নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসাৰ অভাৱত বানপানীৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হৈ পশু ধনৰ মৃত্যু মুখত পৰিছে চেঙাজানত

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ দুমাহ ধৰি সৃষ্টি হোৱা বানপানীৰ পিছত বিভিন্ন ৰোগত আক্ৰান্ত হৈ ব্যাপকভাৱে পশু ধনৰ মৃত্যু মুখত পৰিছে জোনাই ৰাজহ চক্ৰৰ চমকঙ গাওঁ পঞ্চায়তৰ অন্তৰ্গত চেঙাজান গোৱালা গাঁৱত। ব্ৰহ্মপুত্ৰ আৰু লালী নদীৰ বানৰ কৱলত চেঙাজান গোৱালা গাঁৱৰ কৃষি ভূমি, শস্যপথাৰ সমূহত তপৰে তৰপে পলস,বোকা পৰাৰ ফলত পশু ধনৰ মাজত খাদ্য সংকটৰ সৃষ্টি হৈছে। ভোকৰ তাড়নাত বোকা, পলসযুক্ত ঘাঁহ-বন খোৱাৰ বাবে পশু ধনৰ মাজত পেট ফুলা,চাল ছিগা, গল ফুলাৰ লগতে কমবেছি পৰিমাণে চবকা ৰোগৰ প্ৰাদুভাব হোৱা দেখা গৈছে। এইকেইদিনতে চেঙাজান গোৱালা গাঁৱৰ ৰামভবন মাঝিৰ গাই এজনী,চেউৰী দুজনী, ভবেশ বিশ্বাসৰ এজনী গাই,এজনী চেউৰী, যোগিন্দৰ যাদৱৰ গাই এজনী, ৰামমাৰুট যাদৱৰ গাই চাৰিজনী, চেউৰী দুজনী, বিনোদ যাদৱৰ গাই তিনিজনী, চেউৰী দুজনী, দমৰা এটা, যোগেশ যাদৱৰ পাঁচজনী গাই ম’হ,ৰামলাল যাদৱৰ তিনিজনী ম’হ বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে।আনহাতে ডিমৌৰ বালিখুটি গাঁৱৰ ৰাজেন্দ্ৰ যাদৱৰ তিনিজনী গাই ম’হ,দুটা দমৰা ম’হ,ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ হিলৈদাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত চুকীয়া চাপৰিৰ নন্দলাল যাদৱৰ সাতজনী গাই গৰু, তিনিজনী চেউৰী গৰু, এটা ম’হ, হৰিলাল যাদৱৰ তিনিজনী চেউৰী ম’হ বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে।বৰ্তমানলৈকে চৰকাৰৰ পশু চিকিৎসা বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ পশু ধনৰ চিকিৎসা ব্যৱস্থা হাতত লোৱা নাই। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বহু চৰ চাপৰি বুৰাই পেলোৱাৰ ফলত গো পালক সকলে ওখ ঠাইলৈ পশু ধনবোৰ স্থানান্তৰ কৰিবলৈ লওঁতে বহু সংখ্যক পশু ধন নদীৰ কোবাল সোঁতে উটুৱাই নিয়ে।চেঙাজান গাঁৱৰ যোগেশ যাদৱৰ সাতজনী গাই ম’হ, ৰামলাল যাদৱৰ পাঁচজনী গাই ম’হ, চুকীয়া চাপৰিৰ হৰিলাল যাদৱৰ তিনিজনী চেউৰী ম’হ ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে উটুৱাই নিয়ে সুৰক্ষিত স্থানলৈ পাৰাপাৰ কৰোঁতে।বানপানীৰ কবলত শস্যপথাৰ বিস্তৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে পশু ধনৰ মৃত্যু মুখত পৰা পৰিস্থিতিয়ে কৃষক ৰাইজক বাৰুকৈয়ে জ্বলাকলা খুৱাইছে।

You might also like