নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত তিনি বাইক চোৰ সহ তিনিখন বাইক জব্দ

নিয়মীয়া বাৰ্তা,১৫ মেঃ লকডাউনৰ সুযোগ গ্ৰহণ কৰি একাংশ দুষ্ট চক্ৰই বিনা দ্বিধাই চলাই গৈছে চোৰবৃত্তি । মহামাৰি ক’ৰোনা ভাইৰাছৰ ভয়‍াবহ সংক্ৰমণৰ বাবে প্ৰশাসনে দিয়া সান্ধ্য আইন উলংঘা কৰি চলাই আছে চোৰবৃত্তি ৷ দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষীয়ে আজি পুৱা তিনিখন মটৰ চাইকেলসহ তিনিজন চোৰক আটক কৰা ঘটনাই প্ৰমাণ কৰিলে চোৰবৃত্তি যে চলি আছে ৷ জানিবপৰা মতে, কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষীয়ে পোৱা এক গোপন খবৰৰ ভিত্তিত ছয়গাঁৱৰ চণ্ডিকাৰ ওচৰত দুখন চোৰাং মটৰ চাইকেল সহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ চোৰ তিনিজনে দুখন মটৰ চাইকেলত গুৱাহাটীৰ দিশৰ ছয়গাঁও অভিমুখে আহি থকাৰ সময়তে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ চোৰ কেইজন হ’ল বৰপেটা শান্তিবজাৰৰ মুক্তাৰ আলী,ছয়গাঁৱৰ কালাতলী পথাৰৰ জেল হক আৰু উক্ত গাঁৱৰে জাবেদ খান বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে চোৰ কেইজনৰ ভাষ্যৰ পিচত আৰক্ষীয়ে ছয়গাঁৱৰ বিভিন্ন অঞ্চলত অভিযান চলাই উদমূৰি গাঁৱৰ পৰা আৰু এখন মটৰ চাইকেল উদ্ধাৰ কৰে ৷ অৱশ্যে আন কাকো আটক কৰিবলৈ সক্ষম নহ’ল ৷ মটৰচাইকেল কেইখনৰ নম্বৰ হ’ল এ এছ ০১ ডি বি ৬০৬৭,এ এছ ০১ বি ডব্লিউ ৭৪৯৬ আৰু এ এছ ০১ আৰ ৯৮৮৩ ৷ উল্লেখযোগ্য যে আৰক্ষীৰ মষ্ট ৱানটেড বগা আলীৰ লগত এই গাড়ী চোৰ চক্ৰটোৰ সম্পৰ্ক থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ আনহাতে গুৱাহাটী অঞ্চলৰ পৰা চোৰ কৰি অনা মটৰ চাইকেল কেইখন ব্ৰহ্মপুত্ৰৰে চৰাঞ্চলৰ লগতে বৰপেটা অঞ্চললৈ চালান দিব বুলিও সন্দেহ কৰা হৈছে ৷ এই গাড়ী চোৰ চক্ৰটো আৰক্ষীয়ে উৎখাট কৰিব পাৰিব নে সেয়া সময়তহে হ’ব লক্ষণীয় ।

You might also like