ৰাজ্যিক প্রশাসনত সালসলনি : কামৰূপ মেট্র’–লখিমপুৰ–বাক্সাত নতুন জিলা আয়ুক্ত
ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ নৱেম্বৰ : ৰাজ্য চৰকাৰে এক নির্দেশযোগে কামৰূপ মেট্র’, লখিমপুৰ আৰু বাক্সা জিলাত নতুন জিলা আয়ুক্ত নিয়োগৰ লগতে ৰাজ্যিক প্রশাসনত কিছু সালসলনি ঘটাইছে৷ কামৰূপ মেট্র’ৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাক কৰ আয়ুক্ত, অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ প্রগ্রেমৰ প্রকল্প সঞ্চালক হিচাপে বদলি কৰা হৈছে৷ তেওঁক অতিৰিক্তভাৱে জাইকাৰ সাহায্যপ্রাপ্ত গুৱাহাটী পানী যোগান প্রকল্পৰ প্রকল্প সঞ্চালকৰ দায়িত্ব দিয়া হৈছে৷ লখিমপুৰৰ জিলা আয়ুক্ত সুমিত ছট্টৱানক কামৰূপ মেট্র’ৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে৷ সেইদৰে বিত্ত বিভাগৰ যুটীয়া সচিব গায়ত্রী দেৱী দাস হিয়ালিঙক লখিমপুৰৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে৷ বাক্সাৰ জিলা আয়ুক্ত মাচন্দা মেগডালিন পার্টিনক দক্ষতা–নিয়োগ আৰু উদ্দীপনা বিভাগৰ যুটীয়া সচিব হিচাপে বদলি কৰাৰ লগতে অসম দক্ষতা বিকাশ অভিযানৰ পৰিচালন সঞ্চালক আৰু অসম ৰাজ্যিক গ্রাম্য জীৱিকা মিছনৰ পৰিচালন সঞ্চালক হিচাপে অতিৰিক্ত দায়িত্ব অর্পণ কৰা হৈছে৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সচিব তথা অসম ৰাজ্যিক গ্রাম্য জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক কৃষ্ণা বৰুৱাক বাক্সাৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে৷ আনহাতে, আবকাৰী আয়ুক্ত তথা অসম চাহ নিগমৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱালাক কৰ আয়ুক্তৰ দায়িত্বৰ পৰা অব্যাহত দিয়া হৈছে৷ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘা নিধি দাহালক অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কার্যসূচীৰ পৰিচালন সঞ্চালকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ সেইদৰে অসম দক্ষতা বিকাশ অভিযানৰ মিছন সঞ্চালক অংকুৰ জৈনক পৰিবহণ আয়ুক্ত হিচাপে বদলি কৰা হৈছে৷ একেদৰে অসম মেডিকেল ছার্ভিচ কর্প’ৰেচনৰ পৰিচালন সঞ্চালক ৰবীন কুমাৰক পৰিবহণ আয়ুক্তৰ পদৰ পৰা অব্যাহতি দিয়া হৈছে৷