নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৮ টা ভিন্নৰসিক নিবন্ধ-কবিতা আৰু আলোকচিত্ৰৰে চাবুৱাৰ ডায়েটৰ ই-আলোচনী প্ৰকাশ

নিয়মীয়া বাৰ্তা, ২৪ জুলাই : ডিব্ৰুগড় জিলা চাবুৱাস্হিত শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত প্ৰথমবাৰৰ বাবে ‘অন্বেষণ’ নামেৰে এখন ই-আলোচনী প্ৰকাশ কৰা হৈছে ।উল্লেখযোগ্য যে লকডাউনৰ সময়ছোৱাত প্ৰশিক্ষাৰ্থী সকলৰ শৈক্ষিক বাতাবৰণ অব্যাহত ৰখাৰ প্ৰয়াসেৰে প্ৰতিষ্ঠানৰ তৰফৰ পৰা ‘জানো আহা’ নামৰ এক হোৱাটছআপ গ্ৰুপ সৃজন কৰা হৈছিল আৰু এই গ্ৰুপৰ মাধ্যমেদি কিছু বিশেষ বিশেষ বিষয় সম্পৰ্কে আলোকপাত কৰিবলৈ আহ্বান জনোৱা হৈছিল প্ৰশিক্ষাৰ্থীসকলক ।

উক্ত আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰশিক্ষাৰ্থীসকলে ভিন ভিন বিষয়ত নিজা দৃষ্টিভংগী প্ৰকাশ ঘটাবলৈ সক্ষম হয় । সংগ্ৰহ কৰা বিষয়খিনি সামৰি ফ্লিপবুক আকাৰে প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে । ৫০ পৃষ্ঠাজোৰা ই-আলোচনীখনৰ সম্পাদনাৰ দায়িত্বত আছে প্ৰতিষ্ঠানৰ প্ৰবক্তা স্বৰাজ ফুকন ।

সৰ্বমুঠ ১৯ টা ভিন্ন ৰুচিৰ নিবন্ধ, ৯ টা কবিতা ই- আলোচনীখনত সন্নিৱিষ্ট হৈছে । তদুপৰি প্ৰশিক্ষাৰ্থীসকলে তোলা ১২ খন আলোকচিত্ৰও প্ৰকাশ কৰা হৈছে । ই-আলোচনীখনৰ অংগসজ্জা আৰু বেটুপাত পৰিকল্পনা কৰিছে ডি.এল.এড দ্বিতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী আকাশ দেৱনাথে ।

এই লিংকত https://online.pubhtml5.com/ayup/uehi/ উপলব্ধ আলোচনীখনে পাঠক সমাজৰ উপকাৰ সাধন কৰিব বুলি অধ্যক্ষা ৰুণু গগৈ সোণোৱালে আশা প্ৰকাশ কৰিছে।

You might also like