১ এপ্ৰিলৰ পৰা অকাৰ্যকৰ হৈ পৰিব এই ৭টা বেংকৰ চেকবুক
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ ১ এপ্ৰিলৰ পৰা দেশৰ ৭টা বেংকৰ পাছবুক আৰু চেক অকাৰ্যকৰ হৈ পৰিব। দেশৰ মুখ্য বেংকৰ লগত একত্ৰীকৰণ কৰা বেংকসমূহৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য হ’ব।
মুখ্য বেংকৰে একত্ৰীকৰণৰ পিছত অহা ১ এপ্ৰিলৰ পৰা চেক আৰু পাছবুক অকাৰ্যকৰ হৈ পৰা বেংকসমূহ হ’ল ডেনা বেংক, বিজয়া বেংক, কৰ্পোৰেচন বেংক, অন্ধ্ৰ বেংক, অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ, ইুনাইডেট বেংক আৰু এলাহাবাদ বেংক।
এই ৭ বেংকত একাউণ্ট থকা কোনো গ্ৰাহকে পূৰ্বৰ চেকবুক-পাচবুকেৰে কোনো কাৰ্য সম্পাদন কৰিব নোৱাৰিব। গতিকে অতি সোনকালে নিজৰ চেক আৰু আইএফএছচি কোড সংগ্ৰহ কৰি লোৱাটো জৰুৰী।
উল্লেখ্য, ছিণ্ডিকেট বেংকো কানাড়া বেংকৰ সৈতে একত্ৰ হৈছে যদিও ছিণ্ডিকেট বেংকৰ চেকবুক, পাছবুক আদি ৩০ জুন, ২০২১লৈ ব্যৱহাৰ কৰিব পাৰিব।