প্রকৃত মালিকৰ লঘু উদ্যোগৰ বাবেহে কৃষিভূমি ব্যৱহাৰৰ অনুমতি
সংবাদ মেলত স্পষ্ট কৰিলে মন্ত্রী পাটোৱাৰীয়ে
নিয়মীয়া বাৰ্তা ৪ জুলাইঃ উদ্যোগ স্থাপনৰ স্বার্থত ৰাজ্যিক কেবিনেটে শেহতীয়াকৈ অনুমোদন জনোৱা অধ্যাদেশক লৈgeৰাজ্যজুৰি সৃষ্টি হোৱা তীব্র বিতর্কৰ মাজতে ই খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ ওপৰত কোনো প্রভাৱ নেপেলায় বুলি স্পষ্ট কৰি দিলে ৰাজ্যৰ উদ্যোগমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ শুকুৰবাৰে জনতা ভৱনত এখন সংবাদ মেল সম্বোধন কৰি মন্ত্রী পাটোৱাৰীয়ে কয় যে আছাম এগ্রিকালচাৰেল লেণ্ড (ৰেগুলেচন অৱ ৰি–ক্লাচিফিকেচন এণ্ড ট্রেন্সফাৰ ফৰ নন এগ্রিকালচাৰেল পাৰপাজ) এক্ট ২০১৫ৰ অধীনত কৃষিভূমি অনাকৃষিকার্যৰ বাবে বিক্রী বা হস্তান্তৰৰ ক্ষেত্রত থকা নিষেধাজ্ঞাৰ ওপৰত কোনো প্রভাৱ নেপেলায়৷ ইয়াৰ দ্বাৰা কোনো লোককে কোনো কৃষিভূমি অনাকৃষিকার্যৰ বাবে ক্রয়–বিক্রয় কৰিবলৈ নিদিয়ে৷ ইয়াৰ দ্বাৰা নিজৰ কৃষিভূমিত নিজে উদ্যোগ স্থাপন কৰিব খুজিলে সহায় হ’ব৷ জাতি মাটি ভেটি ৰক্ষাৰ স্বার্থত কাম কৰি থকা চৰকাৰখনে খিলঞ্জীয়াৰ ভূমি সদায় সুৰক্ষিত কৰি আহিছে৷ মন্ত্রী পাটোৱাৰীয়ে পুনৰ কয় যে এই আইনখনৰ দ্বাৰা ভূমি ক্রয়–বিক্রয়ত হস্তক্ষেপ নহ’ব৷ কোনো লোকে কৃষিভূমি অন্য কামত ব্যৱহাৰৰ বাবে ক্রয় কৰিব নোৱাৰিব৷ যদি কোনো কৃষিভূমিৰ প্রকৃত মালিকে তেওঁৰ ভূমিত ক্ষুদ্র, লঘু অথবা মজলীয়া উদ্যোগ প্রতিষ্ঠা কৰিব বিচাৰে, তেন্তে তেওঁ উক্ত কৃষিভূমিক অনা–কৃষিভূমি ৰূপে জিলা উপায়ুক্তই স্বীকৃতি দিব লাগিব৷ ইফালে অধ্যাদেশখনক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা বিতর্ক সন্দর্ভত মন্ত্রী পাটোৱাৰীয়ে কয়– মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ৫০ হাজাৰতকৈ অধিক ভূমিহীনক মাটিৰ পট্টা প্রদান কৰিছে৷ এনেস্থলত চৰকাৰখনে খিলঞ্জীয়াৰ ভূমি কাঢ়ি নিব খুজিছে বুলি কোৱা কথা গ্রহণযোগ্য নহয়৷ ২৪ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ লক্ষ্যৰে এই অধ্যাদেশখন গ্রহণ কৰা হৈছে৷ তদুপৰি ক্ষুদ্র তথা লঘু উদ্যোগৰ বাবেহে এই নীতি, ৰাজ্য চৰকাৰে কোনো বৃহৎ উদ্যোগক লক্ষ্য কৰি এনে পদক্ষেপ গ্রহণ কৰা নাই৷ তেওঁ কয় যে কোনো উদ্যোগীয়ে যদি অনা–কৃষিভূমি ক্রয় কৰি উদ্যোগ স্থাপনৰ বাবে প্রচেষ্টা চলায়, তেন্তে জিলা উপায়ুক্তই খুটিনাটি মাৰি বিষয়টো পৰীক্ষা কৰিব৷ অর্থাৎ উদ্যোগ স্থাপন কৰিব খোজা ভূমিখণ্ড কৃষিভূমি নে অনা–কৃষিভূমি, সেয়া পৰীক্ষাৰ পিছতহে ভূমি ক্রয়ৰ অনুমতি পাব৷ এইটোও স্পষ্ট যে কোনো মাষ্টাৰ প্লেনৰ অন্তর্ভুক্ত ভূমি ক্রয়–বিক্রয় নহয়৷ তদুপৰি নিষেধাজ্ঞা আৰোপিত ভূমি যেনে– পাব্লিক গ্রেজিং ৰিজার্ভ, গ্রাম্য ৰেজিং ৰিজার্ভ, বিল, ঐতিহাসিক অথবা প্রত্নতাত্ত্বিক দিশৰ গুৰুত্বপূর্ণ স্থান, ধর্মীয় প্রতিষ্ঠান, জনজাতীয় বেল্ট, ব্লক ভূমি ক্রয়–বিক্রয় নহ’ব৷