আগবাঢ়ি নাহিল ক্রেতাঃ কাছাৰ–নগাঁও কাগজ কলৰ নিলাম বাতিল
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ নগাঁও–কাছাৰ কাগজ কলৰ কর্মচাৰীসকলৰ বাবে সুখবৰ৷ হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ অধীনস্থ কাগজ কল দুটাৰ নিলাম প্রক্রিয়া বাতিল হৈছে৷ প্রধানতঃ নিলামৰ বিজ্ঞাপনত আৰোপ কৰা চর্ত অনুসৰি কোনো লোক বা প্রতিষ্ঠানে কাগজ কল দুটা ক্রয় কৰিবলৈ আগবাঢ়ি নহাৰ বাবেই আইনগতভাৱে বাতিল হৈছে নিলাম প্রক্রিয়া৷
উল্লেখ্য যে ২০১৯ চনৰ ২ মে’ত নেচনেল কোম্পানী ল’ ট্রিবিউনেলে (এন চি এল টি) হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ সম্পত্তি নিলাম কৰাৰ সপক্ষত ৰায় দি আনুষ্ঠানিক অনুমতি প্রদান কৰিছিল৷ কিন্তু একেটা বর্ষৰ ২৯ মে’ত কাগজ কল দুটাৰ শ্রমিক সংগঠনবোৰৰ আবেদনৰ ভিত্তিত নেচনেল কোম্পানী ল’ এপীলেট ট্রিবিউনেলে (এন চি এল এ টি) এন চি এল টিৰ উক্ত নির্দেশনা খাৰিজ কৰে৷ কাগজ কল দুটা কার্যক্ষম কৰি নিলাম অথবা বিক্রী কৰাৰ কথাহে স্পষ্ট কৰি দিয়ে এন চি এল এ টিয়ে৷ এইক্ষেত্রত এন চি এল এ টিয়ে কেন্দ্রীয় চৰকাৰৰ বিশেষ পুঁজি আবণ্টন দিয়াৰো নির্দেশ দিছিল৷ পিছে এই নির্দেশনাৰ দুই বছৰ পাছতো কেন্দ্র–ৰাজ্য উভয় চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে৷
ইয়াৰ মাজতে কাগজ কল দুটাৰ নিলাম প্রক্রিয়া আৰম্ভ কৰাৰ অনুমতি বিচাৰি চলিত বর্ষৰ এপ্রিল মাহত লিকিউডেটৰ কুলদীপ বার্মাই এন চি এল টিত আবেদন জনাইছিল৷ ঊর্ধ্বতন কর্তৃপক্ষ হিচাপে এন চি এল এ টিয়ে প্রদান কৰা নির্দেশনা পুনৰ বিবেচনা কৰাত কোনো অৱকাশ নথকা হেতু এন চি এল টিয়ে লিকিউডেটৰ কুলদীপ বার্মাৰ আবেদন খাৰিজ কৰি দিয়ে৷ ইয়াৰ লগে লগে জাগীৰোডস্থিত নগাঁও কাগজ কল আৰু পাঁচগ্রামস্থিত কাছাৰ কাগজ কল নিলাম কৰিব নোৱাৰাটো স্পষ্ট হৈ পৰে৷ যোৱা ২৬ এপ্রিলত গ্রহণ কৰা শুনানিৰ সময়ত প্রদান কৰা এই ৰায়ে এন চি এল টিয়ে ৰাজহুৱা কৰিছিল যোৱা ১১ মে’ত৷ কিন্তু এনেধৰণৰ স্পষ্ট নির্দেশনা থকা সত্ত্বেও লিকিউডেটৰ কুলদীপ বার্মাই যোৱা ১ জুনত কাগজ কল দুটা নিলামৰ বিজ্ঞাপন প্রকাশ কৰে৷
হঠাতে কাগজ কল দুটা বিক্রী কৰা প্রক্রিয়া আৰম্ভ কৰাত ইয়াৰ কর্মচাৰীসকল ক্ষুব্ধ হৈ পৰিছিল৷ নিলামত ১,১৩৯ কোটি টকা মূল্য নির্ধাৰণ কৰা হৈছিল কাগজ কল দুটাৰ বাবে৷ অথচ কাগজ কল দুটাৰ সামগ্রিক মূল্য ৪০ হাজাৰ কোটি টকাৰো অধিক বুলি মত ব্যক্ত কৰিছে ইয়াৰ কর্মচাৰীসকলে৷
মন কৰিবলগীয়া যে লিকিউডেটৰ কুলদীপ বার্মাই আহ্বান কৰা নিলামৰ বিজ্ঞাপন অনুসৰি যোৱা ১৫ জুনৰ সন্ধিয়া ৬ বজাৰ ভিতৰত নিলামত অংশগ্রহণ কৰিবলগীয়া ব্যক্তি বা প্রতিষ্ঠানক ৫৫ কোটি টকা আমানতৰ ধন জমা (আর্নেষ্ট মানী ডিপ’জিট) দিবলৈ চর্ত বান্ধি দিয়া হৈছিল৷ চর্ত অনুসৰি এই আমানতৰ ধনৰাশি জমা দিলেহে ৩০ জুনত হ’বলগীয়া নিলামত অংশগ্রহণৰ যোগ্যতা লাভ কৰিলেহেঁতেন সংশ্লিষ্ট ব্যক্তি বা প্রতিষ্ঠানে৷ পিছে নির্ধাৰিত সময়সীমা ১৫ জুনৰ ভিতৰত কোনো ব্যক্তি বা প্রতিষ্ঠানেই আমানতৰ ধন জমা দি নিবিদাত অংশগ্রহণ কৰিবলৈ আহবাঢ়ি নাহিল৷
যাৰ বাবে আইনগতভাৱে বাতিল হৈ গ’ল লিকিউডেটৰ কুলদীপ বার্মাই আহ্বান কৰা নিবিদা৷ কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ্ পদক্ষেপ গ্রহণৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক পুনৰ আহ্বান জনাইছে জইণ্ট একচন কমিটী অৱ ৰিক’গনাইজ্ড ইউনিয়নছ, নগাঁও এণ্ড কাছাৰ পেপাৰ মিল্ছে৷ সংগঠনটোৰ সভাপতি মানৱেন্দ্র চক্রৱর্তীয়ে কয় যে কাগজ কল বন্ধ হোৱাৰ ফলত ৫৪ মাহে বিনাবেতনে এক সংকটপূর্ণ জীৱন কটাবলগীয়া হৈছে কর্মচাৰীসকলে৷ দৰমহাবঞ্চিত কর্মচাৰীসকলৰ চাৰিজনে অসহায় হৈ আত্মহত্যাৰ পথ বাছি ল’ব লগা হ’ল৷ বিনাচিকিৎসাই ৮৯জন শ্রমিক–কর্মচাৰীৰ মৃত্যু হ’ল৷ শ্রমিক–কর্মচাৰীসকলৰ জীৱনৰ কথা চিন্তা কৰিয়েই চৰকাৰক কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ সংগঠনটোৱে আহ্বান জনাইছে৷