মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত জমা হ’ল ২০ কোটি টকা; এই ধন ব্যৱহূত হ’ব ভেকচিন ক্ৰয়ত
নিয়মীয়া বাৰ্তা, ২৫ মেঃ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত এতিয়ালৈকে জমা হ’ল ২০ কোটি টকা। এই ধনৰাশি ব্যৱহূত হ’ব ভেকচিন ক্ৰয়ত। সহযোগিতাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত কয়, “মই অসমবাসী ৰাইজক তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জনাইছো। যোৱা কালিলৈকে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত জমা হৈছে ২০ কোটি টকা। সদৌ অসম কৰ্মচাৰী পৰিষদেও এদিনৰ দৰমহা আমালৈ আগবঢ়াইছে। মই আশা কৰো যে ভাল কালেকশ্যন হ’ব। এই সকলো ধনৰাশি ব্যৱহূত হ’ব ভেকচিন ক্ৰয়ত।”