অবৈধ বালি কঢ়িওৱা ট্রাকৰ খুন্দাত দুই কিশোৰীৰ মৃত্যু
নিয়মীয়া বার্তা, ৪ মে’ : ছয়গাঁও সমষ্টিৰ অন্তর্গত টপাৰ পথাৰত দেওবাৰে পুৱা অবৈধভাৱে কঢ়িওৱা বালিৰ ট্রেক্টৰৰ খুন্দাত দুগৰাকী কিশোৰী নিহত হোৱাৰ লগতে আন এটি শিশু গুৰুতৰভাৱে আহত হয় ৷ এই ঘটনাক কেন্দ্র কৰি সমগ্র অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ জানিব পৰা মতে, জোৰশিমুলী আৰক্ষী চকীৰ অন্তর্গত টপাৰ পথাৰত অবৈধভাৱে বালি কঢ়িওৱা ট্রেক্টৰ এখনে তিনি কিশোৰীক খুন্দা মাৰে ৷ ফলত টপাৰ পথাৰ গাঁৱৰ হাইদৰ আলীৰ কন্যা নার্জিনা আখতাৰ (১০)ৰ থিতাতে মৃত্যু হয় ৷ আনহাতে ট্রেক্টৰৰ খুন্দাত গুৰুতৰভাৱে আহত টপাৰ পথাৰৰ হাইদৰ আলীৰ ডেৰ বছৰীয়া কন্যা হাছিনা খাতুন আৰু জিয়াৰুল হকৰ কন্যা ইলিজা বেগম (৯)ক তৎক্ষণাৎ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্রত ভর্তি কৰায় যদিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়াৰ পথত ইলিজা বেগমৰ মৃত্যু ঘটে৷ নার্জিনা আখতাৰ আৰু ইলিজা বেগমৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰিছে ৷ আনহাতে জোৰশিমুলী আৰক্ষীয়ে ট্রেক্টৰ চালক জাফৰ আলীৰ সৈতে নম্বৰবিহীন ট্রেক্টৰখন জব্দ কৰা বুলি জানিব পৰা গৈছে৷ দুই কিশোৰীৰ কৰুণ মৃত্যুত সমগ্র অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ৷