নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত জাতিৰ প্ৰমাণ-পত্ৰৰ নামত উৎকোচ মহৰিৰ সহায়কৰ

নিয়মীয়া বার্তা, ১১ জুলাই : বিশ্বনাথ মহকুমাধিপতিৰ কাৰ্যালয়ত জনৈক লোকে জাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত উৎকোচ লোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কোচগাঁৱৰ ভুক্তভোগী পাপু ওজাই। ব্যক্তিজনৰ নাম মাইলা দাস আৰু এওঁ মহকুমাধিপতি কাৰ্যালয়ৰ পিছফালে দলিল আদি লিখা-মেলা কৰা মহৰিৰ সহায়ক হিচাপে থাকে। ঘৰ বিশ্বনাথঘাটত। ব্যক্তিজনৰ বিৰুদ্ধে পাপু ওজাই ইতিমধ্যে মহকুমাধিপতিক লিখিত অভিযোগ দাখিল কৰিছে। ব্যক্তিজনে পাপু ওজাৰ পৰা ৭০০ টকা লয় যদিও আজিলৈকে জাতিৰ প্ৰমাণ-পত্ৰ উলিয়াই নিদিলে বুলি লিখিত অভিযোগত উল্লেখ কৰিছে। পাপু ওজাই এবাৰ মোবাইলত যোগাযোগ কৰাত ওলোটাই মাইলা দাসে ভাবুকিহে দিয়ে বুলি প্ৰকাশ। যিটো সময়ত এনেবোৰ অপৰাধৰ বিৰুদ্ধে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে, সেই সময়তে জাতিৰ প্ৰমাণ-পত্ৰ উলিয়াই দিয়াৰ নামত উৎকোচ লোৱা ব্যক্তিজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয়, সেয়া লক্ষণীয় হব।
প্ৰেৰক অমিতাভ বৰুৱা
You might also like