নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষক সভাৰ উদ্যোগত নগাঁৱৰ কন্দলীত বীৰছা মুণ্ডাৰ স্মৃতি দিৱস উদযাপন

বিশেষ বাৰ্তা, ৯ জুন: আজি নিখিল ভাৰত কৃষক সভা, ছোট কন্দলী শাখা সমিতিৰ উদ্যোগত কুঁহিয়াৰটলিত বীৰ শ্বহীদ বিৰছা মুণ্ডা স্মৃতি দিৱস উদযাপন কৰা হয়। পুৱা ৯ বজাত কৃষক সভাৰ পতাকা উত্তোলন কৰে নিখিল ভাৰত কৃষক সভা, ছোট কন্দলী শাখাৰ সভাপতি বুবুল মির্ধাই, বিৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে বুধুৱা খৰিয়াই। আলোচনা সভাৰ আৰম্ভণিতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছোট কন্দলী অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়। কৃষক সভাৰ নগাওঁ জিলা সম্পাদক মনোজ সিংহ ৰাজাই আঁত ধৰা আলোচনা সভাখনৰ আৰম্ভণিতে ৰাজাই বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ সংগ্ৰামৰ কথা সুঁৱৰি তেওঁৰ আদৰ্শৰে অধিবাসী তথা জনজাতিসকলৰ ভূমি অধিকাৰৰ সংগ্রামখন আগুৱাই নিবলৈ ৰাইজক আহ্বান জনায়।আলোচনা সভাখনত ৰাতুল বৰা, কৃষক সভাৰ নগাঁও জিলা সভাপতি নিৰঞ্জন হাজৰিকা, সংগীত শিল্পী দিলীপ শইকীয়া, যুৱ ফেডাৰেচন নগাঁও জিলা সম্পাদক জিতু কুমাৰ নাথ, মহিলা নেত্ৰী কাৱে ইংতিপী, সমাজকৰ্মী লক্ষণ মির্ধা, মুকুল বাস্কে আদিয়ে বক্তব্য প্ৰদান কৰে। বক্তব্য প্ৰদান কৰি ৰাতুল বৰাই কয়,”আজিৰ পৰিস্থিতিত বিৰছা মুণ্ডা অধিক প্ৰাসংগিক হৈ পৰিছে। সেই সময়তে বিৰছা মুণ্ডাই জৈৱিক বৈচিত্ৰ ৰক্ষাৰ উদ্দেশ্য অধিবাসী কৃষকসকলক একত্ৰিত কৰি জংঘল ধ্বংসৰ বিৰুদ্ধ তথা নিজৰ মাটি ৰক্ষাৰ বাবে ইংৰাজ বিৰোধী প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল। আজিৰ প্রজন্মই তেওঁৰ আদৰ্শৰে জনজাতি তথা অধিবাসীসকলৰ ভূমি অধিকাৰ ঘূৰাই আনিব লাগিব।

প্ৰেৰক কনক হাজৰিকা

You might also like