বাছ মালিকলৈ আহ্বান মুখ্যমন্ত্রীৰঃ প্রথমে অনুৰোধ কৰিছোঁ, নামানিলে কঠোৰ হ’ব চৰকাৰ
নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ ক’ভিড পৰিস্থিতি সামান্য উন্নত হোৱা বাবে আন্তঃজিলা যাতায়াত মুকলি কৰি দিয়াৰ পাছতে একাংশ বাছ মালিকে বাছৰ ভাৰা দুগুণ আদায় কৰাক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ বিষয়টো সন্দর্ভত ইতিমধ্যে ৰাজ্য চৰকাৰে বাছ মালিক সন্থাক ভাৰা বৃদ্ধি নকৰিবলৈ অনুৰোধ জনাইছে৷ কিন্তু এনে অনুৰোধৰ পাছতো দূৰণিবটীয়া বাছৰ ভাৰা বৃদ্ধি কৰিছে একাংশ বাছ মালিকে৷
শুকুৰবাৰে সাংবাদিকে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দৃষ্টিগোচৰ কৰাত মুখ্যমন্ত্রীয়ে কয়– এতিয়া বাছৰ ভাৰা বৃদ্ধি কৰাটো উচিত নহয়৷ বাছৰ মালিকসকলক মই আহ্বান জনাম– কেইটামান দিন ধৈর্য ধৰক৷ সাধাৰণ লোকৰ অর্থনৈতিক অৱস্থা এতিয়া ভাল নহয়৷ ক’ভিড পৰিস্থিতিৰ সময়ত বন্ধ হৈ থকাত গোটেই লোকচান এতিয়া আদায় কৰাৰ বাবে নামি পৰাটো উচিত নহয়৷ কথাটো হ’ল বাছ মালিক–কর্মচাৰীসক অসমীয়া, এনফ’চমেণ্ট বিষয়া–কর্মচাৰীসক অসমীয়া৷ গতিকে আমি নিজে নিজকে ঠিক কৰিব লাগিব৷ ‘অ’ মোৰ আপোনাৰ দেশ’ গাওঁ আমি৷ এইখন সকলোৰে দেশ৷ প্রথম পর্যায়ত পৰিবহণ বিভাগৰ বিষয়া অথবা এনফ’চমেণ্ট অফিচাৰ যোৱাটো আমি বিচৰা নাই৷ প্রথমতে আমি আবেদন, প্রণাম, অনুৰোধ কৰিছোঁ৷ কিন্তু নামানিলে চৰকাৰ আছে৷ এই চৰকাৰখনে প্রতিটো ক্ষেত্রত কিমান শক্তিশালী পদক্ষেপ ল’ব পাৰে, সকলোৱে প্রত্যক্ষ কৰিছে৷ প্রথম পর্যায়ত আমি লাঠী লৈ থিয় হ’ব বিচৰা নাই৷ নমস্কাৰ–প্রণাম জনাই আমি অনুৰোধ কৰিছোঁ৷ অন্যথা চৰকাৰ কঠোৰ হ’ব৷
ইফালে দুর্গাপূজা অনুষ্ঠিত কৰাক লৈও মুখ্যমন্ত্রীয়ে কয় যে দুর্গাপূজাৰ বাবে স্বাস্থ্য বিভাগে নতুন এছ অ’ পি জাৰি কৰিব৷ এইবাৰ দুর্গাপূজা হ’ব৷ কিন্তু আমি সাৱধানতাৰে ক’ভিড বিধি মানিহে পূজা অনুষ্ঠিত কৰিব লাগিব৷ পূজা চোৱাৰ পূর্বে প্রথম পালি ভেকচিন সকলোৱে ল’বই লাগিব৷ বেমাৰটো কমা বুলি ধাৰণা কৰি মানুহে দ্বিতীয় পালি ভেকচিন নোলোৱা হ’ল৷ আমাৰ অনুৰোধ– যেনে–তেনে ভেকচিনকেইটা লওক৷ ৰাজ্যত এতিয়া পর্যাপ্ত পৰিমাণৰ ভেকচিন আছে৷