বিটিআৰ–কার্বি আংলং–ডিমা হাছাওৰ মুখ্য কার্যবাহী সদস্যক কেবিনেট পদমর্যাদা
দেৱজিৎ শইকীয়াক ৰাজ্যৰ মহাধিবক্তা নিযুক্তিঃ জিলাৰ তত্ত্বাৱধায়ক মন্ত্রীক অভিভাৱক মন্ত্রী ৰূপে নামকৰণঃ নতুনকৈ স্থাপন কৰা–পুনৰ উৎপাদনক্ষম কৰা অক্সিজেন প্লাণ্টলৈ ১০০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান
নিয়মীয়া বাৰ্তা ২০ মেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে সাম্প্রতিক ক’ভিড পৰিস্থিতিৰ মোকাবিলা কৰাত সহায়ক হোৱাকৈ কিছু গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণৰ লগতে আন কেতবোৰ বিষয়তো সিদ্ধান্ত গ্রহণ কৰে৷ জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতেই ৰাজ্য চৰকাৰৰ কেবিনেট মুখপাত্র মন্ত্রী পীয়ূষ হাজৰিকা আৰু মন্ত্রী কেশৱ মহন্তই সংবাদ মেলযোগে গৃহীত সিদ্ধান্তসমূহ সদৰী কৰি কয় যে ভৱিষ্যতে ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্রত অক্সিজেনৰ যাতে অভাৱ নহয়, তাৰ বাবে নতুনকৈ স্থাপন কৰা অক্সিজেন উৎপাদন উদ্যোগলৈ ১০০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগানৰ সিদ্ধান্ত লোৱা হয়৷ সেইদৰে বন্ধ হৈ থকা অক্সিজেন উৎপাদন উদ্যোগ পুনৰ মুকলি কৰিলেও ১০০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব৷ বর্তমান চলি থকা এনে উদ্যোগৰ সম্প্রসাৰণৰ ক্ষেত্রতো ১০০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব৷
ইতিমধ্যে উৎপাদন চলাই থকা অক্সিজেন উৎপাদন উদ্যোগসমূহলৈ ২০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব৷ এই সিদ্ধান্তসমূহ ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা কার্যকৰী হ’ব যদিও বিত্তীয় বর্ষ হিচাপে ২০২১ চনৰ ১ এপ্রিলৰ পৰা ২০২২ৰ ৩১ মার্চলৈ প্রযোজ্য হ’ব৷ আনহাতে, আজিৰ কেবিনেটে বিটিআৰৰ লগতে কার্বি আংলং আৰু ডিমা হাছাও স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্যসকলক কেবিনট পদ–মর্যাদা প্রদানৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ পূর্বতে তেওঁলোকে ৰাজ্যিক মন্ত্রীৰ পদ–মর্যাদাহে লাভ কৰি আহিছিল৷ সেইদৰে আজিৰ কেবিনেটে ৰাজ্যৰ নতুন মহাধিবক্তা হিচাপে অধিবক্তা দেৱজিৎ শইকীয়াক নিযুক্তিৰ সিদ্ধান্ত গ্রহণ কৰে৷ একেদৰে আজিৰ কেবিনেটে বিভিন্ন জিলাৰ দায়িত্বত থকা তত্ত্বাৱধায়ক মন্ত্রীৰ নামৰ পৰিৱর্তন কৰি অভিভাৱক মন্ত্রী কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ অভিভাৱক মন্ত্রীসকলে দায়িত্বত থকা জিলাৰ উন্নয়নকে ধৰি সকলো দিশ তদাৰক কৰিব৷
সম্ভাব্য বানক লৈ মুখ্যমন্ত্রীৰ বিশেষ পর্যালোচনা বৈঠক
বানাক্রান্তক তাৎক্ষণিকভাৱে সাহায্য প্রদানৰ ব্যৱস্থা ল’বলৈ নির্দেশ
বানত আক্রান্ত প্রতিটো পৰিয়ালক সাহায্য পুঁজি আবণ্টনৰ প্রক্রিয়া যাতে খৰতকীয়া হয়, তাৰ বাবে জিলা উপায়ুক্তসকলক দায়িত্ব ল’বলৈ আজি নির্দেশ দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ জনতা ভৱনত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ কাম–কাজৰ পর্যালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই এই নির্দেশ দিয়াৰ লগতে বানাক্রান্তসকলৰ বাবে পুঁজি আবণ্টনৰ প্রক্রিয়া খৰতকীয়া কৰিবলৈ স্পষ্ট কৰি দিয়ে৷ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্রধান সচিব অবিনাশ যোশী, অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থা প্রাধিকৰণৰ মুখ্য কার্যবাহী বিষয়া জি ডি ত্রিপাঠীকে ধৰি কেইবাজনো শীর্ষ বিষয়া উপস্থিত থকা বৈঠকত মুখ্যমন্ত্রীয়ে আশ্রয় শিবিৰৰ সংখ্যা পৰিসৰ বৃদ্ধি কৰাৰ বাবে আজি নির্দেশ দিয়ে যাতে আশ্রয় শিবিৰত থকা বানাক্রান্তসকলক হিতাধিকাৰীৰ তালিকাত অন্তর্ভুক্ত কৰি সাহয্য আগবঢ়াব পৰা যায়৷ এই বৈঠকতে বানপানীত ক্ষয়–ক্ষতিৰ মূল্যায়ন আৰু ক্ষতিপূৰণ সম্পর্কীয় সকলো কাম–কাজ সন্দর্ভত চক্র বিষয়াক ন’ডেল বিষয়া হিচাপে লৈ এক ছিংগল উইণ্ড’ৰ জৰিয়তে কাম কৰাৰ নির্দেশ দিয়ে মুখ্যমন্ত্রীগৰাকীয়ে৷
উল্লেখ্য যে বানপানীৰ সময়ত বানাক্রান্তসকলে বিভিন্ন কাৰিকৰী কাৰণত তৎকালীন সাহায্যৰ পৰা বঞ্চিত হৈ আহিছে৷ এই বিষয়বোৰ আজিৰ বৈঠকত আঙুলিয়াই মুখ্যমন্ত্রীগৰাকীয়ে কয় যে বিভিন্ন বিভাগ তথা সংস্থা জড়িত হৈ থাকিলে বানাক্রান্তলৈ পুঁজি আবণ্টনৰ প্রক্রিয়া বিলম্ব হয়৷ বৈঠকত মুখ্যমন্ত্রীয়ে এছ ডি আৰ এফৰ অধীনত সকলো জৰুৰী প্রকল্পৰ কাম এটা বিত্তীয় বর্ষৰ ভিতৰত সম্পূর্ণ কৰিবলৈ পৰামর্শ দিয়াৰ লগতে দুটাকৈ বিত্তীয় বর্ষ অতিক্রম কৰা এছ ডি আৰ এফৰ অধীনৰ সকলো জৰুৰী প্রকল্পৰ কাম বন্ধ কৰি আবণ্টিত ঠিকাসমূহ বন্ধ কৰাৰ বাবে আজি নির্দেশ দিয়ে৷ এতিয়াৰে পৰা প্রতিবছৰৰ ৩১ মার্চৰ ভিতৰতে এনে প্রকল্পৰ কাম সম্পূর্ণ কৰাৰ বাবে স্থায়ী নির্দেশনা প্রদান কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে স্পষ্ট কৰে৷ আজিৰ বৈঠকতে মুখ্যমন্ত্রী ড০ শর্মাই টার্পোলিন আৰু ঔষধ আদি উপায়ুক্তসকলক আগতীয়াকৈ ক্রয় কৰাৰ নির্দেশ জাৰি কৰিবলৈ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগক নির্দেশ দিয়ে৷ পুঁজিৰ যাতে যথাযথ ব্যৱহাৰ হয় তাৰ বাবে প্রকৃত বানাক্রান্ত এলেকা চিনাক্তকৰণৰ বাবে ছেটেলাইট মেপিং মেকানিজিমৰ সৈতে বিভাগক ডাটাৰ সাদৃশ্যকৰণৰ ব্যৱস্থা ল’বলৈ আজিৰ বৈঠকতে মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ আজিৰ বৈঠকত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহন আৰু মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা উপস্থিত থাকে৷