নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহৰে বিশ্বনাথত আছুৰ প্ৰতিবাদ : নতুন ভূমি নীতিৰ বাতিলৰ দাবী

নিয়মীয়া বাৰ্তা,২ জুলাইঃ ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা নতুন ভূমি নীতিৰ সিদ্ধান্ত তথা প্ৰস্তাৱিত অধ্যাদেশৰ তীব্র বিৰোধিতা কৰিছে আছুৱে। অসমৰ যিকোনো ভূমিত বিনাচৰ্তে অনুজ্ঞাপত্ৰৰ লগতে নথি পত্ৰ নোহোৱাকৈ উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তাৱিত অধ্যাদেশত অনুমোদন জনোৱাত খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা কৰাৰ অভিযোগ উত্থাপন কৰি নতুন ভূমি নীতিৰ বিৰুদ্ধে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাটো কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি পৃথকে পৃথকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে পাভৈ আঞ্চলিক ছাত্ৰ সন্থা আৰু বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাই। সামাজিক দূৰত্ব বৰ্তাই ৰাখি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই আজি পুৱা ১০:৩০ বজাত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি আজমত শ্বেখ, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি হেমন্ত সোনা, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সুনিল গুৱালা, সাধাৰণ সম্পাদক সুশীল তাঁতী উপস্থিত থাকে।
ইফালে বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থায়ো ভূমি-নীতি সম্পৰ্কীয় অধিসূচনা প্ৰকাশৰ কেবিনেট সিদ্ধান্ত বাতিলৰ দাবীত নতুন ভূমি নীতিৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ মূর্দাবাদ, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী গ’ বেক আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। অনাগত দিনত চৰকাৰে এই সিদ্ধান্তৰ বাতিল নহলে আৰু অধিক জংগী আন্দোলনৰ সূচনা হব বুলি হুংকাৰ দিয়ে বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাই। উক্ত কাৰ্যসূচীত সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা ,বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সা: সম্পাদক ভাস্কৰ চামুৱা, বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সুৰজ ভূঞা ,সম্পাদক লক্ষ্যজিৎ শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক উদীপ্ত ভূঞা ,উত্তৰ চাৰিআলি শাখা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ বৰা,সম্পাদক কৃষ্ণ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোটৰ সাংগঠনিক সম্পাদক প্ৰিয়াংকু প্ৰতিম দাসৰ লগতে বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ অৰ্ধশতাধিক বিষয়ববীয়া উপস্থিত থাকে।

You might also like