নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ আমবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ বাবে এলিফেণ্ট গ্ৰাছ ৰোপণ কৰিলে একতা পৰিষদে

নিয়মীয়া বাৰ্তা,১২ জুনঃ অনিয়ন্ত্রীতভাৱে গছ গছনি কাটি বনাঞ্চল ধ্বংস কৰা, পাহাৰৰ মাটি কটা, বৃহৎ নদী বান্ধ নিৰ্মাণ কৰা আদিৰ প্ৰভাৱত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে বানপানী, গৰাখহনীয়াৰ সৃষ্টি কৰি এক ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে । যোৱা কালি ব্ৰহ্মপুত্ৰৰ গৰখহনীয়া প্ৰতিৰোধৰ বাবে অসম একতা পৰিষদৰ উদ্যোগত ছয়গাঁও বিধান সভা সমষ্টিৰ গুমী বাংকাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমবাৰী গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত এবিঘা মাটিত এলিফেণ্ট গ্ৰাছ অৰ্থাৎ হাতীঘাহ ৰোপন কাৰ্য্য আৰম্ভ কৰে।

এই  ঘাহ ৰোপন কাৰ্যসূচীত গুমী বাংকাকাটা গাঁও পঞ্চায়তৰ সভাপতিৰ তমিজ আলী, পঞ্চায়ত খনৰ প্ৰাক্তন সভাপতি দ্বিজেন বিশ্বাস, আমবাৰী গাঁৱৰ ৱাৰ্ড সদস্য ৰজত মজুমদাৰ, অসম একতা পৰিষদৰ ৰাজ্যিক সমন্বয়ক ডিম্বেশ্বৰ নাথ ,পৰিষদৰ কৰ্মী নিৰ্মল বাঢ়ৈ উপস্থিত থকাৰ লগতে আমবাৰী , মল্লাৰটাৰী, কান্দুলীমাৰী পানীখাইটিৰ ৰাইজে সহযোগিতা আগবঢ়াই । পানী , বন আৰু ভূমিৰ অধিকাৰৰ ওপৰত কাম কৰি অহা ৰাষ্ট্ৰীয় গান্ধীবাদী সামাজিক সংগঠন অসম একতা পৰিষদৰ ৰাজ্যিক সমন্বয়ক ডিম্বেশ্বৰ নাথে জনোৱা মতে পৰিষদে বিশেষকৈ গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা পৰিয়াল সমূহে উপযুক্ত ক্ষতিপূৰণ পোৱাৰ বাবে চৰকাৰী বিভাগৰ লগত যোগাযোগ কৰাৰ লগতে গাঁৱৰ খেতিয়ক সকলক জৈৱিক পদ্ধতিৰে খেতি কৰাৰ বাবে প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰি আহিছে।

তদুপৰি গড়াখহনীয়া ৰোধৰ বাবে পৰিষদে বিভিন্ন স্থানত এলিফেণ্ট গ্ৰাছ (হাতী ঘাহ) ৰোপণ কৰি আছে।যোৱ বছৰ ধলা শদিয়াতো প্ৰায় ডেৰ বিঘা এই ঘাহ ৰোপন কৰি সুফল লাভ কৰিছিল বুলিও নাথে জানিবলৈ দিয়ে । একতা পৰিষদে লোৱা এই কাৰ্যসূচীক অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে।

You might also like