নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ সাপৰটাৰীত নৱনিৰ্মিত বিষ্ণু মন্দিৰৰ শুভ উদ্বোধন

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ ছয়গাঁৱৰ সাপৰটাৰী গাঁৱত ৪ মাৰ্চত দিনজোৰা কাৰ্যসূচীৰে ৰাজহুৱা হোম-যজ্ঞ আৰু নৱনিৰ্মিত বিষ্ণু মন্দিৰ উদ্বোধন কৰা হয়॥ সাংবাদিক মধুসূদন মেধিয়ে মন্দিৰৰ দ্বাৰ উন্মোচন কৰা অনুষ্ঠানটোত সাংবাদিক নৱনীতা কলিতা, সংবাদকৰ্মী কিশোৰজ্যোতি শৰ্মা,  নিয়মীয়া বাৰ্তাৰ সংবাদকৰ্মী হেমন্ত বৰ্মন উপস্থিত থাকে॥ দেৱজিত কলিতাই ঘট বুৰণৰ শোভাযাত্ৰা মুকলি কৰাৰ পাছতে হোমৰ মাংগলিক কাৰ্যসূচী আৰম্ভ হয়। বিজেপি  যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোৰ বিভিন্ন কাৰ্যসূচীত সমাজকৰ্মী প্ৰভাত চন্দ্ৰ দাস, জ্যেষ্ঠ সাংবাদিক সুকুমাৰ মেধি, সমাজকৰ্মী জয়ন্ত মজুমদাৰ, ছয়গাঁও সাৰ্বজনীন ৰাস মহোৎসৱৰ সভাপতি পৰশুৰাম দাস, সাহিত্যিক ভুবন চন্দ্ৰ কলিতা, শিক্ষক বিপুল ডাকুৱা, সমাজকৰ্মী প্ৰফুল্ল মেধি, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত উপ-পঞ্জীয়ক ইন্দ্ৰমোহন বৰুৱা, নৱ বৰুৱা, কৌশিক মালাকাৰকে ধৰি বহুতো গণ্য-মান্য লোক উপস্থিত থাকে। পিংকু কলিতাই আঁত ধৰা অনুষ্ঠানটো নিশা যাত্ৰাভিনেয়েৰে সামৰণি পৰে॥

You might also like