নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

April ত বেংক বন্ধ থাকিব ৯ দিন, কেতিয়া কেতিয়া চাওক…

যদি আপোনাৰ বেংকৰ কাম আছে, এই নিউজটো আপোনালোকৰ বাবেই। কাৰণ এই মাহত বেংক ৯ দিনৰ বাবে বন্ধ থাকিব। তাৰ ওপৰিও দ্বিতীয় চতুৰ্থ শনিবাৰ আৰু   দেওবাৰটো আছেই।

ৰিজাৰ্ভ বেংকৰ দ্বাৰা ৱেবছাইটত পোষ্ট কৰা কেলেণ্ডাৰত দেখা গৈছে যে এইটো মুখ্যতঃ অনুষ্ঠানৰ দিনাকেইটাই বন্ধ থাকিব। অৱশ্যে, যি ৰাজ্যত যি অনুষ্ঠান সেই অনুসৰি বেংক বন্ধ থাকিব।

ৰিজাৰ্ভ বেংকৰ তালিকাত কোৱা হৈছে যে এপ্ৰিলত ৯ দিনৰ বাবে বেংক বন্ধ থাকিব।

৩১ তাৰিখে বিত্তীয় বৰ্ষৰ অন্তিম দিন আৰু ১ এপ্ৰিলৰ পিছত বিত্তীয় বৰ্ষৰ প্ৰথম দিন। যাৰবাবে বেংক খোলা থাকিলেও দিন ২টাত গ্ৰাহকসকলে কোনো সেৱা নাপাব। এইটো অৱশ্যে প্ৰতি বছৰে হয়।

ইপিনে ২ এপ্ৰিলত গুড ফ্ৰাইডে আৰু ৪ এপ্ৰিলত দেওবাৰ হোৱাৰ বাবে বেংক সেৱা উপলব্ধ নহ’ব। কিন্তু ৩ তাৰিখে প্ৰথম শনিবাৰ, বেংক সেইদিনা খোলা থাকিব।

অৱশ্যে, মুকলি কৰা বন্ধৰ তালিকাত অন্তৰ্ভুক্ত আছে- ৬ এপ্ৰিলত ভোটদানৰ বাবে বন্ধ থাকিব বেংক, ১৩ এপ্ৰিল, ১৪, ১৫, ১৬ বিহুৰ উপলক্ষে বেংক বন্ধ থাকিব।

You might also like