নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰঃ পাঠশালাত ভিন্ন কাৰ্যসূচীৰে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস পালন কৰা হয়৷ সুধাকন্ঠৰ ১১ সংখ্যক স্মৃতি দিৱস আজি পাঠশালা সাহিত্য সভাই বিভিন্ন কাৰ্যসূচীৰে পলন কৰে। পাঠশালা সাহিত্য সভাৰ সম্পাদক অতুল কলিতাই আঁত ধৰা অনুষ্ঠানটি সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীৰ দ্বাৰা পতাকা উত্তোলনেৰে আৰম্ভ হয়। ইয়াৰ পিছতে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে পাঠশালা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰবোধ শৰ্মাই৷ অসম, ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বৰে এগৰাকী প্ৰখ্যাত শিল্পী, সাহিত্যিক, গীতিকাৰ, সুৰাকাৰ, বোলছবি পৰিচালক, সঙ্গীত পৰিচালক, সামাজিক দায়বদ্ধতাৰে দায়বদ্ধ সহস্র গুণৰ অধিকাৰী এই গৰাকী মহান অসমীয়াই বিভিন্ন দিশত আগবঢ়োৱা অনবদ্য অবদানৰ ওপৰত আলোকপাত কৰি সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামী, সম্পাদক অতুল কলিতা, প্ৰাক্তন সভাপতি চক্ৰপাণি কলিতা, প্ৰবোধ শৰ্মা, ধীৰেন্দ্ৰ তালুকদাৰ, সদস্য অনিল ডেকা, মহেশ কলিতা, ৰাজেন শৰ্মা, অমলেশ পাটগিৰি আদিয়ে মুকলি অসম ৰত্নগৰাকীৰ জীৱন আৰু দৰ্শনৰ ওপৰত আলোকপাত কৰি ভাষণ আগবঢ়োৱা সভাখনত তেওঁলৈ পুনৰ শ্ৰদ্ধা নিবেদন কৰি সভাৰ সামৰণি মৰা হয়৷ ইপিনে পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলতো ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ একাদশ মৃত্যুবাষিকী পালন কৰা হয়। এই উপলক্ষে পুৱা পাঠশালা শিক্ষাপীঠৰ বাকৰিত হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে শিক্ষক ক্ৰমে কৃষ্ণ শৰ্মা আৰু জগদীশ চন্দ্ৰ ৰয়ে। বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য নন্দ দুলাল চৌধুৰীৰ পৌৰোহিতত অনুষ্ঠিত অনুষ্ঠানত প্ৰধান শিক্ষক উৎপল বৰকাকতিয়ে হাজৰিকাৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে। ছাত্ৰ ছাত্ৰীসকলে ভূপেন হাজৰিকাৰ গীত-মাত পৰিৱেশন কৰা অনুষ্ঠানত শিক্ষক নন্দ দুলাল চৌধুৰীয়ে ভাষণত হাজৰিকাই সকলো স্তৰৰ লোকৰ বাবে গীত ৰচি আৰু গীত পৰিৱেশন কৰি গোটেই ভাৰতবৰ্ষ জিনাৰ কথা ব্যক্ত কৰে৷ আনহাতে আনন্দৰাম বৰুৱা একাডেমি হাইস্কুলকে আদিকৰি পাঠশালাৰ কেইবাখনো শিক্ষানুষ্ঠান তথা বিভিন্ন সংস্থা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানেও বিভিন্ন কাৰ্যসূচীৰে সুধাকণ্ঠক স্মৰণ কৰে৷
প্ৰেৰক কল্যাণ কলিতা