নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষ্টেডিয়ামত বহি ফাইনেল মেচ উপভোগ নকৰে আর্জেণ্টিনাৰ ৰাষ্ট্রপতিয়ে

ডিজিটেল ডেস্ক, ১৮ জুলাই : ফিফাৰ আমন্ত্রণ গ্রহণ কৰিও আর্জেণ্টিনাৰ ৰাষ্ট্রপতি জেভিয়াৰ মিলেই ফিফা বিশ্বকাপৰ ফাইনেল মেচ উপভোগ কৰিবলৈ আমেৰিকালৈ নাযায়৷ নিউ জার্ছিৰ মেটলাইফ ষ্টেডিয়ামৰ ভিআইপি বক্সত সংৰক্ষিত আসনত বহি থকাৰ পৰিৱর্তে আর্জেণ্টিনাৰ ৰাষ্ট্রপতিগৰাকীয়ে নিজৰ বাসগৃহত ফাইনেল মেচখন চোৱাৰ সিদ্ধান্ত লৈছে৷

বৃহস্পতিবাৰে ৰাষ্ট্রপতি মিলেই ঘোষণা কৰে যে তেওঁ বিশ্বকাপৰ ফাইনেল চাবলৈ নাযায়৷ ব্যক্তিগত বিশ্বাসৰ ওপৰত ভিত্তি কৰি তেওঁ এই সিদ্ধান্ত লৈছে৷ আর্জেণ্টিনাৰ ৰাষ্ট্রপতিগৰাকীয়ে নিজৰ ঘৰৰ পৰাই বিশ্বকাপৰ লিঅ’নেল মেছিৰ সকলো খেল চাইছিল৷ প্রতিখন মেচতে মেছি বাহিনীয়ে জয়লাভ কৰে৷

মিলেই বিশ্বাস কৰে যে যদিহে তেওঁ ঘৰুৱা টেলিভিছনত খেলখন চায়, তেন্তে আর্জেণ্টিনা পুনৰ বিশ্ব চেম্পিয়ন হ’ব৷ কেৱল সেয়াই নহয়, মেছিৰ প্রতিখন মেচ তেওঁ বিশেষ জেকেট পিন্ধি চাইছে৷ ফাইনেলৰ দিনাও সেই বিশেষ জেকেট পিন্ধি মেচখন উপভোগ কৰিব৷

বুয়েনাছ আয়ার্ছৰ এটা ৰেডিঅ’ ষ্টেচনত মিলেই কয় যে ড’নাল্ড ট্রাম্পৰ কাষত বিশ্বকাপৰ ফাইনেল চোৱাৰ কোনো প্রশ্ণ নাই৷ মই ঘৰৰ পৰাই বিশ্বকাপৰ সকলো খেল চাইছোঁ৷ ফাইনেল মেচখনো তেনেকৈয়ে চাম৷ দেশৰ স্বার্থ আৰু নিজৰ বিশ্বাসক গুৰুত্ব দি ঘৰতে খিতাপ যুঁজৰ মেচখন চোৱাৰ সিদ্ধান্ত লৈছে আর্জেণ্টিনাৰ ৰাষ্ট্রপতিগৰাকীয়ে৷ সমগ্র বিশ্বৰ খেলুৱৈ আৰু অনুৰাগীৰ মাজত বিভিন্ন অন্ধবিশ্বাসৰ সৃষ্টি হৈছে৷ মিলেয়েও ইয়াৰ ব্যতিক্রম নহয়৷

You might also like