবলৈ নাগৰিকত্ব সংশোধনী আইন সংসদে গ্রহণ কৰিছিল৷ আনকি পাছপ’ট বা আন কোনো ভ্রমণ সংক্রান্তীয় নথি–পত্র নোহোৱাকৈ ভাৰতলৈ অহা হিন্দু বিদেশীক আৰু পাছপ’ট বা আন ভ্রমণ সংক্রান্তীয় নথি–পত্রৰ ম্যাদ উকলি যোৱাৰ পাছতো যিসকল বিদেশী লোক ভাৰতত আছে, তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিয়া হ’ব বুলি উল্লেখ কৰিছিল৷

You might also like