Cachar News : পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি, অবৈধ প্ৰেমৰ বাবেই শেষ ইমৰানৰ জীৱন
Cachar News : পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি। প্ৰেমিকৰ সৈতে মিলি স্বামীক খাদ্যৰ লগত বিহ মিহলাই হত্যা কৰিলে পত্নীয়ে। মৃত্যুৰ ১০ দিন পাছত পোহৰলৈ আহিছে প্ৰকৃত ঘটনা। চাঞ্চল্যকৰ এই ঘটনাক কেন্দ্ৰ কাছাৰৰ ধলাই ৰাজনগনৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ উত্তেজিত ৰাইজে লপাথপা দি হত্যাকাৰী পত্নী আৰু তেওঁৰ প্ৰেমিকক গতাই দিলে আৰক্ষীক।
যোৱা ১০ আগষ্টত কাছাৰৰ ধলাইৰ খুলিচৰা ৰাজনগৰ গাঁৱৰ পঞ্চায়ত সভাপতি ইমৰান হুছেইনৰ মৃত্যু হৈছিল। পৰিয়ালসহ ৰাইজে এই মৃত্যু স্বাভাৱিক বুলি ভাবিছিল। পিছে মৃত্যুৰ ১০ দিন পিছত পোহৰলৈ আহিছে প্ৰকৃত ঘটনা। ইমৰানৰ স্বাভাৱিক মৃত্যু হোৱা নাই তেওঁক হত্যা কৰা হৈছে- এইধৰণৰ এক দাবী সকলোৰে। আৰু এই হত্যাকাণ্ড আন কোনো নহয় তেওঁৰ পত্নী আৰু পত্নীৰ অবৈধ প্ৰেমিকে সংঘটিত কৰিছে। যোৱানিশা ইমৰানৰ একাংশ বন্ধুৱে পোহৰলৈ আনে এই ঘটনা।
দৰাচলতে ইমৰানৰ চালক বিজু আহমেদৰ লগত অবৈধ পৰকীয়া প্ৰেমৰ সম্পৰ্ক আছিল ইমৰান পত্নী ৰীণা বেগমৰ। পূৰ্বে এবাৰ পত্নীৰ এই পৰকীয়া প্ৰেমৰ কাহিনী জনাত পত্নীৰে কাজিয়া হৈছিল ইমৰানৰ আৰু পত্নীৰ প্ৰেমিক বিজুক চাকৰিৰ পৰা উলিয়াই দিছিল ইমৰানে। ইমৰানৰ মৃত্যুৰ পিছত এই বিষয় লৈ তেওঁৰ একাংশ আত্মীয়-স্বজন আৰু বন্ধুৰ মাজত সন্দেহ সৃষ্টি হৈছিল। যোৱানিশা তেওঁৰ একাংশ বন্ধুৱে বিজু আহমেক আটক কৰি তেওঁৰ মবাইল চেক কৰে আৰু মবাইল চেক কৰাৰ পিছত ইমৰানৰ বন্ধুসকল নিশ্চিত হয় যে ইমৰানক হত্যা কৰা হৈছে। ইয়াৰ পিছত ইমৰানৰ বন্ধুসকলে বিজুক লপাথপা দিয়ে আৰু ইমৰানক হত্যাৰ কথা স্বীকাৰ কৰে বিজুৱে। তেওঁ জনায়, ইমৰানৰ পত্নী ৰীণা বেগমৰ সৈতে তেওঁৰ পৰকীয়া প্ৰেমৰ সম্পৰ্ক আছিল। আৰু ইয়াৰ বাবে তেওঁ আৰু ৰীণাই মিলি ইমৰানক হত্যা কৰিছে। তেওঁ বিহ ক্ৰয় কৰি ৰীণাক দিছিল আৰু ৰীণাই নিশাৰ আহাৰৰ লগত বিহ মিলাই খুৱাইছিল স্বামী ইমৰানক ৷ হত্যাৰ কথা স্বীকাৰ কৰাৰ পিছত প্ৰেমিক বিজুক আৰক্ষীৰ হাতত গতাই দিয়া হয়।
ইপিনে প্ৰেমিকৰ লগত মিলি পত্নীয়ে ইমৰানক হত্যা কৰিছে- এই কথা অঞ্চলজুৰি বিয়পি যোৱাৰ পিছত নিশাই শ শ লোক উপস্থিত হয় মৃত ইমৰানৰ ঘৰত। আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ খবৰ পাই ঘটনা নিশা আৰক্ষী বাহিনী উপস্থিত হৈ হত্যাকাৰী পত্নী ৰীণা বেগমক গ্ৰেপ্তাৰ কৰি লৈ যায়। লগতে আৰক্ষীয়ে ৰীণা বেগমৰ ভনীয়েক, ভায়েক আৰু পিতৃকো গ্ৰেপ্তাৰ কৰে। এই ঘটনাক লৈ সমগ্ৰ ধলাই অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
Niyomiya Barta Desk, 21 August