নিয়মীয়া বাৰ্তা, ৩ আগষ্ট : আজিৰ পৰা আঢ়ৈ বছৰ পূৰ্বে এটা পৰিয়ালৰ চকুত চকুপানী। চাৰিও ফালে অন্ধকাৰ দেখিছিল পৰিয়ালটোৱে। কাৰণ তেওঁলোকৰ ছয় বছৰীয়া কন্যাৰ দুটা কিডনী সংলগ্ন হৈ আছিল। যাৰ বাবে যেতিয়াই তেতিয়াই প্ৰস্ৰাৱ গৈ আছিল। চিকিৎসকে কৈছিল যে কণমানিজনীৰ কিডনীৰ জটিল অস্ত্ৰোপ্ৰচাৰ কৰিব লাগিব আৰু সেয়া অসমৰ বাহিৰত কৰিব লাগিব। কণমানিজনীৰ পিতৃ লক্ষ্মীনন্দন দত্তই পকী মিস্ত্ৰীৰ লগত যোগালি কাম কৰি পৰিয়ালটো পোহপাল দিয়ে। সেই সময়তে তদানীন্তন স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিউজ লাইভত এটা পোনপটীয়া অনুষ্ঠানৰ ব্যৱস্থা কৰে। অনুষ্ঠান পৰিচালনা কৰিছিল নিউজ লাইভৰ মুখ্য পৰিচালনা সম্পাদক চৈয়দ জাৰিৰ হুছেইনে। সেই অনুষ্ঠানত এই পৰিয়ালটোৰ পোনপটীয়া যোগাযোগ হয় যোৰহাটৰ পৰা। ইয়াৰ লগে লগে তদানীন্তন স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে আৰু পাছদিনাই কণমানিসহ পৰিয়ালটোক বেংগালোৰলৈ নিয়াৰ ব্যৱস্থা কৰে। তাত পৰিয়ালটো তিনি মাহ থাকে সম্পূৰ্ণ চৰকাৰী খৰচত আৰু দুটাকৈ জটিল অস্ত্ৰোপচাৰ হয় কণমানিজনীৰ। এতিয়া সম্পূৰ্ণ সুস্থ তাই। দ্বিতীয় শ্ৰেণীত অধ্যয়ন কৰি আছে তাই। আজি হঠাৎ পৰিয়ালটোক লগ পাওঁতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু নিউজ লাইভ পৰিয়ালক জনালে কৃতজ্ঞতা। আজি তেওঁলোকৰ চকুত নাই চকুপানী, আছে কৃতজ্ঞতাৰ হাঁহি।
প্ৰেৰক প্ৰদীপ বৰা