নিয়মীয়া বার্তা, ২৮ জুলাই: আজি হোজাই জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু হোজাই জিলা প্ৰশাসনৰ সহযোগত দেশভক্ত তৰুণৰাম ফুকনদেৱৰ স্মৃতিত ‘দেশভক্তি দিৱস’টি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে। অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ সাগৰ বৰুৱা, লংকা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ফটিক তামুলী। অনুষ্ঠানৰ আৰম্ভণিতে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত এগছিকৈ বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে উপায়ুক্ত অনুপম চৌধুৰী, ডঃ সাগৰ বৰুৱা, ডঃ ফটিক তামুলী, গকুল চন্দ্ৰ ব্ৰহ্ম, মানস জ্যোতি নাথ আৰু আমন্ত্ৰিত অতিথিসকলে।অনুষ্ঠানৰ আৰম্ভণিতে অতিৰিক্ত উপায়ুক্ত মানস জ্যোতি নাথে আদৰণী ভাষণেৰে সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰি উপস্থিত অতিথিসকলক গামোচা আৰু গছপুলি এটাৰে সম্বৰ্ধনা জনায়। সভাত মুখ্য অতিথিৰ ভাষণত উপায়ুক্তগৰাকীয়ে দেশভক্তক সোৱঁৰণ কৰি আজিৰ ‘দেশভক্তি দিৱস’ৰ তাৎপৰ্য ব্যাখ্যা কৰে। সভাত মুখ্য বক্তা হিচাপে ডঃ সাগৰ বৰুৱাই দেশভক্ত তৰুণৰাম ফুকনৰ জীৱনৰ ওপৰত এক আলোকপাত কৰাৰ লগতে নিদিষ্ট বক্তা হিচাপে ডঃ ফটিক তামুলীয়েও উক্ত দিৱসৰ ওপৰত এক চমু ভাষণ ৰাখে । আজিৰ এই দিৱসত আমন্ত্ৰণ কৰা স্বাধীনতা সংগ্ৰামী ব্যক্তিৰ পৰিয়ালৰ ১৩ জন সদস্য ক্ৰমে পূৰ্ণ কান্ত শৰ্মা, কমল বনিয়া, হেম কলিতা, ব্ৰজেন্দ্ৰ শৰ্মা, নিলমনি ফুকন, হেম কান্ত কাকতি, কিৰন্দ শইকীয়া, দিলীপ ফুকন, প্ৰফুল্ল গায়ন, লোকেন বৰা, লক্ষীৰাম বৰুৱা, সুৰজিৎ ভট্টাচাৰ্য্য, আবদুৰ ৰহমান আৰু হোজাই জিলাৰ একাংশ সাংবাদিক উপস্হিত থাকে। অনুষ্ঠানত আন বক্তা সকলৰ ভিতৰত স্বাধীনতা সংগ্ৰামী ব্যক্তি সকলৰ পৰিয়ালৰ মাজৰ পৰা নিলমনি ফুকন আৰু লোকেন বৰা আৰু সংবাদ কৰ্মী সকলক প্ৰতিনিধিত্ব কৰি নিউজ লাইভৰ সংবাদদাতা লিটুমনি নাথেও এই দিবসৰ ওপৰত এক চমু ভাষণ দিয়ে। ওপৰোক্ত ব্যক্তিসকলৰ উপৰি আজিৰ এই দিৱসত উপস্হিত থাকে অতিৰিক্ত সহকাৰী আয়ুক্ত ৰবাৰ্ট টিউলাৰ, মতী উপাসনা দত্ত,নিৰ্বাচনী বিষয়া জাংমিৰ ৰংফাৰপি, লংকা, ডবকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ক্ৰমে অংকিতা বৰা আৰু দিম্পী গগৈ আদি ।
কিশলয় ডি গোস্বামী