সান্ধ্য আইন–আন্তঃজিলা পৰিবহণত কঠোৰ বাধা বলৱতৰ নির্দেশ মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা, ২৪ মে’: ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতি আৰু বান ব্যৱস্থাপনাৰ সম্পর্কত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে ভিডিঅ’ কনফাৰেঞ্চযোগে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, মেডিকেল কলেজসমূহৰ অধ্যক্ষ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ বৈঠকখনত ক’ভিড পৰিস্থিতি সম্পর্কত পর্যালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই জিলা উপায়ুক্তসকলক ক’ভিড কেয়াৰ চেণ্টাৰ, আইচিইউ বিছনাৰ সংখ্যা আৰু অক্সিজেন বিছনাৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে নির্দেশ দিয়ে৷ আৰ টি পি চি আৰ পৰীক্ষাৰ সংখ্যাও বৃদ্ধি কৰিবলৈ নির্দেশ দি এইক্ষেত্রত উপায়ুক্তসকলক প্রতিদিনে লক্ষ্য নির্ধাৰিত পদক্ষেপ লোৱাৰ বাবে ৰাষ্ট্রীয় স্বাস্থ্য অভিযানক নির্দেশনা দিবলৈ পৰামর্শ আগবঢ়ায়৷
সেইদৰে ক’ভিড পৰিস্থিতিৰ বাবে আৰোপিত সান্ধ্য আইন আৰু আন্তঃজিলা পৰিবহণৰ বাবে কঠোৰভাৱে বলৱৎ কৰিবলৈও মুখ্যমন্ত্রীয়ে জিলা উপায়ুক্তসকলক নির্দেশ দিয়ে৷ নিশাৰ ভাগত জটিল ক’ভিড ৰোগীৰ চিকিৎসা সেৱা অধিক কার্যক্ষম কৰাত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রী ড০ শর্মাই জিলা উপায়ুক্তসকলক হাস্পতালসমূহ গভীৰ নিশা পৰিদর্শন কৰাৰ নির্দেশ দিয়াৰ লগতে ক’ভিড ভেকচিনেচন চেণ্টাৰসমূহত যাতে সামাজিক দূৰত্ব তথা শৃংখলাবদ্ধতা অটুট থাকে, তাৰ বাবে যথোচিত পদক্ষেপ গ্রহণৰ নির্দেশ দিয়ে৷
উক্ত চেণ্টাৰসমূহত বয়োজ্যেষ্ঠ মাতৃসকলক অগ্রাধিকাৰ ভিত্তিত সুবিধা দিয়াৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে৷ চাহ বাগিচাত ক’ভিডৰ সংক্রমণ বৃদ্ধি হোৱাত উদ্বিগ্ণতা প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই এইক্ষেত্রত প্রয়োজনীয় সকলো ব্যৱস্থা গ্রহণৰ বাবে জিলা উপায়ুক্তসকলক নির্দেশ দিয়ে৷ কণ্টেইনমেণ্ট জ’নসমূহৰ পৰিসীমা সুনির্দিষ্টভাৱে নির্ধাৰণ কৰি তাক কার্যকৰী কৰাৰ নির্দেশ দিয়াৰ লগতে চাহ বাগিচাসমূহৰ কণ্টেইনমেণ্ট জ’নত বসবাস কৰা জনসাধাৰণে প্রয়োজনীয় ৰেচন লাভ কৰাটো সুনিশ্চিত কৰাৰ বাবেও নির্দেশ দিয়ে৷ চাহ বাগিচাৰ হাস্পতালসমূহ চিকিৎসকসকলে যাতে নিয়মীয়াকৈ পৰিদর্শন কৰে, সেইটো কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷
দেওবাৰৰ এই বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই হোম আইছ’লেচনত থাকিবলৈ ইচ্ছা প্রকাশ কৰা ক’ভিড পজিটিভ ব্যক্তিক পৰীক্ষা কেন্দ্রৰ পৰা সংশ্লিষ্ট গৃহলৈ যোৱাৰ এক ব্যৱস্থাপনা সৃষ্টি কৰাৰ বাবেও উপায়ুক্তসকলক নির্দেশ দিয়ে৷
ইপিনে, বান ব্যৱস্থাপনাৰ সম্পর্কত পর্যালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই সম্ভাব্য বানপানীৰ প্রতি লক্ষ্য ৰাখি আগন্তুক ১০ দিনৰ ভিতৰত বিপদসংকুল মথাউৰিসমূহ শক্তিশালীকৰণৰ কাম সম্পূর্ণ কৰিবলৈ জলসম্পদ বিভাগক নির্দেশ দিয়ে৷ এইক্ষেত্রত উপায়ুক্ত, জলসম্পদ বিভাগ, জিলা গ্রামীণ অভিকৰণ আৰু লোকনির্মাণ আদি বিভাগক যৌথভাৱে কাম কৰাৰ বাবেও মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷ বানৰ সময়ত উদ্ধাৰ, সাহায্য আদি ক্ষিপ্রভাৱে যাতে সম্পন্ন কৰিব পৰা যায়, তাৰ বাবে আগতীয়াকৈ সকলো ব্যৱস্থা সাজু ৰখাৰ বাবে উপায়ুক্তসকলক মুখ্যমন্ত্রী ড০ শর্মাই এই বৈঠকতে নির্দেশ দিয়ে৷
বানৰ সময়ছোৱাত যাতে চক্র বিষয়াসকলে তাৎক্ষণিকভাৱে বানাক্রান্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াব পাৰে, তাৰ বাবে চক্র বিষয়াসকলক নিজৰ স্থানত থকাটো বাধ্যতামূলক কৰাৰ পদক্ষেপ ল’বলৈও উপায়ুক্তসকলক মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷ তদুপৰি ৰাজ্যখনৰ যিসমূহ ৰাজহ চক্রত চক্র বিষয়াৰ পদবী খালী হৈ আছে, সেই পদবীসমূহত শীঘ্রে বিষয়াসকলক নিয়োজিত কৰাৰ ব্যৱস্থা ল’বলৈও ৰাজহ বিভাগক নির্দেশ দিয়ে৷ বানৰ বাবে আশ্রয় শিবিৰত আশ্রয় গ্রহণ কৰিবলগীয়া বানাক্রান্তৰ ঘৰলৈ উভতি যোৱাৰ সময়ত যাতে প্রয়োজনীয় সামগ্রী তাৎক্ষণিকভাৱে ক্রয় কৰিব পাৰে, তাৰ বাবে ৩,৮০০ টকাকৈ ক্ষিপ্রভাৱে প্রদানৰ ব্যৱস্থা ল’বলৈও উপায়ুক্তসকলক মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷
তদুপৰি বানত ক্ষতিগ্রস্ত ক্রিটিকেল ইনফ্রাষ্ট্রাকচাৰসমূ যাতে তাৎক্ষণিকভাৱে মেৰামতি কৰি কার্যক্ষম কৰিব পৰা যায়, এইক্ষেত্রত প্রয়োজনীয় পদক্ষেপ ল’বলৈ উপায়ুক্তসকলক মুখ্যমন্ত্রীয়ে আজিৰ বৈঠকতে নির্দেশ দিয়ে৷ বানপানীৰ সময়ত আশ্রয় শিবিৰসমূহত থকা বানাক্রান্তই যাতে উপযুক্ত চিকিৎসা সেৱা লাভ কৰিব পাৰে, সেই দিশত সহায়ক হোৱাকৈ প্রয়োজনীয় চিকিৎসক, নার্ছ আদিৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ এই ভিডিঅ’ কনফাৰেঞ্চৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মোহন, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাৰ উপৰি বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷