নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিও সমাজত চলি আছে শিশু শ্ৰমিকঃ নগাঁৱত বিশ্ব শিশু শ্ৰমিকবিৰোধী দিৱস উদযাপন

বিশেষ বাৰ্তা, ১২ জুনঃ সমগ্ৰ দেশৰ লগতে বিগত বছৰ সমূহৰ দৰে এইবছৰো নগাঁও জিলা শিশু শ্ৰমিক প্ৰকল্প সমিতিৰ উদ্যোগত আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ব্যৱস্থাপনাত লগতে বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ পৰিচালনা কৰা স্বেচ্ছাসেৱী অনুষ্ঠান ক্ৰমে সৰ্বাঙ্গী ট্ৰাষ্ট,উদালী ৰুৰেল ডেভেলপমেণ্ট এচ’ছিয়েছন,অসম ৰাজ্যিক কৃষক সমন্বয় সমিতি, আদৰ্শ সমাজ কল্যাণ সমিতি, সোনালী উদ্যোগ সমিতি আৰু গ্ৰাম্য উন্নয়ন সন্থাৰ সহযোগত আজি নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী তোডী ভৱনত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন কৰা হয় ৷ উল্লেখ্য যে,২০০৬ চনৰ পৰা বৰ্তমানলৈকে নগাঁও জিলা শিশু শ্ৰমিক প্ৰকল্প সমিতিৰ অধীনত বে-চৰকাৰী অনুষ্ঠান সমূহৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি শিশু শ্ৰমিক সকলৰ কল্যাণৰ বাবে কাম কৰি অহা পৰিপ্ৰেক্ষিতত এই দিৱসটি উদযাপনৰ তাৎপৰ্য গুৰুত্বপূৰ্ণ ৷ সেই উদ্দেশ্য আজি পুৱা সমূহীয়া চাফাই অভিযানৰে দিৱসৰ শুভাৰম্ভ কৰা হয় ৷ পুৱা ১০ বজাত সমূহীয়া গছপুলি ৰোপনৰ কাৰ্যসূচী মুকলি কৰে অৱসৰপ্ৰাপ্ত সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰেমেশ্বৰ দাসে,পুৱা ১০:৩০ শোভাযাত্ৰা আৰু বাটৰ নাট প্ৰদৰ্শনীৰ উদ্বোধনী কৰে নগাঁৱৰ অতিৰক্ত উপায়ুক্ত দেৱাহুতি বৰাই ৷ দিনৰ ১১:৩০ বজাৰ পৰা বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত শিশু শ্ৰমিক সকলৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰদৰ্শনী আৰু শিশু শ্ৰমিক প্ৰতিৰোধ সম্পৰ্কীয় বক্তৃতা প্ৰদান অনুষ্ঠানৰ মুকলি কৰে জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলী আৰ্য্যই ৷ বিয়লি ২:৩০ বজাত অনুষ্ঠিত মুকলি সভাখনি বন্তী প্ৰজ্বালনৰে মুকলি কৰে নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱাই ৷ মুকলি সভাত সভাপতিত্ব কৰে নগাঁও জিলা শিশু শ্ৰমিক প্ৰকল্প সমিতিৰ প্ৰাক্তন প্ৰকল্প সঞ্চালক প্ৰেমেশ্বৰ দাসে ৷ মুকলি সভাত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত কলংপাৰৰ সম্পাদক ভৱেন বৰা,সমাজসেৱক-ক্ৰীড়া সংগঠক শশীন্দ্ৰ দেৱ মহন্ত,সমাজসেৱক বিৰেন দাস সহ নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সদৌ অসম গ্ৰাম্য পুথিঁভড়াল সন্থাৰ মহিলা সকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতৰে আৰম্ভ হোৱা সভাত সদৌ অসম গ্ৰাম্য পুথিঁভড়াল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই আদৰণি ভাষণ তথা আতঁধৰা অনুষ্ঠানটিত বৰ্তমান সমাজত ব্যৱস্থাত চলি থকা শিশু শ্ৰমিকৰ ওপৰত বহু গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে। নগাঁৱৰ প্ৰকল্প সঞ্চালক কনক কছাৰীয়ে ভাষণ প্ৰদান কৰি কয় যে আজিও আমাৰ সমাজত শিশু শ্ৰমিক চলি আছে। দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ এই অনুষ্ঠানত প্ৰায় তিনিশতাধিক লোক উপস্থিত থাকে ৷

প্ৰেৰক কনক হাজৰিকা

You might also like