সৰুসজাই ক্রীড়া প্রকল্পত শিপিনী সমাৰোহ–২০২১ত মুখ্যমন্ত্রী সোণোৱাল
নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ ‘অসমৰ ১৪ লাখ শিপিনী বৃহৎ শক্তিৰ ভঁৰাল৷ এই শক্তিক উজ্জীৱিত কৰিব পাৰিলে আমাৰ হস্ততাঁত আৰু বস্ত্রশিল্পই অকল দেশতেই নহয়, বিদেশতো সমাদৃত হৈ উঠিব৷ আমাৰ শিপিনীসকলে গ্রাহকৰ মন জয় কৰি বজাৰ সৃষ্টি কৰিব লাগিব৷ আমাৰ নিজস্ব বজাৰখন অসমৰ হস্ততাঁত বস্ত্রশিল্পৰ লগত জডিত শিপিনীসকলৰ নিয়ন্ত্রণত থাকিলে আমাৰ অর্থনৈতিক গতি ত্বৰান্বিত হৈ উঠিব৷’ অসম চৰকাৰৰ হস্ততাঁত বস্ত্রশিল্প আৰু ৰেচম বিভাগৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ক্রীডা প্রকল্পত আয়োজিত শিপিনী সমাৰোহ–২০২১ত অংশগ্রহণ কৰি এই উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়৷
মুখ্যমন্ত্রীয়ে কয়– ৰাজ্যৰ শিপিনীসকলে আর্থিকভাৱে স্বাৱলম্বী হৈ আত্মনির্ভৰ হ’ব লাগিব৷ দেশৰ ভিতৰতে সর্বাধিকসংখ্যক শিপিনী থকা আমাৰ ৰাজ্যখনে শিল্পকলাৰ মাধমেৰে নিজৰ উজ্জ্বল ভৱিষ্যৎ ৰচনা কৰিব লাগিব৷ এৰী, মুগা, ৰেচমৰ দ্বাৰা প্রস্তুত কৰা বস্ত্রসমূহৰ মান যাতে অধিক উন্নত হয় সেই লক্ষ্যৰে নিয়োজিত হ’ব লাগিব৷ শিল্পকলাক প্রাণৱন্ত কৰিব পাৰিলে আমাৰ অর্থনৈতিক বুনিয়াদ অধিক শক্তিশালী হৈ পৰিব৷ অসমত কিমান পৰিমাণৰ বস্ত্রৰ প্রয়োজন সেই বস্ত্রৰ চাহিদা পূৰণ কৰিব পৰাকৈ উৎপাদন, গুণগত মান সংযোজন আৰু বজাৰ ব্যৱস্থাটোৰ সম্পর্কত সমীক্ষা চলাব লাগিব৷ বিজ্ঞান আৰু প্রযুক্তিয়ে নতুন কৌশল আৰু পদ্ধতি প্রদান কৰিছে৷ আমাৰ উদ্ভাৱনী চিন্তাক ইয়াৰ লগত সংযোগ কৰি মূল্য সংযোজন কৰিব লাগিব৷ বস্ত্রৰ গুৰুত্ব বৃদ্ধি কৰিব লাগিলে গ্রাহক সৃষ্টি কৰিব লাগিব বুলিও তেওঁ কয়৷ অসমৰ প্রাকৃতিক দৃশ্য, জৈৱ–বৈচিত্র্যৰ বিচিত্র ৰূপ বস্ত্রত সংযোজন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ ফলত অসমৰ স্বাভিমান বস্ত্রশিল্পৰ জৰিয়তে উদ্যাপিত হ’ব৷
কেন্দ্র আৰু ৰাজ্য চৰকাৰে বস্ত্রশিল্প উদ্যোগক আগুৱাই নিয়াৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ এই আঁচনিসমূহৰ সুপ্রয়োগৰ জৰিয়তে অসমৰ বস্ত্রশিল্পক বিকশাই তুলিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগে অকল দেশতে নহয়, বাংলাদেশৰ দৰে বিদেশী ৰাষ্ট্রতো আয়োজিত বাণিজ্য মেলাত অংশগ্রহণ কৰিছে৷ বাংলাদেশৰ ১৮ কোটি জনসাধাৰণৰ বজাৰ দখল কৰাৰ লক্ষ্যৰে শিপিনীসকলে কাম কৰিব লাগিব৷ কেৱল নিজৰ ৰাজ্যৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিলে শক্তিশালী হ’ব পৰা নাযায় বুলিও তেওঁ কয়৷ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই ভাষণত কয় যে অর্থনৈতিক বিকাশৰ বাবে বাণিজ্যিক ভিত্তিত বস্ত্র উৎপাদনত গুৰুত্ব আৰোপ কৰিব লাগিব৷ এই অনুষ্ঠানত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহন, বিধায়ক অতুল বৰা, হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ আয়ুক্ত সচিব মলয় বৰা, অসম চৰকাৰৰ বেচা–কিনা নিগমৰ অধ্যক্ষ আৰু উপাধ্যক্ষ প্রমুখ্যে উচপদস্থ বিষয়াসকল উপস্থিত থাকে৷