নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত ৰাভা দিৱস পালন

নিয়মীয়া বাৰ্তা, ২০ জুনঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি সোণাৰি চাপৰিৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়, সংস্থা আৰু অংগনৱাড়ী কেন্দ্ৰসমূহৰ মাজতো দিনজোৰা কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৩সংখ্যক মৃত্যু দিৱসক ৰাভা দিৱস হিচাপে উদযাপন কৰে ৷ সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলত আজি উদযাপন কৰা ৰাভা দিবসৰ কাৰ্যসূচী মতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যবৰণ, বন্তি প্ৰজ্বলন আদিৰ অন্তত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা, কবিতা আবৃতি সৃষ্টিশীল ন্‌ত্য  আদি প্ৰতিযোগিতা সমুহ অনুস্থিত কৰি বিদ্যালয়ৰ পৰিচালনা-উন্নয়ন সমিতিৰ সভানেত্ৰী মমী শইকীয়াৰ সভাপতিত্বত মুকলি সভাও অনুষ্ঠিত কৰা হয় ৷ আনহাতে চেনিমাৰী গাঁৱৰ যুৱ সংঘয়ো গাওঁবাসীৰ লগতে  চেনিমাৰী প্ৰাথমিক বিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ সহযোগত চেনিমাৰী প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন খেলা ধূলা গীত নৃত্য আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি ৰাভা দিবস উদযাপন কৰে ৷  ইয়াৰ সমান্তৰালভাৱে ঘিলামৰা সংহত শিশু বিকাশ কেন্দ্ৰৰ উদ্যোগত সোণাৰি চাপৰি আৰু কেঁকুৰি মণ্ডলৰ ২৮টা অংগনৱাড়ী কেন্দ্ৰৰ সহযোগত সোণাৰি চাপৰি নগৰ প্ৰাথমিক বিদ্যালয়ত কেন্দ্ৰসমুহৰ কণ কণ শিশুসকলৰ মাজত গীত মাত ন্‌ত্য আৰু খেলাধূলাৰ প্ৰতিযোগিতাসমুহ অনুস্থিত কৰি দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস পালন কৰে ৷
প্ৰেৰকঃ ৰাজেশ বুঢ়াগোহাঞি

You might also like