লাহৰীঘাট ব্লক PHCত ৰাষ্ট্ৰীয় প্ৰতিষেধক টিকাকৰণ দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চ : আজি ১৬ মাৰ্চ, ৰাষ্ট্ৰীয় প্ৰতিষেধক টিকাকৰণ দিৱস। সেই উপলক্ষে অসমৰ বিভিন্ন স্বাস্থ্য কেন্দ্রৰ লগতে মৰিগাঁও জিলাৰ লাহৰীঘাট ব্লক স্বাস্থ্য কেন্দ্রতো আজাদী কা অমৃত মহোৎসব কাৰ্যসূচীৰ লগত সংগতি ৰাখি ব্লক স্বাস্থ্য কেন্দ্রৰ অধীনস্থ লাহৰীঘাট, কাঠনি আৰু কুশতলি উপ স্বাস্থ্য কেন্দ্র মিলাই ৩টা চেক্টৰৰ স্বাস্থ্য কৰ্মী সকলক লৈ আজি দিনৰ ১ বজাত লাহৰিঘাট মডেল হস্পিটেলত বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰতিষেধক টিকাকৰণ দিৱস পালন কৰা হয়। উক্ত অনুষ্ঠানত পলিঅ NID ৰ কৰ্তব্যৰ ওপৰত বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ বাবে ৫ জন স্বাস্থ্য কৰ্মী ক্ৰমে MPW সুৰুজ জামাল, জিন্নাতুন ইছলাম, নৌকা স্বাস্থ্য কেন্দ্রৰ ANM নিৰ্মলা নাথ, আশা কৰ্মী ৰিংকু সাহা আৰু কমলা খাতুনক অসম চৰকাৰৰ তৰফৰ পৰা মানপত্র প্ৰদান কৰা হয়। ইয়াৰ উপৰিও ব্লক স্বাস্থ্য কেন্দ্রৰ তৰফৰ পৰা ৫০ জন স্বাস্থ্য কৰ্মীক উদ্গনি হিচাপে একোটাকৈ মেডেল পিন্ধোৱাই সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানটি সঞ্চালনা কৰে BPM বিদ্যুৎ কুমাৰ বৰাই। উদ্দেশ্য বাখ্যা কৰে BCM আৰ্শাদ আহমেদে। অনুষ্ঠানটিত স্বাস্থ্য কৰ্মী সকলৰ লগতে আশা কৰ্মী সহ শতাধিক লোক উপস্থিত আছিল। অনুষ্ঠানটিত মুকলি কুইজ প্ৰতিযোগিতাত ১০ গৰাকী স্বাস্থ্য কৰ্মীয়ে একোটাকৈ কলম উপহাৰ লাভ কৰে।
প্ৰেৰক আবুল কালাম