নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ দিগৰখালত অসম খনিজ উন্নয়ন নিগম লিমিটেডৰ অবৈধ চেকগেট স্থাপন

নিয়মীয়া বাৰ্তা,১১ ফেব্ৰুৱাৰী : অসম খনিজ উন্নয়ন নিগম লিমিটেডৰ অধীনত কাছাৰৰ অসম-মেঘালয় সীমান্ত এলেকা দিগৰখালত এখন অবৈধ চেকগেট স্থাপনৰ সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনাইছে স্থানীয় সচেতন ৰাইজে ।

শুকুৰবাৰে দিগৰখালৰ অছিত দেৱ ,হৰিকানু বৈষ্ণৱ,নিতু দাস,বাপন পাল,হামিদ তালুকদাৰ,আলতাফ হুছেইন প্ৰমুখ্যে কাছাৰৰ দিগৰখালত খনিজ আৰু খনি বিভাগৰ প্ৰস্তাৱিত চেকগেটৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এখন অভিযোগনামা প্ৰেৰণ কৰিছে ।

কাছাৰৰ উপায়ুক্ত মাৰফৎ প্ৰেৰিত উক্ত অভিযোগনামাত তেওঁ উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এন্ধাৰত ৰাখি অসম খনিজ উন্নয়ন নিগম লিমিটেডৰ মেনেজিং ডিৰেক্টৰ এন আনন্দৰ নেতৃত্বত উক্ত চেকগেট স্থাপন কৰা হৈছে। খনিজ আৰু খনি নিয়ন্ত্ৰণ আইন ১৯৫৭ ৰ অধীনত ধাৰা ২৩ – অনুসাৰে স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে, কেৱল ৰাজ্য চৰকাৰৰ খনিজ আৰু খনি বিভাগৰ অধীনত ডিৰেক্টৰ জিঅলজি এন্ড মাইনিং বিভাগে কয়লা/চূণশিল ইত্যাদিৰ পৰিবহণ সম্পৰ্কিত কৰ্তৃত্ব আছে।

কিন্তু অসম খনিজ উন্নয়ন নিগম লিমিটেডৰ চেকগেটে কয়লা/চূণশিল পৰীক্ষা কৰিব নোৱাৰে। তদুপৰি নিগমৰ চেকগেট খোলাৰ কৰ্তৃত্ব দিব নোৱাৰে। ডিৰেক্টৰ জিঅলজি এন্ড মাইনিঙে খনিৰ পৰিবহণ পৰীক্ষা কৰাৰ চেকগেট স্থাপন কৰিব পাৰে। কিন্তু তেওঁলোকে জানিব পাৰিছে যে ডিৰেক্টৰ জিঅলজি এন্ড মাইনিঙৰ অজ্ঞাতে দিগৰখালত অসম খনিজ উন্নয়ন নিগম লিমিটেডে এখন চেকগেট স্থাপন কৰিবলৈ প্ৰস্তুতি চলাইছে।

ইতিমধ্যে দুই-তিনিগৰাকী কৰ্মচাৰী প্ৰেৰণ কৰিছে। কৰ্মচাৰীসকলক এমভিআই কৰ্মচাৰীৰ কোৱাৰ্টাৰ সৈতে থকাৰ ব্যৱস্থা কৰা হৈছে। দিগৰখাল চেকগেটত এই সন্দৰ্ভত তদন্ত কৰিলেই সকলো পোহৰলৈ আহিব বুলি তেওঁলোকে উল্লেখ কৰিছে।
প্ৰেৰক গৌতম তালুকদাৰ

You might also like